সত্ৰপীঠ মাজুলীত ছাত্ৰীক বিদ্য়ালয়ৰ পৰা উলিয়াই দিয়াৰ অভিযোগ
জ্য়েষ্ঠ ভগ্নীয়ে আন বিদ্যালয়ত পঢ়িবলৈ যোৱা বাবেই কনিষ্ঠ ভগ্নীক স্কুলৰ পৰা খেদি দিলে ! কোন সঁচা কোন মিছা ?

Published : April 23, 2025 at 1:21 PM IST
মাজুলী: সত্ৰপীঠ মাজুলীৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা । জ্য়েষ্ঠ ভগ্নীয়ে সদৰৰ বিদ্যালয়ত পঢ়িবলৈ যোৱা বাবেই কনিষ্ঠ ভগ্নীক গাঁৱৰ বিদ্যালয়ৰ পৰা খেদি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীৰ অভিভাৱকে । কেৱল সেয়াই নহয়, জ্য়েষ্ঠ ভগ্নীয়ে আন এখন বিদ্য়ালয়ত নাম ভৰ্তি কৰোৱা বাবে কনিষ্ঠ ভগ্নীক শিক্ষয়িত্ৰীয়ে দিলে অভিশাপ । এই ঘটনাক লৈ এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।
মাজুলীৰ শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনাটো ৷ বিদ্যালয়ৰ নীতি অনুসৰি দুই ভগ্নীক শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছিল । কিন্তু কেইদিনমান পূৰ্বে এইখন বিদ্যালয়ৰ পৰা জ্য়েষ্ঠ ভগ্নীক অভিভাৱকে সদৰৰ আন এখন বিদ্যালয়লৈ নিয়ে । সেই কথা জানিয়ে বিদ্যালয় প্ৰধানে আনগৰাকী ছাত্ৰীক বিদ্যালয়খনৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উঠিছে । শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত দিয়া কিতাপ এইগৰাকী ছাত্ৰীৰ পৰা ওভতাই লোৱাৰ অভিযোগো উঠিছে ।
এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়, "এইগৰাকী আমাৰ গাঁৱৰেই ছাত্ৰী আছিল । এই ছাত্ৰীগৰাকীয়ে পীতাম্বৰ দেৱগোস্বামী বিদ্য়ালয়ত ছীট পোৱাত তাত নামভৰ্তি কৰে । আনগৰাকীয়ে তাত ছীট নাপালে । অভিভাৱকে বিদ্য়ালয়ৰ পৰা চাৰ্টিফিকেট আনিবলৈ যোৱাৰ সময়ত বিদ্য়ালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে কয় যে এগৰাকীক নিলে আনগৰাকীকো নিব লাগিব । তেওঁলোকে ছাত্ৰীগৰাকীক বিদ্য়ালয়ৰ পৰা উলিয়াই দিয়াৰ লগতে কিতাপ-পত্ৰ ৰাখি থয় ।"
ইয়াৰ বিপৰীতে বিদ্য়ালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ছাত্ৰীগৰাকীৰ অভিভাৱকেহে নাটক কৰা বুলি অভিযোগ উত্থাপন কৰিছে । তেওঁ কয়, "যিটো অভিযোগ উঠিছে সেইটো তেনেকুৱা নহয় । দুয়ো ভগ্নীয়ে কেইদিনমান পূৰ্বে আমাৰ ইয়াত নামভৰ্তি কৰিছিল । শিক্ষাসেতু এপত তেওঁলোকৰ নাম ইতিমধ্য়ে অন্তৰ্ভুক্ত হৈছে । ৭ এপ্ৰিললৈকে দুয়োগৰাকীয়ে আমাৰ ইয়াত ক্লাছ কৰি আছিল । হঠাতে তেওঁলোকে আহি এজনীয়ে আন স্কুলত ছীট পোৱা বুলি কয় । বিহুৰ বাবে এই কেইদিন বিদ্য়ালয় বন্ধ আছিল । আমি কৈছো যে শিক্ষাসেতু এপৰ পৰা নামটো কাটিবলৈ কেইদিনমান সময় লাগে ।"

