ETV Bharat / state

ক’লৈ নিয়া হ’ল সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতিমূৰ্তি ? - STATUE OF LAKSHMINATH BEZBARUA

২০১৫ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনতে মহানগৰীৰ গুৱাহাটী ক্লাবৰ চাৰিআলিত প্ৰতিষ্ঠা কৰা হৈছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সু-উচ্চ এই প্ৰতিমূৰ্তি ।

statue of lakshminath bezbarua
লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 12, 2025 at 2:49 PM IST

2 Min Read

গুৱাহাটী: অৱশেষত আঁতৰাই দিয়া হ'ল গুৱাহাটী ক্লাবত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি । নিৰ্মীয়মান নুনমাটি-ৰিজাৰ্ভ বেংক সংযোগী উৰণসেতুৰ বাবেই উঠাই দিয়া হৈছে প্ৰতিমূৰ্তিটো ।‌ বৰ্তমান এই প্ৰতিমূৰ্তিটো অস্থায়ীভাৱে স্থাপন কৰা হৈছে ৰ'টাৰী ক্লাবত ।

২০১৫ চনত তদানীন্তন মুখ্যমন্ত্ৰী (প্ৰয়াত)তৰুণ গগৈৰ দিনতে মহানগৰীৰ গুৱাহাটী ক্লাবৰ চাৰিআলিত প্ৰতিষ্ঠা কৰা হৈছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সু-উচ্চ এক প্ৰতিমূৰ্তি । ২০১৫ চনৰ ২৪ ছেপ্টেম্বৰত তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সেই সময়ৰ গড়কাপ্তানী(বৰ্তমান লোক নিৰ্মাণ বিভাগ) মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত উন্মোচন কৰা হৈছিল প্ৰতিমূৰ্তিটো ।

প্ৰতিমূৰ্তিটো অস্থায়ীভাৱে স্থাপন কৰা হৈছে ৰটাৰী ক্লাবত (ETV Bharat Assam)

অসমৰ প্ৰাতঃস্মৰণীয় ব্যক্তি ৰসৰাজৰ এই সু-উচ্চ প্ৰতিমূৰ্তিটো স্থাপন কৰা কাৰ্যত সকলোৱে আদৰণি জনাইছিল । কিন্তু নুনমাটি-ৰিজাৰ্ভ বেংক উৰণসেতু নিৰ্মাণৰ বাবে প্ৰতিমূৰ্তিটো সেই স্থানৰ পৰা স্থানান্তৰ কৰা হয় । দেওবাৰে নিশা ভাস্কৰ্য শিল্পী বিজু কুমাৰৰ তত্বাৱধানত প্ৰতিমূৰ্তিটো আঁতৰ কৰে নিৰ্মাণকাৰী সংস্থাই ।

statue of lakshminath bezbarua
লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি (ETV Bharat Assam)

সেই সময়ত বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ লগতে লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিৰক্ষা সমিতিৰ একাংশ লোক গুৱাহাটী ক্লাবত উপস্থিত আছিল । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুৎ কুমাৰ চৌধুৰীয়ে এই সন্দৰ্ভত কয় "দেওবাৰে নিশা নিৰ্মাণকাৰী সংস্থা, বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ লগতে লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ সদস্যসকলৰ উপস্থিতিত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো উঠাই পূৰ্বৰ স্থানৰ পৰা অস্থায়ীভাৱে ৰ'টাৰীত স্থাপন কৰা হয় । অস্থায়ীভাৱে স্থাপন কৰা স্থানৰ যিখিনি কাম কৰিবলগীয়া আছে, সেই কামখিনি অহা ৭ দিনৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষই সম্পূৰ্ণ কৰিব ।’’

অৱশ্যে উৰণসেতুৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত কোনটো স্থানত প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ব, সেয়া এতিয়াও ঠিৰাং হোৱা নাই ৷ প্ৰতিমূৰ্তিটোৰ তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত স্থানতে পুনৰস্থাপন কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: কলকাতাত লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনীৰ স্বাস্থ্যৰ বুজ ললে সাংস্কৃতিক মন্ত্রী বিমল বড়াই - Minister Bimal Borah

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.