ETV Bharat / state

নাৰী তুমি অনন্যা : মিস্ত্ৰীৰ কাম কৰি দুই মহিলা ফুটবল খেলুৱৈয়ে কঢ়িয়াইছে জীৱনৰ গধূৰ মোনা

দুগৰাকী মহিলা ফুটবল খেলুৱৈয়ে কাঠমিস্ত্ৰী কৰি দেখুৱাইছে আদৰ্শ ৷ নাৰীহৈও কাঠমিস্ত্ৰী কৰি চলাই গৈছে জীৱন সংগ্ৰাম ৷

Life struggle of two friends
বালাম্বীনা হনুমান আৰু নিশিয়া তপ্প (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 2:01 PM IST

5 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : আজি আন্তৰ্জাতিক নাৰী দিৱস । নাৰীক শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰাৰ বাবে প্ৰতিবছৰে 8 মাৰ্চ তাৰিখে উদযাপন কৰা হয় আন্তজাৰ্তিক নাৰী দিৱস । সমাজৰ বাবে অতীজৰ পৰাই নাৰীসকলে কৰি অহা ত্যাগ আৰু অৱদানক প্ৰতিজনেই সন্মান জনাই আহিছে ৷

ইয়াৰ মাজতো বহু লিখিত আৰু অলিখিত কাহিনীয়ে যুগ যুগ ধৰি সমাজক উদ্ধুদ্ধ কৰি আহিছে । তেনে সময়তে মৰাণৰ দুই যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে সকলোকে সাহস আৰু অনুপ্ৰেৰণা দিছে । মৰাণৰ খুমটাই বামলাইনৰ বালাম্বীনা হনুমান আৰু নিশিয়া তপ্প নামৰ যুৱতী দুগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ।

বালাম্বীনা হনুমান আৰু নিশিয়া তপ্প (ETV Bharat Assam)

দিন হাজিৰা নকৰিলে চৌকা নজলে তেওঁলোকৰ । সৰুৰে পৰা পঢ়াৰ সমান্তৰালভাৱে খেলৰ প্ৰতি আছিল বিশেষ আগ্ৰহ । দৰিদ্ৰতাৰ বাবে দুইগৰাকীয়ে মেট্ৰিকৰ দেওনা পাৰ নৌহওঁতেই এৰিব লগা হ'ল বিদ্যালয় ।

ইয়াৰে বালাম্বীনা হনুমান নামৰ যুৱতীগৰাকীয়ে ফুটবল খেলৰ বাবে থকা আগ্ৰহৰ বাবেই খেলৰ অনুশীলন এৰা নাছিল । চাহ বাগিচাৰ লগতে পথ নিৰ্মাণৰ কৰা, আনৰ ঘৰত বিভিন্ন কাম কৰা আদি সমূহ পৰিয়ালৰ তাগিদাত কৰাৰ পাছতো ফুটবল খেলিবলৈ উলিয়াইছিল অলপ সময় ।

Life struggle of two friends
দুগৰাকী মহিলা ফুটবল খেলুৱৈয়ে কাঠমিস্ত্ৰী কৰি দেখুৱাইছে আদৰ্শ (ETV Bharat Assam)

2003 চনৰ পৰা জিলা পৰ্যায়ত ফুটবল খেল খেলিবলৈ সুবিধা লাভ কৰি আজি হ'লগৈ ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেলুৱৈ । তেওঁ অসম দলৰ হৈ বহুবাৰ বিভিন্ন ৰাজ্যত ফুটবল খেলি সুনাম অৰ্জন কৰি আহিছে । ইতিমধ্যে গোৱা, ইটানগৰ, কলকাতা আদিত অসম দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে বালাম্বীনা হনুমানে ।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন ফুটবল ক্লাৱৰ সৈতে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেওঁ । অহা মে’ মাহত কাশ্মীৰত অনুষ্ঠিত হ'ব লগা মাষ্টাৰ এথলেটিক্স প্ৰতিযোগিতাৰ ভেটাৰ্ন ফুটবল প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰিবলৈ যাব বালাম্বীনা হনুমানে ।

Life struggle of two friends
দুই বান্ধৱীয়ে দেখুৱাইছে সাহস আৰু উদ্যমীতা (ETV Bharat Assam)
  • দুগৰাকী মহিলা ফুটবল খেলুৱৈয়ে কাঠমিস্ত্ৰী কৰি দেখুৱাইছে আদৰ্শ :

শৈশৱৰ পৰা একেলগে খেল ধেমালি কৰি ডাঙৰ হোৱা বালাম্বীনা হনুমান আৰু নিশিয়া তপ্পই আজিও সমাজৰ বাবে দেখুৱাইছে আদৰ্শ । বালাম্বীনা হনুমানে যে কেৱল ফুটবল খেলুৱৈয়ে তেনে নহয়, তেওঁৰ বান্ধৱী নিশিয়া তপ্পই ফুটবল খেলিছিল জিলা পৰ্যায়লৈকে । কিন্তু পৰিয়ালৰ দায়িত্ব পালন কৰিব লগা হোৱা খেলৰ বাবে দিব নোৱাৰা হ'ল সময় ।

এতিয়া দুইগৰাকী বান্ধৱীয়ে চাইকেলত কাঠৰ কাম কৰা সঁজুলি লৈ কাঠমিস্ত্ৰী কৰিবলৈ ওলাই যায় । দৰিদ্ৰ হোৱা বাবেই যুৱতী দুগৰাকীয়ে নিজৰ কৰ্মসূচী বাচি লৈছে । প্ৰয়োজনীয় চকী-মেজ, বিচনা, আলনা আদি পুৰুষ কাঠমিস্ত্ৰীয়ে বনোৱাৰ দৰেই বনাই দিব পাৰে দুইগৰাকী যুৱতীয়ে । কেৱল ইমানেই নহয় কাঠমিস্ত্ৰী কৰাৰ সুবিধা নাপালে পকামিস্ত্ৰী কাম কৰিও জীৱন জীৱিকা চলাই গৈছে তেওঁলোকে ।

Life struggle of two friends
মৰাণৰ দুই বান্ধৱীয়ে দেখুৱাইছে সাহস আৰু উদ্যমীতা (ETV Bharat Assam)

পুৰুষৰ সমানেই পকামিস্ত্ৰীক কামো কৰিব পাৰে তেওঁলোকে । গাঁৱৰ বহুলোকৰ ঘৰত তেওঁলোকে এই কাম কৰি উপাৰ্জন কৰিছে । মুঠৰ ওপৰত থমকি ৰোৱা নাই বালাম্বীনা হনুমান আৰু নিশিয়া তপ্পই । পুৰুষৰ দৰে যে মহিলাই কাম কৰিব পাৰে সেই কথা নিজৰ কৰ্মৰ দ্বাৰা দেখুৱাই দিছে দুইগৰাকী যুৱতীয়ে । নাৰী হৈও পুৰুষৰ সমানেই খোজ মিলাই কৰ্ম কৰি যোৱা এই যুৱতী দুগৰাকী বহুতৰ বাবে আদৰ্শ হৈ পৰিছে ।

  • কঠোৰ জীৱন সংগ্ৰামৰ মাজৰে খেলপথাৰত অব্যাহত আছে দুভৰিৰ যাদু :

বহুতৰ বাবে আদৰ্শ হৈ পৰা বালাম্বীনা হনুমানে কয়, "মই সৰুৰে পৰা ফুটবল খেলি আহিছো । 2003 চনত প্ৰথম আন্তঃজিলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো । আজি পৰ্যন্ত চাৰি-পাঁচবাৰ অসম দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছো যদিও আজিও খেলা অব্যাহত ৰাখিছো । খেলাৰ মাজতে আমি দুই বান্ধৱীয়ে পৰিয়াল চলাবলৈ কাঠৰ কাম কৰি পৰিয়াল চলাইছো । চকী-মেজ, বিচনা, আলনাৰ লগতে প্ৰয়োজনীয় যি অৰ্ডাৰ লাভ কৰো বনাই দিওঁ ।’’

Life struggle of two friends
মহিলা ফুটবল খেলুৱৈ (ETV Bharat Assam)

কঠোৰ জীৱন সংগ্ৰামৰ মাজৰে খেলপথাৰত দুভৰিৰ যাদু দেখুৱাই বালাম্বীনা হনুমানে কয়, ‘‘ৰাজ্যিক পৰ্যায়ত খেলাৰ পাছতো কিন্তু চৰকাৰৰ পৰা কোনো ধৰণৰ সহযোগীতা লাভ কৰা নাই ।’’

  • কাঠ মিস্ত্ৰীৰ কাম প্ৰথম কষ্টকৰ আছিল যদিও এতিয়া হৈ পৰিল সহজ :

নিশিয়া তপ্প নামৰ কঠোৰ শ্ৰম কৰিব পৰা যুৱতীগৰাকীয়ে ফুটবল খেলিছিল জিলা পৰ্যায়লৈকে । কিন্তু পৰিয়ালৰ দায়িত্ব পালন কৰিব লগা হোৱাত খেলৰ বাবে সময় দিব নোৱাৰাত এতিয়া পুৱাই বিভিন্নজনৰ ঘৰত নিজৰ বান্ধবীৰ লগত চাইকেলেৰে গৈ কাঠমিস্ত্ৰী কাম কৰা নিশিয়া তপ্পই কয়, "আমি ৯ বছৰৰ পৰা আমি কাঠৰ কাম কৰি পৰিয়াল চলাই আছো । কাঠমিস্ত্ৰীৰ বাবে নিজৰ সকলো সঁজুলি নাই যদিও আনৰ পৰা আনি হ'লেও ৰাইজৰ পৰা যি অৰ্ডাৰ লাভ কৰো তাক বনাই দিওঁ । চকী-মেজ, বিচনা, আলনা দৰ্জা খিৰকী বনাই আহিছো ।’’

Life struggle of two friends
মহিলা ফুটবল খেলুৱৈ (ETV Bharat Assam)

‘‘আগতে ফুটবল খেলিছিলো যদিও ঘৰৰ অসুবিধাৰ বাবে এৰি দিব লগা হ'ল । কাঠৰ কাম নাথাকিলে পকা মিস্ত্ৰী, চাহপাত চিঙা কাম কৰো । কাঠৰ কাম কৰাটো প্ৰথম কষ্টকৰ আছিল যদিও কৰি অভ্যাস হোৱাত সকলো সহজ হৈ পৰিল ।’’ তপ্পই কয় ৷

লগতে পঢ়ক : গৃহিণীৰ পৰা দক্ষ শিপিনীলৈ; গ্ৰামাঞ্চলৰ মহিলাৰ জীৱনৰ পট পৰিৱৰ্তনৰ এক ইতিবাচক কাহিনী

লগতে পঢ়ক : কাঠফুলাৰ খেতিৰে স্বাৱলম্বী এগৰাকী নাৰীৰ কথাৰে...