অসম পুলিচ বা SIT আজি সফল হৈছে: দিলীপ শইকীয়া
“দোষীয়ে কঠোৰতম শাস্তি পাব ৷ আমাৰ বিশ্বাস আছিল অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত” - জুবিনৰ আকস্মিক মৃত্যু সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য ।

By ETV Bharat Entertainment Team
Published : October 1, 2025 at 8:28 PM IST
নলবাৰী: ঐতিহ্যমণ্ডিত ৰজাদিনীয়া জাগ্ৰত শক্তিপীঠ শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়ৰ মহা নৱমীত মা দুৰ্গাৰ আশীষ লয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । অনাগত বৰ্ষটো যাতে সকলোৰে বাবে কুশলময় হয়, দুখ-দুৰ্গতি নাশ হয় সেয়াই কামনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।
আনহাতে, জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙোৰ খাই পৰা দুই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক বুধবাৰে গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিক্ৰিয়া আগবঢ়াই দিলীপ শইকীয়াই । তেওঁ কয়, "আমি বিশ্বাস ৰাখিছিলোঁ মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ ওপৰত । অসম আৰক্ষী বা SIT আজি সফল হৈছে । যাৰ বিৰুদ্ধে অভিযোগ আহিছে, যাক ৰাইজে সন্দেহ কৰিছে, তেনেকুৱা দুজন, যি দুজনে হয়তো আমাৰ সম্পদ জুবিন গাৰ্গক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল, সেই দুয়োজনকে আজি ধৰি SIT য়ে ১৪ দিনৰ বাবে জিম্মাত ৰাখিব ।"
তেওঁ লগতে আৰু কয়, ‘‘এই কেইদিনত বিভিন্ন সোধ-পোছ কৰিব । আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যি আকস্মিক, অসাময়িক পৰলোক গমন হ'ল, সেই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰু অধিক ক্ষীপ্ৰতাৰে হ'ব । দোষীয়ে কঠোৰতম শাস্তি পাব ৷"
উল্লেখ্য যে, চলিত বৰ্ষৰে 17 ছেপ্টেম্বৰত জুবিন গৈছিল ছিংগাপুৰলৈ ৷ নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশন কৰাৰ কথাৰে জুবিন গৈছিল তালৈ ৷ এই অনুষ্ঠানৰ আয়োজক আছিল শ্যামকানু মহন্ত ৷ জুবিনৰ লগতে তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাও আছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি জুবিনৰ যাবলৈ মন নাছিল, কিছু শাৰীৰিক অসুস্থতাও আছিল তেওঁৰ ৷ একমাত্ৰ আয়োজকৰ কথাৰ বাবেহে গৈছিল তেওঁ ৷
বহুতে এইক্ষেত্ৰত মেনেজাৰৰ গাফিলতিও দেখা পাইছে ৷ বাতৰি অনুসৰি জুবিনে দুদিন ধৰি দৰৱো লোৱা নাছিল ৷ তেনেদৰেই তেওঁলোক ছিংগাপুৰৰ আছাম এছ’চিয়েশ্যনৰ কেইজনমান লোকৰ সৈতে য়ট পাৰ্টীলৈ গৈছিল ৷ সেই যোৱাই কাল হৈ নামি আহিল অসমবাসীৰ বাবে ৷ 19 ছেপ্টেম্বৰৰ সেই য়ট পাৰ্টীলৈ গৈয়ে দুৰ্ঘটনাৰ সন্মুখীন হৈ জুবিনে মৃত্যুক আঁকোৱালি লয় ৷

