মহানগৰীৰ অভিজাত বিদ্যালয়ত সহপাঠীৰ আক্ৰমণত আহত শিক্ষাৰ্থী - Crime in School
SBOA Public School: মহানগৰীৰ ব্যক্তিগত খণ্ডৰ অভিজাত বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা । সহপাঠীৰ আক্ৰমণত আহত ছাত্ৰ । ঘটনাক লৈ সৰৱ অভিভাৱক । সমগ্ৰ ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ বিদ্যালয় কৰ্তৃপক্ষৰ ।

Published : August 3, 2024 at 7:47 PM IST
গুৱাহাটী,৩ আগষ্ট: মহানগৰীৰ ব্যক্তিগত খণ্ডৰ অভিজাত বিদ্যালয়ত ভয়ংকৰ ঘটনা । সহপাঠীৰ আক্ৰমণত তেজেৰে ৰাঙলী হ’ল বিদ্যালয়ৰ শ্ৰেণীকোঠা । ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে অভিজাত বিদ্যালয়ত এজন ছাত্ৰই একেটা শ্ৰেণীৰে ৫ জনকৈ ছাত্ৰক ভঙা কাঁচৰ বটলেৰে আক্ৰমণ কৰে । এফালৰ পৰা ছাত্ৰকেইজনক ভঙা বটলেৰে আক্ৰমণ কৰে ছাত্ৰজনে ।
ভঙা কাঁচৰ বটলেৰে সহপাঠীক আক্ৰমণ:
হাতত ভঙা কাঁচৰ বটল লৈ খেদি খেদি আক্ৰমণ কৰে সহপাঠীক । এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰকেইজন । লগে লগে ছাত্ৰকেইজনক ভৰ্তি কৰোৱা হয় হাস্পতালত । ঘটনাক কেন্দ্ৰ কৰি অভিভাৱকসকলৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ । সমগ্ৰ ঘটনাক প্ৰথমে যদিও বিদ্যালয়খনে গাপ দিয়াৰ চেষ্টা কৰিছিল পিচত শনিবাৰে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিচতে বিদ্যালয়খনৰ অধ্যক্ষই স্পষ্টীকৰণ আগবঢ়ায় ।
বিদ্যালয় কৰ্তৃপক্ষৰ স্পষ্টীকৰণ:
অধ্যক্ষগৰাকীয়ে কয়, "আঘাতপ্ৰাপ্ত ছাত্ৰকেইজন ষষ্ঠ শ্ৰেণীৰ আছিল । শুকুৰবাৰে এটা প্ৰজেক্টৰ কামত বটল পৰি ভাঙিছিল । সেই ভঙা টুকুৰাৰে ছাত্ৰজনে আঁচুৰিছিল ৫ সতীৰ্থক । আমি ঘটনাটো গম পোৱাৰ পাচতে আঘাতপ্ৰাপ্ত ছাত্ৰকেইজনক নাৰ্ছে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে । তাৰ পাচতে যিজন ছাত্ৰই এই ঘটনা সংঘটিত কৰিছিল তেওঁ তথা তেওঁৰ অভিভাৱকক মাতি আনি তেওঁৰ ব্যৱহাৰ সলনি কৰিবৰ বাবে ১৫ দিনৰ এটা কাউঞ্চেলিঙৰ ব্যৱস্থা কৰা হৈছে ।"
আঘাতপ্ৰাপ্ত ছাত্ৰকেইজনৰ অৱস্থা সংকটজনক নহয় বুলিও জনাই বিদ্যালয় কৰ্তৃপক্ষই । সেয়া যিয়ে নহওক কিয় মহানগৰীৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত এনে ঘটনাই অভিভাৱকসকলৰ মনত কিছু সংশয়ৰো সৃষ্টি কৰিছে ।

