ETV Bharat / state

অলৌকিক সংযোগ... ! ১২ বছৰ আগতে ফটো তোলা ঠাইতে অন্তিম শয়ন ! আঁৰৰ কাহিনী...

এক কাকতালীয় ঘটনাই এতিয়া ৰাজ্যজুৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷ ফটোখনৰ মুহূৰ্তটো আবদ্ধ কৰিছিল ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ছামচুল হুদা পাটগিৰিয়ে ৷

Story of the widely talked Zubeen's photo with a monolith
১২ বছৰ আগতে ফটো তোলা ঠাইতে অন্তিম শয়ন (ETV Bharat and FB)
author img

By ETV Bharat Assamese Team

Published : September 23, 2025 at 5:15 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ''এইজনেই মই সেই জুবিন, this is me.'' - এই ফটোখন দেখি তেতিয়া কৈ উঠিছিল জুবিন গাৰ্গে । ৰাজ্যজুৰি চৰ্চাৰ শীৰ্ষত জুবিন গাৰ্গৰ এই ফটোখন ৷ সামাজিক মাধ্যমত বিয়পি পৰিছে এই ফটোখন ।

জুবিন গাৰ্গে ১২ বছৰৰ আগতে উজনি অসমত অনুষ্ঠান কৰি উভতি আহোতে সোণাপুৰত একাপ চাহৰ বাবে ৰোৱাৰ সময়ত কাষৰে এখন ৰবৰ বাগিচাত এই ফটোখন তোলা হৈছিল ৷ তাৰ সমীপৰ ভূমিতেই আজি চিৰদিনৰ বাবে জিৰণি ল’লে জুবিন গাৰ্গে ৷

ফটোখন তোলা ঠাইৰ পৰা মাত্ৰ কিছু দূৰত পঞ্চভূতত বিলীন হৈ গ’ল সেই অবিনাশী কণ্ঠ আৰু সৃষ্টিৰ গৰাকীজন । যেন এক মহাজাগতিক অলৌকিক সংযোগ !

Samsul Huda Patgiri
সাংবাদিক ছামচুল হুদা পাটগিৰি (ETV Bharat Assam)

কি এক আচৰিত জীৱন ! ১২ বছৰৰ পূৰ্বে সিদিনা আছিল পূবে ধলফাট দিয়াৰ সময়, এটা নিয়ঁৰসনা পুৱা । নিশা সাংস্কৃতিক অনুষ্ঠানৰ পিছত নৈশ ভ্ৰমণ সামৰি জুবিন গাৰ্গ দলে-বলে উভতিছিল গুৱাহাটীলৈ ।

একাপ চাহ খাবলৈ সোণাপুৰত ৰৈ থকাৰ সময়তে এখন ফটো তুলিছিল কাৰ্বিসকলৰ জনবসতিৰে ভৰা অঞ্চলটোত । পাহাৰৰ ঢালত থিয়কৈ পুতি থোৱা আকাশমুখী এচটা শিলত সিদিনা আওজি ফটো তুলিছিল ৷

কাকতালীয়ভাৱে সেই ঠাইতেই শেষকৃত্য সমাপন হ’ল জুবিন গাৰ্গৰ । এই কাকতালীয় ঘটনাই এতিয়া ৰাজ্যজুৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷ ফটোখনৰ মুহূৰ্তটো আবদ্ধ কৰিছিল ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ছামচুল হুদা পাটগিৰিয়ে ৷

Zubeen Garg
এইবাৰৰ বিশেষ শাৰদীয় সংখ্যা 'গৰীয়সী'ৰ বেটুপাত (ETV Bharat Assam)

''শৰৎ মৰহি গ’ল'' - শিৰোনামেৰে ফটোখন ব্যৱহৃত হৈছে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ সম্পাদিত মাহেকীয়া আলোচনী গৰিয়সীৰ অক্টোবৰ সংখ্যাৰ বেটুপাত হিচাবে ।

সামাজিক মাধ্যমত এই বহুল চৰ্চিত ফটোখনৰ আঁৰৰ কথা নিজে ব্যক্ত কৰিছে বিশিষ্ট সাংবাদিক, ফটোগ্ৰাফাৰ ছামছুল হুদা পাটগিৰিয়ে । ই টিভি ভাৰত অসমৰ সৈতে হোৱা টেলিফোনিক বাৰ্তলাপতো এই কথা সুঁৱৰিলে বিশিষ্ট সাংবাদিক পাটগিৰিয়ে ।

জুবিন গাৰ্গৰ অকালতে চিৰবিদায়ৰ পিছতেই আকৌ কাহিলীপুৱাতেই সেই ঠাইখনিলৈ বুলি প্ৰায় 12 বছৰৰ মূৰত সেই শতিকা পুৰণি শিলাখণ্ড বিচাৰি ঢাপলি মেলি গৈছিল অসম জোকাৰি যোৱা ফ্ৰেমটোত জুবিন গাৰ্গক আবদ্ধ কৰা বিশিষ্ট ফটোগ্ৰাফাৰজন ৷

সেই ফটোখন তোলা পুৱাটো আৰু অন্তিম শয়নৰ থলী একেই হোৱা কাকতালীয় ঘটনাটোৰ বিষয়ে পাটগিৰিয়ে উল্লেখ কৰিছে এইদৰে, “2014 চনত আমি দুয়ো মানে মই জুবিন আৰু তেওঁৰ সংগীত শিল্পীসকল যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীত থকা দুদিনীয়া কাৰ্যসূচী সামৰি নিশা গুৱাহাটীলৈ বুলি আহি পুৱা প্ৰায় 7 বজাত পাটৰকুছি নামৰ ঠাইত থকা এখন ৰেস্তোৰাঁ আতিথ্যৰ সন্মুখত ৰও, মাথোঁ একাপ চাহ বিচাৰি, জুবিনে কৈয়ে পেলালে পাটগিৰি দাই ৰঙা চাহ নাপালে আৰু মোৰ লগত নাহে আৰু মোৰ Photobiographyৰ কামটো আধৰুৱা হৈ ৰ'ব... ৷”

জুবিন গাৰ্গৰ যাত্ৰাৰ লগৰ সকলোৱে খৰধৰকৈ নামি গৈ হোটেলৰ শুই থকা মানুহখিনিক জগাই দি চাহ পানীৰ ব্যৱস্থা কৰিবলৈ ক'লে, আনহাতে জুবিন গাৰ্গৰ সৈতে পাটগিৰিয়ে ৰাজপথেৰে অলপ আগুৱাই গ’ল পুৱাৰ সুবাস বিচাৰি ৷

বিশিষ্ট ফটোগ্ৰাফাৰ পাটগিৰিৰ ভাষাৰে, “জুবিন-মই দুয়ো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে অলপ টহল দিলো, এইখিনি জেগা ঠিক গুৱাহাটী অভিমুখী প্ৰথমটো থিয় উঠন গৰাৰ সমীপত, তেনেতে মই হোটেলৰ গাতে লাগি থকা এখন পুৰণি ৰবৰ গছৰ এঢলীয়া বাগিচা দেখা পালো, জুবিনক ক'লো- ব'লা তাতেই গছৰ তলে তলে অলপ পায়চাৰি কৰি নিঁয়ৰত তিতি কিছু ফটো লওঁ, অত ক্লান্তিৰ মাজত জুবিন সচকিত হৈ গ’ল, লগে লগে বেগাই গছৰ মাজত জুবিন সোমাই পৰিল...ময়ো তেওঁক একো নকৈ হাতত থকা দুয়োটা কেমেৰাৰে ফটোবোৰ তুলি থাকিলো, জুবিন একাকাৰ হৈ গ’ল ৷”

Story of the widely talked Zubeen's photo
জুবিনৰ পিতৃ কপিল ঠাকুৰৰ সৈতে ছামচুল হুদা পাটগিৰি (ETV Bharat and FB)

তাৰ পিছতেই, এই বিশেষ ফটোখন আবদ্ধ হ’ল ছামচুল হুদা পাটগিৰিৰ কেমেৰাত । পাটগিৰিয়ে এই ফটোখনৰ বিষয়ে উল্লেখ কৰিছে এইদৰে, —“অলপ দূৰৈত থকা কেইটামান কাৰ্বি মনোলিথৰ ওপৰত মোৰ চকু পৰিল, জুবিনক ৰিঙিয়াই মতিলো, আহিয়েই জুবিন থৰ হৈ গ’ল ৷ মই ক'লো- ইয়াতেই অলপ বহা আৰু নিজকে কিছু সময়ৰ বাবে বিলীন হৈ যাব দিয়া, সতেজ অনুভৱ কৰিবা... ৷ কি কম সিদিনা জুবিন বাকৰুদ্ধ হৈ স্থবিৰ হৈ ৰ’ল, মই মাথোঁ ফটো তুলি গ’লো... গছৰ মাজে মাজে জুবিন আৰু এচেৰেঙা অলপ অলপ ৰ’দ আৰু কুঁৱলী, ঘৰলৈ বুলি আমি আকৌ উভতিব ল’লো ।"

কিছুদিনৰ পিছত এই ফটোবোৰ দেখি আপ্লুত হৈ জুবিন গাৰ্গে ফটোগ্ৰাফাৰ পাটগিৰিক কৈ উঠিছিল - "এইজনেই মই, সেই জুবিন, this is me."

ছামচুল হুদা পাটগিৰিযে জুবিনৰ সেই মন্তব্যৰ বিষয়ে ব্যক্ত কৰিছে এইদৰে, “কেইমাহমান পিছত মই কিছু ছবি WhatsApp কৰি দিলো, এইখনো তাৰেই অন্যতম এখন ছবি, তাৰ মূল্যাংকন আছিল, পাটগিৰিদাৰ কাম অমূল্য আৰু এইজনেই মই সেই জুবিন, this is me , outstanding", কৈয়ে থাকিল...কিমান যে কথা নদী, পাহাৰ, গছ লতা.... ৷"

“জুবিনৰ বাবে অসম চৰকাৰে ঠিক কৰা কমাৰকুছি ঠাইডোখৰ এইখিনিৰ পৰা গাড়ীৰে মাত্ৰ দুই মিনিটৰ বাট, কি এক অলৌকিক সংযোগ... ৷ অজানিতে জুবিন আৰু মই 12 বছৰ আগতে জুবিনৰ সমাধিৰ বাবে এই ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই সমীপৰ এই কাৰ্বি অধ্যুষিত অঞ্চলটোৱেই যেন স্বইচ্ছাই বাছি লৈছিলো ৷”

এয়া এক মহাজাগতিক চাকনৈয়াৰ প্ৰক্ৰিয়াৰ অংশ, তাৰেই নিজে সাক্ষী বুলি আজি অনুভৱ কৰিছে ৰাজ্যৰ এগৰাকী মননশীন আৰু অনুভৱী জ্যেষ্ঠ সাংবাদিক ছামচুল হুদা পাটগিৰিয়ে ।

লগতে পঢ়ক :পঞ্চভূতত বিলীন মহানায়কৰ পাৰ্থিৱ শৰীৰ: ৰাজ্যৰ আকাশে-বতাহে কেৱল জুবিনৰ জয়গান

লগতে পঢ়ক : যদি জীৱনৰ ৰংবোৰে লুকাভাকু খেলে... ধেমালি ধেমালিতেই যেন ছাই হৈ গ'ল জীয়া কলিজা !