পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে সংগোপনে নিলে এনএইচপিচিৰ যন্ত্রাংশ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আছু, কৃষক মুক্তিৰ লগতে ৰাজনাথ সিঙেও কৰিছিল প্ৰতিবাদ । পিচত এই আন্দোলন হৈছিল স্তিমিত ।

Published : May 2, 2025 at 8:26 PM IST
লখিমপুৰ : ৰাজ্য়ত আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতেই এটা দশকে আৱদ্ধ হৈ থকা সামগ্রী নিলে এনএইচপিচিলৈ । বিগত ২০১১ চনৰ পৰা লখিমপুৰ নগৰৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৱদ্ধ হৈ আছিল এনএইচপিচিৰ টাৰ্বাইনৰ যন্ত্রাংশ ।
খেলপথাৰখনৰ এচুকত এটা দশকৰো অধিক সময় পৰি থকা এই যন্ত্রাংশ শুকুৰবাৰে বিয়লি এখন ট্ৰাকেৰে লৈ যোৱা হয় । পঞ্চায়ত নিৰ্বাচনত বিশেষকৈ গ্ৰামাঞ্চলত সকলো ব্যস্ত থকাৰ সময়ত এই যন্ত্রাংশ লৈ যোৱা হয় ।
উল্লেখ্য যে নিৰ্মাণৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে বিশেষকৈ লখিমপুৰত প্ৰৱল প্ৰতিবাদ সাব্যস্ত হৈছিল । আছু, কৃষক মুক্তিকে ধৰি শতাধিক সংগঠন তথা ৰাইজে এই প্ৰকল্প বন্ধ কৰাৰ দাবীত তীব্র আন্দোলন কৰিছিল । আন্দোলনৰ প্ৰকোপত লখিমপুৰত অগ্নিগর্ভা পৰিস্থিতি সৃষ্টি হৈছিল ।
এনে তীব্র আন্দোলনৰ ফলত ২০১১ চনত এনএইচপিচিলৈ কঢ়িয়াই অনা টাৰ্বাইনৰ যন্ত্রাংশ লখিমপুৰত আৱদ্ধ হৈ পৰে । আন্দোলনকাৰীয়ে ট্ৰাকসহ টাৰ্বাইনৰ যন্ত্রাংশ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৱদ্ধ কৰি ৰাখে । তেতিয়াৰ পৰা খেলপথাৰখনৰ এচুকত পৰি থকা ট্ৰাকখন ক্ৰমে জহি খহি গ'ল ।

২০২৪ চনৰ স্বাধীনতা দিৱসৰ দিনা ট্ৰাকখন পুনৰ চৰ্চা লৈ আহিছিল । কিয়নো এইখন ট্ৰাকতে আলফা (স্বাধীন)ই বোমা সংস্থাপন কৰা বুলি প্ৰকাশ কৰিছিল । আৰক্ষীয়ে বোমা বিচাৰি ট্ৰাকখন চলাথ কৰে ।
ৰাজনাথ সিঙেও কৰিছিল প্ৰতিবাদ:
২০১১ ত আন্দোলনৰ প্ৰকোপত তদানীন্তন কংগ্রেছৰ চৰকাৰখনে প্ৰকল্পৰ নিৰ্মাণকাৰ্য সাময়িকভাৱে বন্ধ কৰি ৰাখে । সেই সময়ত ৰাজনাথ সিঙকে ধৰি বিজেপিৰ বহুতো নেতাই প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । পিছে সলনি হল ৰাজনৈতিক প্ৰেক্ষাপট ।
পৰিৱৰ্তীত ৰাজনৈতিক প্ৰেক্ষাপটত তাহানি প্ৰতিবাদ কৰা অধিকাংশই বান্ধসমৰ্থনৰ পক্ষ ল'লে । প্ৰকল্পটোৰ নিৰ্মাণ পুনৰ আৰম্ভ হ'ল । প্ৰতিবাদক কঠোৰভাৱে দমন কৰা হ'ল । সম্প্রতি প্ৰকল্পটোৰ উৎপাদন আৰম্ভ হোৱাৰ দিশত । এনে সময়তে ২০১১ চনতে লখিমপুৰ নগৰত আৱদ্ধ হৈ থকা প্ৰকল্পটোৰ যন্ত্রাংশ লৈ যোৱা হ'ল ।

উল্লেখ্য যে এই যন্ত্রাংশ কঢ়িয়াই অনা বৃহদাকাৰ ট্ৰাকখন ইতিমধ্যে জহিখহি গ'ল । আজি আন এখন ট্ৰাকেৰে টাৰ্বাইনৰ যন্ত্রাংশ লৈ যোৱা হ'ল ।
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ক্ষোভ :
এই লৈ ক্ষোভ প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা মনোজ কলিতাই কয়, "সেই সময়ত ন্যস্তস্বাৰ্থৰ বাবে যে একাংশই আন্দোলন কৰিছিল সেই কথা এতিয়া প্ৰতীয়মান হৈছে । বিভিন্ন দল-সংগঠন তথা ৰাইজে এই প্ৰকল্পটোৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল; কিন্তু কেইজনমান নেতাই আন্দোলনটো হাইজেক কৰি নিজৰ স্বাৰ্থৰ অনুকূলে ব্যবহাৰ কৰিলে । অখিল গগৈয়ে সন্মুখৰ পৰা নেতৃত্ব দিছিল । এতিয়া কিন্তু তেওঁ নিমাত । বিধায়ক হৈ তেওঁ এই ক্ষেত্রত নীৰৱ হ'ল ।"
তেওঁ পুনৰ কয়, "ডাঃ ৰণোজ পেগু, ভুৱন পেগুও ৰাজনৈতিক ক্ষমতা পাই নীৰৱ হ'ল । আমি লাজ পাইছো । আজি এনএইচপিচিলৈ টাৰ্বাইনৰ যন্ত্রাংশ লৈ যোৱাৰ সময়ত কোনো ওলাই নাহিল । এসময়ত বিজেপিয়েও প্ৰতিবাদ কৰিছিল । পাছত সেয়া ভেকোভাওনা হ'ল । আমি কৰা আন্দোলন, প্ৰতিবাদবোৰ অথলে গ'ল । আমি বৰ লাজ পাইছো ।"

উল্লেখ্য যে অৰুণাচল পাহাৰৰ ঠুনুকা অংশত নিৰ্মাণ কৰা দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভবিষ্যতে ভাগি কেৱল লখিমপুৰ, ধেমাজিকে নহয়, বৰং উত্তৰ অসমকে মহাসাগৰত পৰিণত কৰিব বুলি শংকা প্ৰকাশ কৰি এনেদৰে প্ৰতিবাদ হৈছিল ।

সকলোৱে এই জলবোমাটোৰ বিৰোধিতা কৰিছিল যদিও এতিয়া সকলো অথলে গ'ল । যাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা সংগঠনৰ একাংশ নেতৃত্বই এতিয়া তাহানিৰ প্ৰতিবাদকাৰী আৰু পৰৱৰ্তী সময়ত ৰাজনৈতিক নেতাত পৰিণত হোৱা একাংশক তীব্র সমালোচনা কৰিছে ।

