এজনো অপৰাধীক আমি সাৰি যাবলৈ নিদিও: দিলীপ শইকীয়া
সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণক লৈ সৰৱ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া । কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান ।

Published : April 23, 2025 at 4:12 PM IST
তেজপুৰ: পহলগামৰ বৰ্বৰ নৰসংহাৰৰ ঘটনাই জোকাৰি গৈছে দেশবাসীক । বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সকলোৱে । দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও তেওঁৰ ভ্ৰমণসূচী আধাতে সামৰি মিলিত হৈছে বৈঠকত । ইফালে তেজপুৰত চলোৱা নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই নিন্দনীয় ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ।
এই ঘটনাক তীব্ৰ গৰিহণা দি সভাপতিগৰাকীয়ে কয়, "ভাৰতক অস্থিৰ কৰিব বিচৰা যিটো মৌলবাদী শক্তি, ভাৰত বিৰোধী শক্তি এই শক্তিৰ দ্বাৰা পহলগামত যি ঘটনা সংঘটিত হ'ল, যি ঘটনাই একুৰিতকৈয়ো অধিক নিৰিহ ব্যক্তিৰ প্ৰাণ ল'লে, এই ঘটনাক আমি নিন্দা কৰাই নহয়, এই ঘটনাত জড়িত যিকোনো দেশৰ বা বিশ্বৰ যি অঞ্চলৰেই নহওক এই শক্তিৰ বিৰুদ্ধে ভাৰত চৰকাৰে কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে অদূৰ ভৱিষ্যতে যাতে এই শক্তিসমূহ সমূলঞ্চে নাশ কৰিব পাৰে তাৰ বাবে আমাৰ আহ্বান থাকিল ।"
তেওঁ লগতে কয়, "ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ভ্ৰমণ সামৰি দিল্লীত উপস্থিত হৈছে ৷ দিল্লীৰ পালম বিমানবন্দৰত এখন উচ্চস্তৰীৰ তথা গুৰুত্বপূৰ্ণ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে । য'ত অজিত ডোভাল উপস্থিত আছিল । ইতিমধ্যে মঙলবাৰেই গৃহমন্ত্ৰী কাশ্মীৰত উপস্থিত হৈছে । ভাৰত চৰকাৰে এইক্ষেত্ৰত ক'তো কৃপণালি নকৰে । শূণ্যসহনশীলতা, যিটো আমাৰ নীতি, সন্ত্ৰাসবাদৰ বিৰুদ্ধে, এই শূণ্যসহনশীলতা নীতিক আৰু কঠোৰ ৰূপত ভাৰতবৰ্ষত কাৰ্যকৰী কৰাৰ চিন্তা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত হৈছে ।"
শইকীয়াই লগতে উল্লেখ কৰে, "প্ৰধানমন্ত্ৰী টুইটত এয়া প্ৰকাশিত হৈছে । এজনো অপৰাধীক আমি সাৰি যাবলৈ নিদিও । ইয়াত বিজেপি, এজিপিৰ কথা নহয়, প্ৰতিগৰাকী ভাৰতীয়ৰ মনত কালিৰ কথাটোৱে অত্যন্ত দুখ, শোক আৰু মৰ্মাহত কৰিছে । গতিকে আজি আমি কাৰ্যসূচীসমূহ ল' প্ৰফাইলত কৰিম । নিৰ্বাচনী প্ৰচাৰত আমি কোনো গান-বাজানা নকৰো । মটৰ চাইকেল ৰেলী আদি আমি বৰ্জন কৰিবলৈ দিছো । প্ৰকৃততে প্ৰতিগৰাকী ভাৰতীয়ই শক্তিশালীভাৱে চৰকাৰৰ লগত থাকি এই শক্তিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব লাগে ।"
সুৰক্ষা ব্যৱস্থাত সুৰুঙা থকা বুলি উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত শইকীয়াই কয়, "আপোনালোকে কাশ্মীৰ ফাইলখন চাইছেই । তাত সুন্দৰভাৱে গোটেই ঘটনাটো প্ৰতিফলিত কৰা হৈছে । কিন্তু সেই সময়ত, এই চিনেমাখনক এটা সাম্প্ৰদায়িক ৰূপ দিলে । হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰাৰ অপচেষ্টা বুলি ক'লে । কালি যেতিয়া উগ্ৰপন্থীয়ে গুলীয়াইছে, প্ৰথমে সুধিছে হিন্দু নে মুছলমান নে কি ? কি ধৰ্মৰ সুধিছে । জাতি সোধা নাই ।"
সভাপতিগৰাকীয়ে কয়, "অসমীয়া নে বঙালী নে বিহাৰী, তামিল নে তেলেগু এইটো সোধা নাই, ধৰ্ম কি সুধিছে । গতিকে এই যিটো ধৰ্মৰ নামত তেওঁলোকে অন্ধ হৈ ভাৰতবৰ্ষক অস্থিৰ কৰিবলৈ যিধৰণে অপচেষ্টা চলাইছে, আমি ভাৰত চৰকাৰ আৰু ভাৰতবাসীয়ে একেলগে যুঁজ দিম । নিশ্চিতভাৱে ভাৰত এখন বিশাল উপ-মহাদেশ । বিগত সময়ত ৩৭০ যেতিয়া বাতিল হ'ল ২০১৯ চনৰ আগষ্ট মাহৰ ৫-৬ তাৰিখে তাৰ পিছত কাশ্মীৰত এনেধৰণৰ ঘটনা হোৱা নাই ।"
প্ৰতিৰোধ সম্পৰ্কত তেওঁ কয়, "মই ভাবো এনেকুৱা শক্তিসমূহক পৃথিৱীৰ য'তেই নহওক, আমেৰিকাই যেনেকৈ লাডেনক নিজৰ ঘৰত গৈ মাৰি থৈ আহিছিল, তেনেধৰণে গোটেই বিশ্বৰ সভ্য সমাজ, গোটেই বিশ্বৰ যিমান শক্তিশালী চৰকাৰ আছে সকলোৱে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক হ'ব লাগে । সন্ত্ৰাসবাদ যিবোৰ ৰাষ্ট্ৰৰ পৰা আৰম্ভ হৈছে বা যিবোৰ ৰাষ্ট্ৰই এই সন্ত্ৰাসবাদক পোষকতা কৰিছে তেনে ৰাষ্ট্ৰৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিব লাগে ।"

