ETV Bharat / state

আচলতে কি হৈ আছে ! পঢ়াশালি এৰি স্কুলৰ পোছাকত পথাৰত কি কৰিছে শিক্ষাৰ্থীয়ে ?

এখন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষাগুৰুসকল নিজৰ কাম বাদ দি পথাৰত নামিছে । পিছে কিয় কৰিবলগীয়া হৈছে এই কাম সেয়াহে জানিবলগীয়া কথা ৷

Cinnamara Jatiya Bidyalay
ভূঁই ৰোৱাত ব্যস্ত শিক্ষাৰ্থী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 4:23 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : অসম এখন কৃষি প্ৰধান ৰাজ্য । বৰ্তমান ৰাজ্যৰ কৃষকসকল ব্যস্ত পথাৰত । নিৰন্তৰ কৃষিকৰ্মত জড়িত হৈ পৰিছে কৃষকসকল । কিন্তু ইয়াৰ মাজতে যোৰহাটত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য । পথাৰত কেৱল কৃষকসকলেই নহয় এইবাৰ শিক্ষাৰ্থী আৰু শিক্ষাগুৰুকো দেখা গৈছে । বিদ্যালয়ৰ পোছাক পিন্ধিয়ে পথাৰত নামিছে শিক্ষাৰ্থীসকল । শাৰী পাতি সকলো ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে । পঢ়াশালিৰ দৰে শিক্ষাৰ্থীসকলক শিকাইছে শিক্ষাগুৰুসকলে । অৱশ্যে পাঠ্যক্ৰমৰ বিষয় নহয় ভূঁই ৰোৱাৰ কথাহে শিকাইছে শিক্ষক-শিক্ষয়িত্ৰীসকলে । কিন্তু কিয় এনেদৰে খেতিপথাৰত নামিছে শিক্ষাৰ্থী আৰু শিক্ষাগুৰু ?

আচলতে এই ব্যতিক্ৰমী পদক্ষেপ যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ । শ্ৰেণীকোঠা এৰি স্কুলৰ পোছাকতে খেতিপথাৰত নামিছে শিক্ষাৰ্থীসকল । উল্লেখ্য যে কৃষি অসমৰ অপৰিহাৰ্য অংগ । কৃষিতে লুকাই আছে প্ৰতিগৰাকী অসমীয়াৰ পৰম্পৰা আৰু ঐতিহ্য । কৃষি অবিহনে যেন বৃহৎ অসমীয়া জাতিটো আধৰুৱা ! কিন্তু বৰ্তমানৰ প্ৰজন্মই কৃষিৰ গুৰুত্ব, ঐতিহ্য আৰু পৰম্পৰা ক'ৰবাত যেন পাহৰি পেলাইছে ।

চিনামৰা জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ (ETV Bharat)

সেয়েহে নৱপ্ৰজন্মক কৃষিকাৰ্যৰ বিষয়ে বুজাবলৈ আৰু কৃষিও যে আমাৰ বাবে পেচা হ'ব পাৰে সেই জ্ঞান দিবলৈ যোৰহাটৰ শিক্ষানুষ্ঠানখনে গ্ৰহণ কৰিছে অনন্য প্ৰয়াস । তাৰ অংশ হিচাপে শুকুৰবাৰে চিনামৰা জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠা এৰি স্কুলৰ পোছাকতে পথাৰত ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে । ছাত্র-ছাত্রীসকলক মুখত এমোঁকোৰা হাঁহি আৰু সুৰীয়া বিহু নামেৰে আনন্দ ফূৰ্তিৰে বোকা গচকি গচকি অতি শৃংখলাবদ্ধভাৱে ভূঁই ৰোৱা দেখা গৈছে । তেওঁলোকক এই কামত সহযোগ কৰিছে বিদ্যালয়খনৰে শিক্ষাগুৰুসকলে ।

আনহাতে ন-ভূঁই ৰোৱাত অংশগ্ৰহণ কৰা এগৰাকী ছাত্রীয়ে কয়, "পথাৰত এনেদৰে ভূঁই ৰুই আমাৰ বহুত ভাল লাগিছে । আচলতে আমাৰ ঘৰত খেতি নাই, খেতিয়ে যে আমাক আনন্দ দিয়ে, সেয়া পথাৰতহে অনুভৱ কৰিব পাৰি । আমি চিনামৰা জাতীয় বিদ্যালয়ত খেতি কৰা মাদকতা উপভোগ কৰিবলৈ পাইছো । আমাৰ বিদ্যালয়খনে ভূঁই ৰোৱা, ধান দোৱা আদি পৰ্বসমূহ কৰি আহিছে ।"

আন এগৰাকী ছাত্ৰীয়ে কয়, "আমাৰ অসমীয়া জাতিটো কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে বসবাস কৰে । কৃষিকাৰ্য আমাৰ অতীজৰে পৰম্পৰা আৰু সেই সময়ৰ পৰাই চলি আছে । অতীজৰ পৰম্পৰাৰ লগত খাপ খাবলৈ পাই বহুত আনন্দ লাগিছে ।

আনহাতে এই বিষয়ত শিক্ষানুষ্ঠানখনৰ এগৰাকী শিক্ষাগুৰুৱে কয়, "কৃষি এতিয়া অধিক প্ৰয়োজন হৈ পৰিছে আৰু কৃষি নহ'লেই নহয় । এয়া ঘৰ বা স্কুল বুলি কথা নাই । কিয়নো কৃষিৰ বিষয়ে ছাত্ৰ-ছাত্রীসকলে জানিব লাগে । আমাৰ বিদ্যালয়ে ন-ভূঁই ৰোৱাৰ লগতে ধান দোৱা, সজাল ধৰা, থোক ধৰা আদি সকলো বিষয়ে জানিবলৈ ছাত্র-ছাত্ৰীসকলক ক্ষেত্ৰভিত্তিক অধ্যায়ন কৰাও ।" আচলতে যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ে ছাত্র-ছাত্রীসকলৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সকলোৰে বাবে আদৰ্শ হৈ আহিছে । আনকি বিদালয়খনৰ এনে পদক্ষেপক অসম চৰকাৰেও প্ৰশংসা কৰিছে ।

লগতে পঢ়ক :অসমৰ ক'ত আছে অপৰাধমুক্ত গাঁওখন, য'ত কণী এটাও হোৱা নাই চুৰি ! - NAGAON CRIME FREE VILLAGE