ETV Bharat / state

কংগ্ৰেছে সংবিধান ভূ-লুন্ঠিত কৰি গণতন্ত্ৰক হত্যা কৰিছে : দিলীপ শইকীয়া

ডিব্ৰুগড়ত সংবিধান গৌৰৱ অভিযানত অংশগ্ৰহণ কৰি কংগ্ৰেছক সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ।

Samvidhan Gaurav Abhiyan in Dibrugarh
ডিব্ৰুগড়ত সংবিধান গৌৰৱ অভিযানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 24, 2025 at 9:36 AM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : ‘‘ভাৰতবৰ্ষৰ সংবিধানক হত্যা কৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল কংগ্ৰেছ দলে । ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছে সংবিধান বচোৱাৰ যি এক ভুৱা নেৰেটিভ আৰম্ভ কৰিছে ৷ গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছে কংগ্ৰেছে ৷" ডিব্ৰুগড়ৰ এখন দলীয় সভাত উপস্থিত থাকি এই মন্তব্য কৰে দিলীপ শইকীয়াই ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে, বিজেপিয়ে জিলাই জিলাই দলীয় কৰ্মীসকলক একত্ৰিত কৰি ‘‘সংবিধান গৌৰৱ অভিযান’’ অনুষ্ঠিত কৰিছে । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মীসকলক একত্ৰিত কৰি দলটো শক্তিশালী কৰি ৰাইজৰ কাষ চপাই নিয়াৰ এই কাৰ্যসূচীৰ জৰিয়তে দিহা পৰামৰ্শ দিয়া হৈছে । বিজেপিৰ নীতি-আদৰ্শ ৰক্ষা কৰি দলটোক তৃণমূল পৰ্যায়ৰ পৰাই শক্তিশালী কৰিবলৈ এই কাৰ্যসূচীৰ জৰিয়তে চেষ্টা চলাইছে ।

ডিব্ৰুগড়ত সংবিধান গৌৰৱ অভিযানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া (ETV Bharat Assam)

ৰাজ্যৰ সকলো জিলাতে বিজেপি দলে ‘‘সংবিধান গৌৰৱ অভিযান’’ অনুষ্ঠিত কৰাৰ দৰে আজি ডিব্ৰুগড়ত বিজেপিয়ে অনুষ্ঠিত কৰে এই কাৰ্যসূচী । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই অভিযান ।

ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে বৃহস্পতিবাৰে প্ৰথমবাৰ ডিব্ৰুগড় ভ্ৰমণলৈ অহা সভাপতি দিলীপ শইকীয়াক আদৰণি জনাই কেইবাগৰাকী বিধায়কৰ সৈতে দলীয় কৰ্মীসকলে । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত অনুষ্ঠিত সংবিধান গৌৰৱ অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।

  • ভাৰতবৰ্ষৰ সংবিধানৰ মৰ্যাদা ৰক্ষা কৰিছে বিজেপিয়ে:

বিজেপিৰ সভাপতিগৰাকীয়ে কয়, "প্ৰতিজন কৰ্মকৰ্তাৰ দলটোৰ প্ৰতি থকা ভালপোৱা, কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলত ভাৰতীয় জনতা পাৰ্টী আজি ভাৰতবৰ্ষৰ সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে । বিজেপি দলে আজিৰ সফলতা সহজে লাভ কৰা নাছিল । দলটোৰ হাজাৰ হাজাৰ কৰ্মীয়ে সেৱাই ধৰ্ম বুলি ভাবি কাম কৰি ত্যাগ স্বীকাৰ কৰা বাবেই আজি এই সফলতা ।"

সংবিধান ৰক্ষা কৰা স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাৰ দৰে ‘‘সব কা চাথ সবকা বিকাশ’’ নীতিৰে সকলো বিজেপি কৰ্মীয়ে আগবাঢ়িব লাগিব বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । লগতে কংগ্ৰেছ চৰকাৰে ভাৰতবৰ্ষৰ সংবিধান সময় সময়ে উলংঘা কৰি আহিছে বুলিও নিজৰ ভাষণত কৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । লগতে ভাৰতবৰ্ষৰ সংবিধানৰ মৰ্যাদা ৰক্ষা কৰাৰ বাবে বিজেপি দল আৰু চৰকাৰে কাম কৰি আহিছে বুলিও কয় ।

  • কংগ্ৰেছে দেশৰ সংবিধানক ভূলুন্ঠিত কৰিছে :

ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত সংবিধান গৌৰৱ অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, "ভাৰতবৰ্ষৰ সংবিধানৰ মৰ্যাদা ৰক্ষা কৰা বিষয়সমূহ আলোচনা কৰিছো । কিন্তু কংগ্ৰেছে দেশৰ সংবিধানক ভূ-লুন্ঠিত কৰিছে । কংগ্ৰেছ দলে সংবিধানৰ এটাৰ পাছত আন এটা ধাৰা ভৰিৰে মোহাৰি গণতন্ত্ৰক হত্যা কৰিছে ।’’

‘‘ভাৰতবৰ্ষৰ সংবিধানক হত্যা কৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল কংগ্ৰেছ দলে । ৰাহুল গান্ধীৰ সৈতে কংগ্ৰেছ নেতৃত্বই সংবিধান বচোৱাৰ যি এক ভুৱা নেৰেটিভ আৰম্ভ কৰিছে তাৰ পৰা ভাৰতবৰ্ষৰ ৰাইজক সজাগ কৰাৰ বাবে বিজেপি দলে সংবিধান গৌৰৱ অভিযান আৰম্ভ কৰিছে ।" শইকীয়াই কয় ৷

লগতে পঢ়ক:'২৬ত বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব: দিলীপ শইকীয়াৰ দাবী - DILIP SAIKIA FELICITATED

প্ৰমোচন-ডিমোচন শব্দবিলাক বিজেপিৰ অভিধানত নাই : দিলীপ শইকীয়া - BJP NEW STATE PRESIDENT