ETV Bharat / state

অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ সাময়িক বিৰতি, চুমী বৰাৰ জামিন লাভ - ONLINE TRADING SCAM

মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত চুমী বৰাৰ । এবছৰৰ পাছত হয়তো বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা ওলাব চুমী বৰা ।

Sumi Bora, arrested in online trading scam, has get bail
চুমী বৰাৰ জামিন লাভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 8:37 PM IST

3 Min Read

গুৱাহাটী: ৰাজ্য কঁপোৱা বিয়োগোম অনলাইন ট্ৰেডিং কেলেংকাৰীত গ্ৰেপ্তাৰ হৈ বিগত এবছৰ ধৰি জে'লত থকা চুমী বৰাৰ অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল । বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ পিছত চুমী বৰাই বুধবাৰে জামিন লাভ কৰে । দুলীয়াজান আৰক্ষী থানাৰ গোচৰত জামিন লাভ কৰে চুমী বৰাই । ইতিমধ্যে ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ 85/2024 নম্বৰৰ গোচৰত আৰু ডিব্ৰুগড় আৰক্ষী থানাৰ গোচৰত জামিন পাইছিল চুমী বৰাই ।‌

কিন্তু দুলীয়াজান আৰক্ষী থানাৰ গোচৰত চুমী বৰাই জামিন লাভ নকৰাৰ বাবে কাৰাগাৰতে আছিল । কাইলৈ অৰ্থা বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা চুমী বৰাৰ । অভিযুক্ত পক্ষৰ অধিবক্তা আনন্দ কুমাৰ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনামা ওলোৱাত বিলম্ব হোৱাৰ বাবে বুধবাৰে চুমী বৰা মুকলি আকাশৰ তলত ওলাব নোৱাৰিব বুলি উল্লেখ কৰে ।

চুমী বৰাৰ জামিন লাভ (ETV Bharat Assam)

উল্লেখ্য যে ২০২৪ ত ৰাজ্য কঁপোৱা বিয়োগোম ট্ৰেডিং কেলেংকাৰীত যোৱা ২ ছেপ্টেম্বৰত বিশাল ফুকনক ডিব্ৰুগড়ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই চুমী বৰাৰ নাম বিশালৰ ব্যৱসায়ত সাঙোৰ খায় পৰিছিল আৰু তাৰ পাছতে চুমী বৰা আৰু স্বামী তাৰ্কিক বৰাই আত্মগোপন কৰিছিল । পিছত নাটকীয়ভাৱে চুমী বৰা আৰক্ষীৰ হাতত ধৰা দিছিল ।

‌চুমী বৰাৰ জামিন সন্দৰ্ভত অধিবক্তা আনন্দ কুমাৰ ভূঞাই কয়, "চুমি বৰাৰ বিৰুদ্ধে তিনিটা গোচৰ আছিল । ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ গোচৰ, বৰবৰুৱা আৰক্ষী থানৰ গোচৰ আৰু দুলীয়াজানৰ আৰক্ষী গোচৰ । ডিব্ৰুগড় গোচৰ চি বি আইৰ অধীনত আছিল । এই গোচৰটো বৰাই ইতিমধ্যে জামিন পালে । বৰবৰুৱা আৰক্ষী গোৰটোত চুমী বৰাই জামিন পাইছিল । আজি দুলীয়াজানৰ গোচৰটোত আজি জামিন পালে । ২১ জন সাক্ষীত চুমী বৰাৰ কথা কোৱা নাই ।"

তেওঁ লগতে কয়,"তিনিটা গোচৰৰ কোনো মেৰিট নাই । তেওঁৰ কোনো অনলাইন ট্ৰেডিং কেলেংকাৰীৰ সম্পৰ্ক নাই । সাক্ষীসকলে এয়া আদালতত প্ৰমাণ দিব পৰা নাই । গোচৰটো আদালতত চলি থাকিব । কিন্তু গোচৰটোৰ পৰা চুমী মুক্ত হ'ব । ২১ টা সাক্ষীৰ ভিতৰত এজনেও চুমী বৰাৰ কোনো নাম নল'লে । মাত্ৰ এজন সাক্ষীয়ে চুমী বৰাক চিনি পাও বুলি আদালতত সাক্ষী দিছে । এইখিনি প্ৰমাণ চুমী বৰাক দোষী সাব্যস্ত কৰাৰ বাবে পৰ্যাপ্ত নহয় ।"

লগতে পঢ়ক: মুকলি আকাশৰ তললৈ আহিব বিশাল-তাৰ্কিক, চুমীৰ কি হ'ব ? - ONLINE TRADING SCAM

শুনানিৰ পিছত শুনানি: বিশাল-চুমী-তাৰ্কিকৰ জামিন কেতিয়া ? - ONLINE TRADING SCAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.