ৰাজ্যজুৰি জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে সৰ্বধৰ্ম প্ৰাৰ্থনা-আদ্যশ্ৰাদ্ধ
অসম জাতীতাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছে । সৰুপথাৰত ৰাইজৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

Published : October 6, 2025 at 11:38 AM IST
মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ১৭ দিন অতিক্ৰম কৰিলে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও চলিয়ে আছে শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । ক'ৰবাত যদি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে, আন ক'ৰবাত আকৌ আত্মাৰ শান্তিৰ বাবে সৰ্বধৰ্ম প্ৰাৰ্থনা । কোনো কোনো স্থানত আকৌ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে । লগতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাইছে ।
সৰুপথাৰ :
গোলাঘাট জিলাৰ সৰুপথাৰত ৰামধেনু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠন তথা ৰাইজৰ সহযোগত ৰামধেনু মুকলি মঞ্চত অনুষ্ঠিত কৰা হৈছে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ । সমান্তৰালকৈ টেঙাহোলা, গন্ধকৰৈ, ইকৰাণী গাঁৱৰ ৰাইজ আৰু ধনশ্ৰী নিৰ্মাণ গোটৰ উদ্যোগত টেঙাহোলা গোহাঁইগাঁও তিনিআলিত অনুষ্ঠিত হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ । জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলি ৰোপণ কৰা হৈছে । শিল্পীগৰাকীৰ মায়াবিনী গীতটি যেন প্ৰাৰ্থনালৈ ৰূপান্তৰ হৈছে ।
সৰুপথাৰত আয়োজিত আদ্যশ্ৰাদ্ধত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । ভকত-বৈষ্ণৱসকলে জুবিন গাৰ্গৰ হৈ ভগৱন্তৰ চৰণত নাম-প্ৰসংগ কৰিছে । আয়তীসকলেও দিহানাম পৰিৱেশন কৰিছে । ইফালে জুবিন গাৰ্গৰ ৫২ বছৰ হোৱাৰ উপলক্ষে ৫২০০ বন্তি প্ৰজ্বলন কৰা হৈছে । একেদৰে টেঙাহোলা, গন্ধকৰৈ, ইকৰাণী গাঁৱৰ ৰাইজ আৰু ধনশ্ৰী নিৰ্মাণ গোটৰ উদ্যোগত অনুষ্ঠিত আদ্যশ্ৰাদ্ধত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সৰ্বধৰ্ম প্ৰাৰ্থনাৰে মহান শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰা হৈছে ।

আদ্যশ্ৰাদ্ধ অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে কয়, "সৰুপথাৰৰ ৰামধেনু মুকলি মঞ্চত সৰুপথাৰৰ সমূহ ৰাইজ, বিভিন্ন দল-সংগঠন, ছাত্ৰ সংগঠন সকলো একত্ৰিত হৈ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছোঁ ।"
সৰুপথাৰৰ বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়াই কয়, "টেঙাহোলা গোহাঁইগাঁও তিনিআলিত টেঙাহোলা, গন্ধকৰৈ আৰু ইকৰাণী গাঁৱৰ ৰাইজৰ লগতে ধনশ্ৰী নিৰ্মাণ গোটৰ উদ্যোগত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।"

উল্লেখ্য যে, শনিবাৰে সৰুপথাৰ কুশল কোঁৱৰ তিনিআলিৰ যুৱসমাজ আৰু সৰুপথাৰ শাখা সাহিত্য সভা, স্থানীয় ৰাইজৰ উদ্যোগত আয়োজিত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানৰ লগত সংগতি ৰাখি নিশা আয়োজন কৰা হয় "সীতা হৰণ বালিবধ" নাট । 'সমন্বয় শিশু শিল্পী সমাজ সৰুপথাৰ' নামৰ শিশুৰ দলটোৱে অভিনয় কৰে উক্ত নাটখনত ।
নগাঁও :
প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিদায়ে সমগ্ৰ ৰাজ্যবাসীক শোকত ম্ৰিয়মান কৰি ৰাখিছে । প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ একত্ৰিত হৈছে ৰাজ্যৰ প্ৰতিটো জাতি-ধৰ্মৰ লোকে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰিয় শিল্পীগৰাকীৰ বাবে অনুষ্ঠিত হৈছে সৰ্বধৰ্ম প্ৰাৰ্থনা । একেই পৰিৱেশ দেখা গৈছে নগাঁৱত । দেওবাৰে নগাঁও চহৰৰ মাজমজিয়াত প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । একেটা স্থানতে কোৰাণ, ভাগৱত, বাইবেল আদি পাঠ কৰা হৈছে । জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে হিন্দু, মুছলমান, খ্ৰীষ্টান আৰু বৌদ্ধ সকলোৱে একেলগে প্ৰাৰ্থনা কৰে ।
সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰি অসম জাতী়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মাই কয়, "আমাৰ প্ৰিয় শিল্পী নিজেই কৈ গৈছিল তেওঁৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই । সেয়ে আমি সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছোঁ । য'ত সকলো ধৰ্মৰ লোকে অংশগ্ৰহণ কৰিছে ।"
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত অংশগ্ৰহণ কৰি প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।
জোনাই :
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ধেমাজি জিলাৰ জোনাইতো সংগঠনটোৰ ধেমাজি জিলা সমিতি আৰু চিমেন চাপৰি আঞ্চলিক সমিতিৰ সহযোগত চিমেন চাপৰি শিল্পী সংঘ প্ৰেক্ষাগৃহত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন কৰা হয় । সংগঠনটোৰ নেতা-কৰ্মীসকলৰ লগতে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধত ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ লোকে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে মৰমৰ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয় ।

