ETV Bharat / state

অভয়াপুৰীত ষ্টেন’গ্ৰাফী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

অভয়াপুৰীত ষ্টেন’গ্ৰাফী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি ৷ অভয়াপুৰীৰ টেংনামাৰীত Eduspark Learning and Training Institute নামেৰে মুকলি কৰা হৈছে ষ্টেন’গ্ৰাফী প্ৰশিক্ষণ কেন্দ্ৰ ৷

Stenography Training Centre
ষ্টেন’গ্ৰাফী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি
author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 6:58 PM IST

2 Min Read
Choose ETV Bharat
অভয়াপুৰীত ষ্টেন’গ্ৰাফী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

অভয়াপুৰী, 12 ফেব্ৰুৱাৰী : বঙাইগাওঁ জিলাৰ অভয়াপুৰীত পোন প্ৰথমবাৰৰ বাবে মুকলি ষ্টেন’গ্ৰাফী প্ৰশিক্ষণ কেন্দ্ৰ ৷ অভয়াপুৰীৰ টেংনামাৰীত Eduspark Learning and Training Institute নামেৰে মুকলি কৰা হৈছে ষ্টেন’গ্ৰাফী প্ৰশিক্ষণ কেন্দ্ৰ ৷ ছাত্ৰ-ছাত্ৰীক আধুনিক আৰু কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ দিয়াৰ লগতে চৰকাৰী চাকৰিৰ লগতে বিভিন্ন বে চৰকাৰী চাকৰিৰ লাভ কৰাৰ ক্ষেত্ৰত সুবিধা হোৱাৰ উদ্দেশ্যেৰে এই কেন্দ্ৰটো মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যেক্তা সকলে ৷

এই ষ্টেন’গ্ৰাফী প্ৰশিক্ষণ কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে অভয়াপুৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক শ্বহিদুল ইছলামে ৷ শিক্ষিত যুৱক-যুৱতী সকলে ষ্টেন’গ্ৰাফীৰ প্ৰশিক্ষণ লাভ কৰি যাতে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত নিজকে উপযুক্ত কৰি তুলিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতিষ্ঠান আৰম্ভণি কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷

কেন্দ্ৰটোৰ স্বত্বাধিকাৰী ৰাকিবুল ৰহমানে অতি কম খৰচত ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক নামভৰ্তিৰ সুবিধা প্ৰদান কৰি শৈক্ষিক তথা কাৰিকৰী দিশত আগুৱাই যাবলৈ যথেষ্ট পৰিমাণে সহায় কৰি যাব বুলি জানিবলৈ দিয়ে ৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে নাম ভৰ্তি সন্দৰ্ভত সবিশেষ জানিবৰ বাবে 9678125800 আৰু 8721836330 নম্বৰত যোগাযোগ কৰিব পাৰে ৷ উল্লেখ্য যে, এই ষ্টেন’গ্ৰাফী প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰাত স্থানীয় লোকসকলে কেন্দ্ৰটোৰ স্বত্বাধিকাৰী ৰাকিবুল ৰহমানক ভূয়সী প্ৰশংসা কৰে ৷

ইফালে এই ষ্টে’নগ্ৰাফী প্ৰতিষ্ঠান মুকলি কৰি অভয়াপুৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক শ্বহিদুল ইছলামে এই পদক্ষেপ প্ৰশংসনীয় বুলি কোৱাৰ লগতে এই প্ৰতিষ্ঠানে ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক কম খৰচতে ষ্টে’নগ্ৰাফীৰ প্ৰশিক্ষণ লাভ কৰাত সহায় কৰিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত সকলো দিশতে শান্তিয়ে বিৰাজ কৰিছে: সৰ্বানন্দ সোণোৱাল