ঝুমইৰ বিনন্দিনী-২০২৫: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু চৰকাৰ
'ঝুমইৰ বিনন্দিনী-২০২৫' ৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ৰাজ্য চৰকাৰ । প্ৰস্তুতি সন্দৰ্ভত সংবাদমেল মন্ত্ৰী অশোক সিংহলৰ ।

Published : February 12, 2025 at 9:34 PM IST
গুৱাহাটী: বিহু নৃত্যৰ পাছতে জৰিয়তে 'ঝুমইৰ বিনন্দিনী-২০২৫' শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ বাবে অসম চৰকাৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । বুধবাৰে গুৱাহাটীৰ জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী অশোক সিংহলে সদৰী কৰে এই কথা ।
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়,"ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখ গঢ়াৰ বাবে গুৱাহাটীত সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে । চাহ বাগিচাৰ পৰা এই অনুষ্ঠানৰ বাবে ৮০০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । অনুষ্ঠানটো সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । সৰুসজাই ষ্টেডিয়ামত ৮০০০ তকৈ অধিক নৃত্য শিল্পীয়ে একেলগে নৃত্য প্ৰদৰ্শন কৰা অসুবিধা । সেয়েহে অনুষ্ঠানত ৮০০০ তকৈ অধিক নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব । সেইদিনা কেইবজাত অনুষ্ঠানটো আৰম্ভ হ'ব সেই সময়টো এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই । বাজেট এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই ।"
ইয়াৰোপৰি তেওঁ কয়,"অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে প্ৰতিনিধিসকল ২০ আৰু ২১ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ'ব । তেওঁলোকক গুৱাহাটীৰ বিভিন্ন হোটেল ল'জত ৰখাৰ ব্যৱস্থা কৰা হ'ব । গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ২১, ২২ আৰু ২৩ ফেব্ৰুৱাৰীত নৃত্যৰ অনুশীলন হ'ব । ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে বাচনি প্ৰক্ৰিয়া আৰু প্ৰশিক্ষণ অনুষ্ঠিত হোৱা পাছত জিলা পৰ্যায়ত অনুষ্ঠিত হৈছে অনুশীলন । তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰত মাণ্ডলিক ভিত্তিক প্ৰশিক্ষণ অনুষ্ঠিত হৈছে ।"
সিংহলে জনায় যে এই অনুষ্ঠানত বিদেশৰ বিভিন্ন ৰাজনৈতিক অতিথিয়ে অংশগ্ৰহণ কৰিব । গুৱাহাটীত এই অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত ইতিমধ্যে পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে । সকলো দিশ সামৰি এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে ।

