কৃত্ৰিম বুদ্ধিমত্তায়ো যেন যতি পেলাব পৰা নাই গ্ৰন্থাগাৰৰ মাদকতাক
আপুনি গ্ৰন্থাগাৰলৈ যায়নে ? এতিয়াও তেজপুৰ জিলা গ্ৰন্থাগাৰত ভিৰ কৰে ছাত্ৰ-ছাত্ৰীয়ে ।

Published : May 17, 2025 at 11:07 PM IST
তেজপুৰ: বিজ্ঞান প্ৰযুক্তিয়ে মানৱ সমাজক যেন লৈ গৈছে অন্য এখন পৃথিৱীলৈ । হাতৰ মুঠিৰ ম'বাইলটোতে সোমাই আছে যেন সমস্ত পৃথিৱী । কৃত্ৰিম বুদ্ধিমত্তাই যেন ইয়াক লৈ গৈছে আৰু এখোজ আগলৈ । কিন্তু এতিয়াও যেন, এই প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ দিনটো যেন গ্ৰন্থৰ মূল্য অপৰিহাৰ্য ।
গ্ৰন্থ বিষয়ে কোৱাৰ সমান্তৰালভাৱে গ্ৰন্থাগাৰৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ এক সুকীয়া পৰিচয় আছে । বিজ্ঞান প্ৰযুক্তিৰ কাৰিকৰী দিশৰ সমান্তৰালকৈ এটা গ্ৰন্থাগাৰৰ মূল্য অপৰিসীম । যি সময়ত ছাত্ৰ-ছাত্ৰীয়ে বা সাধাৰণ লোকে বিভিন্ন অধ্যয়নৰ বাবে সততে নিজৰ হাতৰ ম'বাইল ফোনৰ জৰিয়তে তাৎক্ষণিকভাৱে সকলো উপলব্ধ হয়, তেনে সময়তে একাংশ ছাত্ৰ-ছাত্ৰীয়ে আজিও পাহৰা নাই গ্ৰন্থাগাৰৰ সম্পৰ্কে ।
ঘৰৰ পৰা আজৰি হৈ আহি দিনৰ ছয় ঘন্টা সময় তেওঁলোকে জিলা গ্ৰন্থাগাৰত অধ্যয়ন কৰে । তেজপুৰ জিলা গ্ৰন্থাগাৰ স্থাপন হৈছিল ১৯৫৬ চনত । জিলাখনৰ বিভিন্ন লোক এই এই গ্ৰন্থাগাৰৰ নিয়মীয়া পাঠক । গ্ৰন্থাগাৰত অসমীয়া ভাষা সাহিত্যৰ সমান্তৰালভাৱে ইংৰাজী সাহিত্য আৰু হিন্দী সাহিত্যৰ গ্ৰন্থ উপলব্ধ ।
বৰ্তমান এই গ্ৰন্থাগাৰত সৰ্বমুঠ ৭৭,৭৩৫ খন গ্ৰন্থ থকাৰ বিপৰীতে ১৭,১১৫ জন নিয়মীয়া পঞ্জীয়নভুক্ত পাঠক আছে । এই লোকসকলে গ্ৰন্থাগাৰৰ পৰা ১৫ দিনৰ বাবে দুখন গ্ৰন্থ অধ্যয়নৰ বাবে ল'ব পাৰে । অধ্যয়নৰত এজন যুৱকৰ মন্তব্য, "আমি ঘৰত যিমান পাৰোঁ পঢ়োঁ, কিন্তু দিনত ঘৰত বিভিন্ন কাৰণত পঢ়াৰ পৰিৱেশ নাথাকে । সেইবাবে গ্ৰন্থাগাৰত পঢ়িবলৈ এক পৰিৱেশ পোৱা যায় । লগতে এজনে আনজনৰ পৰা এক উৎসাহ পোৱা যায় । ঘৰত থাকিলে মোবাইল ফোনৰ জৰিয়তে কিবা নহয় কিবা চোৱা হয় কিন্তু গ্ৰন্থাগাৰত সেইটো নহয় ।"

এগৰাকী যুৱতীয়ে কয়,"গ্ৰন্থাগাৰত এটা পৰিৱেশ সৃষ্টি হয় । ইজনে সিজনৰ লগত আলোচনা কৰিব পৰা যায় । ঘৰত যিটো পৰিৱেশ দিনৰ ভাগত নহয়, লগতে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু অধ্যয়নৰ বাবে আকৰ্ষিত কৰে ।" ১৯৫৬ চনত স্থাপন হোৱা তেজপুৰ জিলা গ্ৰন্থাগাৰৰ অডিটৰিয়াম বিগত প্ৰায় তিনি বছৰ ধৰি বন্ধ হৈ আছে কাৰণ শোণিতপুৰ জিলা প্ৰশাসনে এই অডিটৰিয়ামৰ ভিতৰত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা পুনৰ নিৰ্মাণ কাম কৰি আছে ।
প্ৰায় ৪ কোটি টকাৰ ব্যয় সাপেক্ষে অত্যাধুনিক চকী আৰু শীত-তাপ নিয়ন্ত্ৰিত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও নিৰ্মাণ কাৰ্য অতি লেহেমীয়া গতিৰে হোৱাৰ বাবে জিলাখনত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অসুবিধাৰ সৃষ্টি হৈছে ।

গ্ৰন্থাগাৰৰ কৰ্মচাৰী নগেন দাসে কয়,"আমাৰ গ্ৰন্থাগাৰত সকলো ভাষাৰ গ্ৰন্থ আছে আৰু দৈনিক বিভিন্ন ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰিবলৈ আহে । গ্ৰন্থাগাৰ প্ৰতি সপ্তাহৰ সোমবাৰে বন্ধ থাকে । গ্ৰন্থাগাৰৰ যি অডিটৰিয়াম আছে বিগত ৩ বছৰ ধৰি নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে আৰু এই কাম ঠিকাদাৰৰ দ্বাৰা কৰা হৈছে । মুঠ ৭০০ লোক বহাৰ ব্যৱস্থা থকা এই ঠাইৰ ওপৰত জিলা প্ৰশাসনৰ নিজা পুঁজিৰ এটা আৰ্ট গেলেৰী নিৰ্মাণ কৰা হৈছে আৰু একেলগে ৩০০ লোক বহাৰ সুবিধা ৰখা হৈছে ।"

