গুৱাহাটী: বিভিন্ন আঁচনিৰে ৰাজ্যৰ গৰিষ্ঠসংখ্যক লোকক হিতাধিকাৰী কৰিব বিচৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু সংস্থাপনৰ বাট মোকলোৱাৰ ক্ষেত্রত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা ৰাজ্যখনৰ লাখ লাখ লোকে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ আনকি বিদেশলৈয়ো গমন কৰিবলগীয়া হৈছে । বাহিৰলৈ গৈ জীৱন-জীৱিকাৰ তাগিদাত যিকোনো কাম কৰিবলৈ বাধ্য হৈছে ।
চৰকাৰে বিনামূলীয়া বিভিন্ন আঁচনিৰ নামত বুজন পৰিমাণৰ পুঁজি ব্যয় কৰাৰ বিপৰীতে নিয়োগ সৃষ্টিৰ কেতবোৰ অভিলাষী আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্রত গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে । তেনে এখন অভিলাষী আঁচনি হৈছে এম জি এনৰেগা ।
অসমত কেন্দ্ৰৰ ধ্বজাবাহী আঁচনি এম জি এনৰেগাৰ স্বৰূপ:
ৰাজ্যত পঞ্চায়তীৰাজ ব্যৱস্থাৰে দুখীয়া-দৰিদ্ৰ জনতাক সকাহ দিয়াত চূড়ান্ত ব্যৰ্থ হৈছে চৰকাৰ । গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰে জনসাধাৰণক আর্থিক সকাহ প্রদান কৰা কেন্দ্ৰৰ ধ্বজাবাহী আঁচনি হৈছে এম জি এনৰেগা । কিন্তু এই আঁচনিখনৰ উদ্দেশ্য পূৰণত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে । অর্থাৎ গ্রামাঞ্চলত চৰকাৰে নিয়োগ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই । বৰং এম জি এনৰেগাৰ জবকাৰ্ডৰ নামত সংঘটিত হৈছে কেলেংকাৰী ।
ভুৱা জবকাৰ্ডৰ জৰিয়তে দুষ্ট চক্ৰই সম্মিলিতভাৱে বছৰৰ পাছত বছৰ ধৰি কেৱল চৰকাৰী ধন লুণ্ঠন কৰি আহিছে । চৰকাৰে ইতিমধ্যে বৃহৎসংখ্যক ভুৱা জবকাৰ্ড বাতিল কৰিছে যদিও মানুহৰ মাজত কিমান নিয়োগ সৃষ্টি কৰিব পাৰিছে সেয়াহে লক্ষণীয় বিষয় হৈ পৰিছে । চৰকাৰে নতুনকৈ জবকার্ড আবণ্টন দিছে যদিও কাম দিব পৰা নাই । এফালে কাম বিচৰা মানুহৰ সংখ্যা বৃদ্ধি হৈছে আৰু আনফালে চৰকাৰে কাম দিব পৰা নাই ।
জবকাৰ্ড আছে কিন্তু নাই কাম:
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এগৰাকী সহকাৰী উপ-সঞ্চালকে জনোৱা মতে বিভাগীয় শেহতীয়া তথ্য অনুসৰি ন্যূনতম এশ দিনৰ কাম প্ৰদান কৰা শ্রমিক পৰিয়ালৰ সংখ্যা হ'ল মাত্র ১৮,৯৬৪ টা । অসমত বৰ্তমান জবকাৰ্ড থকা পৰিয়ালৰ সংখ্যা হ'ল ৩৮,৫০,৭৩৮টা । ইয়াৰে ২৮,১১,৯৪৭ জন শ্রমিকে কাম বিচাৰি আবেদন জনাইছে । ইয়াৰ বিপৰীতে ১৯,৯০,৯৫৬ টা পৰিয়ালৰ ২৮,০৮,৩২৯ জন শ্রমিকক কর্ম সংস্থাপন প্ৰদান কৰা হৈছে । লক্ষণীয়ভাৱে তেওঁলোকৰ বেছি সংখ্যকে এশ দিনৰ কাম লাভ কৰা নাই ।
বিভাগীয় হিচাপ অনুসৰি জবকাৰ্ডত কাম নোপোৱা পৰিয়ালৰ সংখ্যা হ'ল ১৮,৫৯,৭৮২ টা । আনহাতে, এশ দিনৰ কাম নোপোৱা শ্ৰমিকৰ সংখ্যা হ'ল ২৭, ৮৯,৩৬৫ গৰাকী। উল্লেখ্য যে গ্রাম্য নিয়োগ সৃষ্টিৰে দুখীয়া লোকৰ আয়ৰ পথ সৃষ্টিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ৰূপায়ণ কৰা আঁচনিখনৰ অধীনত বিগত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহলৈ ২,৪২,৬৪৫ খন নতুন জবকার্ডো প্ৰদান কৰা হয় । অথচ এশ দিনৰ কামতো বাদেই এদিন কাম লাভৰ পৰাই বঞ্চিত হৈছে অধিকাংশ শ্রমিক ।
বিভাগৰে অৱস্থা শোচনীয়:
আঁচনি ৰূপায়ণত ব্যর্থ হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো নিজেও সোলোক-ঢোলোক অৱস্থালৈ গতি কৰিছে । বিভাগটোক নেতৃত্ব দিয়াসকলে কেৱল দুর্নীতিক অগ্রাধিকাৰ দিয়াৰ পৰিপ্ৰেক্ষিতত হেজাৰ হেজাৰ পদ খালী হৈ ৰৈছে । কেন্দ্ৰৰ পৰা পুঁজি অনাতো ব্যৰ্থ হৈছে । বিভাগটোৰ কাৰ্যালয়বোৰেই জহি-খহি গৈছে । তথ্য অনুসৰি বিভাগটোৰ অধীনত ২,১৯২ টা গাঁও পঞ্চায়তৰ কাৰ্যালয় আছে । তাৰে ২৫৮ টা কার্যালয়েই জহি-খহি গৈছে । এয়াই মন্ত্ৰীৰ পৰা আমোলালৈকে বিভাগীয় ব্যৰ্থতাৰ অন্যতম উদাহৰণ । যাৰ ফলত ৰাইজে সমস্যাৰে যুঁজ দিবলগীয়া হৈছে । গ্ৰাম্যাঞ্চলত নিয়োগ সৃষ্টিৰ এখন অভিলাষী আঁচনিকে সফলভাৱে ৰূপায়ণ কৰিব নোৱাৰা চৰকাৰখনে ৰাজ্যখনৰ অভাৱনীয় নিবনুৱা সমস্যা কিদৰে সমাধান কৰিব সেয়া সহজতে অনুমেয় ।