ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ ১১ বছৰীয়া শাসন: ৰাজ্যজুৰি বিজেপিৰ মাহজোৰা কাৰ্যসূচী

প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালৰ সফলতাৰ বিষয়ে ৰাজ্যবাসীক অৱগত কৰোৱা হ'ব ।

Assam state BJP
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত পল্লব লোচন দাসৰ সংবাদমেল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 6, 2025 at 11:08 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ২০২৬ চনত অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । নিৰ্বাচনলৈ এতিয়াও প্ৰায় এবছৰ আছে । কিন্তু এতিয়াৰে পৰা শাসকীয় বিজেপিয়ে বিশেষ ৰণনীতিৰে প্ৰস্তুতি চলাইছে । তাৰ অংশ হিচাপে ৰাজ্যিক বিজেপিয়ে জুন মাহত বিশেষ অভিযান আৰম্ভ কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া শাসনৰ সফলতাসমূহ ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে লৈছে বিশেষ পদক্ষেপ । এই পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লব লোচন দাসে । বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি জুন মাহৰ সম্পূৰ্ণ কাৰ্যসূচীৰ বিষয়ে তেওঁ অৱগত কৰে । 'মোদী চৰকাৰৰ ১১ বছৰ-সংকল্পৰ পৰা সিদ্ধিলৈ' শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে জুন মাহৰ ১০ আৰু ১১ তাৰিখে প্ৰতিগৰাকী মন্ত্ৰী, সাংসদ, বিধায়কে সংবাদমেল সম্বোধন কৰিব ।

পল্লব লোচন দাসে কয়, "প্ৰত্যেক জিলাতে ১০-২০ জুনৰ ভিতৰত পেছাদাৰীসকলৰ সন্মিলন আয়োজন কৰা হ'ব ৷ লগতে প্ৰত্যেক বিধানসভা সমষ্টিত ৰাইজৰ সহযোগত ১০ৰ পৰা ২০ জুনলৈ কেন্দ্ৰই আগবঢ়োৱা আঁচনিসমূহৰ হেতু পঞ্জীয়ন শিবিৰ অনুষ্ঠিত কৰা হ'ব ৷ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে 'বয়োবন্দন আয়ুষ্মান ভাৰত যোজনা'ৰ পঞ্জীয়ন ১০০ শতাংশ সুনিশ্চিত কৰিবলৈ ঘৰে ঘৰে যাব আমাৰ কৰ্মকৰ্তাসকল ৷ এই কাৰ্যসূচীত সাংসদ, বিধায়ক, চি ই এম, প্ৰাক্তন বিধায়ক, পাৰিষদ, ই এম, জিলা পৰিষদৰ সদস্য তথা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাসকলৰ লগতে জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰিব ।"

ৰাজ্যজুৰি বিজেপিৰ মাহজোৰা কাৰ্যসূচী (ETV Bharat)

তেওঁ লগতে উল্লেখ কৰে যে মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সফলতাৰ মাপকাঠিসমূহ ১০ জুনৰ দিনা ৰাজ্যিক কাৰ্যালয়ৰ লগতে সকলো জিলা কাৰ্যালয়ত একোটাকৈ প্ৰদৰ্শনী ৰাইজৰ বাবে মুকলি কৰা হ'ব ।

তেওঁ উল্লেখ কৰা মতে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ সেয়েহে ১৫ জুনৰ পৰা ২০ জুনলৈকে সকলো মণ্ডলতেই যোগ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হ'ব । ১৬ ৰ পৰা ২০ জুনলৈ প্ৰতিটো বুথ পৰ্যায়ত মোদী চৰকাৰৰ ১১ বছৰীয়া উন্নয়নৰ যাত্ৰাৰ বিষয়ে একোখনকৈ চোতাল বৈঠকৰ আয়োজন কৰা হ'ব ৷ লগতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ অভিযান ব্যাপক ৰূপত ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ৷

ইফালে ২৩ জুনত বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতি ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদান দিৱসত প্ৰতিটো বুথত স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হ'ব । দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দ্বাৰা জাৰি কৰা জৰুৰীকালীন অৱস্থাই এই বৰ্ষত ৫০ বছৰ অতিক্ৰম কৰিব ৷ সেয়েহে প্ৰত্যেক জিলাতে উক্ত দিনটো ক'লা দিৱস হিচাপে পালন কৰাৰ লগতে বিভিন্ন সভা অনুষ্ঠিত হ'ব বুলি বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰে । অৱশ্যে ৰাজ্যখনত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বানপীড়িতসকলক সকলো প্ৰকাৰৰ সহযোগ কৰা বিজেপিৰ কৰ্মকৰ্তাৰ প্ৰাথমিক পদক্ষেপ হ'ব আৰু বান প্ৰভাৱিত অঞ্চলবোৰত এই কাৰ্যসূচী বাতিল কৰা হ'ব বুলি পল্লব লোচন দাসে উল্লেখ কৰে ।

লগতে পঢ়ক :হাতীৰ পিঠিত উঠি দিল্লীলৈ যাব কোন ? অগপৰ সদৰত বিচাৰ-বিবেচনা - AGP MEETING RAJYA SABHA ELECTIONS