ETV Bharat / state

পঢ়াৰ খৰচ উলিয়াবলৈ গৈয়েই বাঢ়নি পানীৰ সোঁতত হেৰাই গ'ল সুমন - ASSAM FLOOD 2025

উচ্চতৰ মাধ্য়মিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল ছাত্ৰজন । জিঅ' বেগত পলস ভৰোৱা কাম কৰিবলৈ গৈছিল ।

Tinsukia Student Missing
এছ ডি আৰ এফে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই সুমনক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 6:23 PM IST

3 Min Read

তিনিচুকীয়া: বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত চৌদিশে নদ-নদী ফেনে-ফোটোকাৰে বাঢ়ি উঠিছে ৷ চকুৰ সন্মুখতে উটুৱাই নিছে বহুতৰে সপোনৰ ঘৰ । তাৰ মাজতে তিনিচুকীয়া জিলাৰ ডুমডুমা কৰ্দৈগুৰিত ডাঙৰী নদীৰ বাঢ়নী পানীত সন্ধানহীন হ'ল এজন ছাত্ৰ ।

শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন । ৩ নং কৰ্দৈগুৰিৰ চেকবান্ধত কাম কৰিবলৈ গৈছিল সুমন মৰাণ নামৰ ছাত্ৰজন । তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছে সুমন । ছাত্ৰজনৰ ঘৰ ১ নং কৰ্দৈগুৰিৰ ভতিয়ামখাল গাঁৱত । পিতৃহাৰা সুমনে সদ্যঘোষিত উচ্চতৰ মাধ্য়মিক পৰীক্ষাত কৰ্দৈগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা দুটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল ।

ডুমডুমাত বাঢ়নি পানীৰ সোঁতে উটুৱাই নিলে ছাত্ৰক (ETV Bharat Assam)

পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে নদীৰ চেকবান্ধত জিঅ'বেগত পলস ভৰোৱা কাম কৰিবলৈ গৈছিল সুমনে । বাঢ়নী পানীৰ ভয়াৱহ ৰূপ দেখি কাম নোহোৱাত ঘৰলৈ উভতি অহাৰ সময়ত সুমনে এখন সৰু নৈ পাৰ হওঁতে সোঁতত উটি যোৱাৰ সন্দেহ কৰিছে গাঁওবাসীয়ে ৷ সুমনৰ সন্ধানত কালিৰে পৰাই এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আছে যদিও বাতৰি লিখা পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই ।

এই সন্দৰ্ভত অসম মৰাণ সভাৰ সম্পাদক বিতুপন মৰাণে কয়, “মেধাৱী ছাত্ৰ সুমন মৰাণে এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত দুটাকৈ বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল; কিন্তু দুৰ্ভাগ্যজনক যে কালিৰে পৰা এইপৰ্যন্ত ডাঙৰী নদীৰ এই হোলাটোতেই তেওঁ নিখোজ হৈ আছে । তেওঁ নদীত চেকবান্ধ নিৰ্মাণত কাম কৰিছিল । তেওঁৰ যিহেতু পিতৃ নাই গতিকে ঘৰৰ তথৈবচ অৱস্থা, আৰ্থিকভাৱে তেওঁ অতি দুৰ্বল । তেওঁ পঢ়াশুনাৰ খৰচ নিজেই উলিয়াইছিল । কাম কৰি ঘৰলৈ উভতি যাঁওতেই এই নলাটোতেই নিখোঁজ হৈছে ।"

চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ পুনৰ কয়, "চৰকাৰক আমি এই কথাটো বাৰম্বাৰ কৈ আহিছো যে কৰ্দৈগুৰি অঞ্চলৰ বান আৰু খহনীয়া সমস্যাটো ভয়াৱহ । ইয়াৰ ফলত জনতা শংকিত হৈ আছে, প্ৰাণ হেৰুৱাইছে, সম্পত্তি হেৰুৱাইছে, ঘৰবাৰী হেৰুৱাইছে, ২০ খনকৈ ৰাজহ গাঁও হেৰুৱাইছে ৷ কিন্তু অসমত এগৰাকী দক্ষ মুখ্যমন্ত্ৰী থকাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই । এগৰাকী বিভাগীয় মন্ত্ৰী থকাৰ পাছতে কনা হাঁহক পতান ছটিয়াই দিয়াৰ দৰে কাম কৰি আহিছে ৷ কাম আৰম্ভ কৰে বাৰিষাত, যি কাৰণে সফল নহয় । গতিকে আমি অনুৰোধ জনাইছো যাতে ভৱিষ্যতে এইদৰে আৰু কৰুণ ঘটনা সংঘটিত নহয় । সুমন মৰাণৰ দৰে যাতে মেধাবী ছাত্ৰ হেৰুৱাব লগা নহয় তাৰ ব্যৱস্থা কৰিব লাগিব । সুমন মৰাণক বিচাৰি যিদৰে উদ্ধাৰ অভিযান চলাব লগা হৈছে সেয়াও যথোপযুক্ত নহয় ৷ গতিকে অতি সোনকালে চৰকাৰে যথোপযুক্ত ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰাৰ লগতে বান আৰু গঢ়াখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ।”

লগতে পঢ়ক:ক'ত অন্তৰ্ধান হৈছে এজনৰ পাছত আন এজন ছাত্ৰ ? - STUDENT MISSING

এজন কলেজীয়া ছাত্ৰৰ দুটা মেছেজে কান্দোনৰ ৰোল তুলিছে এটা পৰিয়ালত - DIBRUGARH STUDENT MISSING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.