অম্বুবাচী মহাযোগলৈ অহাৰ পৰিকল্পনা কৰিছে নেকি; অম্বুবাচী লৈ অহাৰ পূৰ্বে জানি লওক এই নিয়ম
অম্বুবাচী মহাযোগৰ বাবে সমগ্ৰ ভাৰত আৰু বিদেশৰ লাখ লাখ ভক্তক আদৰণি জনোৱাৰ বাবে কামাখ্যা মন্দিৰত প্ৰস্তুতি পূৰ্ণগতিত চলিছে ।

Published : June 18, 2025 at 10:12 PM IST
গুৱাহাটী : অম্বুবাচী মহাযোগলৈ মাজত মাথো চাৰিদিন । ২২-২৬ জুনলৈ অনুষ্ঠিত হ'ব অম্বুবাচী মহাযোগ । দেশী-বিদেশী ভক্ত, সাধু-সন্ন্যাসীৰে ভৰি পৰিছে নীলাচলৰ বুকু । অম্বুবাচী মহাযোগক কেন্দ্ৰ কৰি উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকু ৷
কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ প্ৰস্তুতি তুংগত উঠিছে । অম্বুবাচীত ভক্ত, তীৰ্থযাত্ৰীক আদৰিবলৈ সাজু হৈছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষ তথা চৰকাৰ-প্ৰশাসন ৷ এইবেলি অম্বুবাচী মহাযোগক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসন, গুৱাহাটী আৰক্ষী আয়ুক্ত আৰু কামাখ্যা দেৱালয় কৰ্তৃপক্ষই যুটীয়াভাৱে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ।

- দর্শনার্থীসকলৰ বাবে ২২ জুনৰ পৰা ২৫ জুন লৈ পুৱা ৫ বজাৰ পৰা বিয়লি ৬ বজালৈকেহে নীলাচল পাহাৰলৈ যোৱাৰ অনুমতি থাকিব
- ২২ জুনৰ পৰা ২৭ জুন লৈ ভি আই পি দৰ্শনৰ কোনো প্রৱেশ পত্র নাথাকিব
- অম্বুবাচী মহাযোগৰ সময়ত যিকোনো বাদ্যযন্ত্র, ছাউণ্ড চিষ্টেম আৰু শোভাযাত্রা সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে
- পাণ্ডু পোৰ্টৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো বন্ধ থাকিব
- ভক্তসকলক কামাখ্যা মন্দিৰলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ঐতিহাসিক মেখেলা উজুৱা পথ (বিশ্বকর্মা মন্দিৰৰ কাষত) ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে
- নীলাচল পাহাৰৰ প্ৰৱেশ পথত জোতা-চেন্দেলৰ প্ৰৱেশ নিষিদ্ধ
অহা ২২ জুনৰ পৰা নীলাচলৰ বুকুত কামাখ্যা মন্দিৰত আৰম্ভ হ'ব অম্বুবাচীৰ মহাযোগ । ২২ জুনৰ দুপৰীয়া ২.৫৬ বজাত প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ দুৱাৰ বন্ধ হ'ব । ২৩, ২৪ আৰু ২৫ জুন বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মুখ্য দুবাৰ । অহা ২৬ জুনত পুৱা নিবৃত্তিৰ পিছতেই ভক্তৰ বাবে মুকলি কৰা হ'ব মা কামাখ্যাৰ দুৱাৰ ।
লগতে পঢ়ক : ২২ জুনৰ দুপৰীয়া ২.৫৬ বজাত প্ৰবৃত্তি, আধ্যাত্মিকতাৰ মাজত আৰম্ভ হ'ব অম্বুবাচীৰ মহাযোগ

