ETV Bharat / state

আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন: কৃষ্ণ বন্দনাৰে মুখৰিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ

অসমীয়া জাতিৰ ভৱিষ্যতক লৈ চিন্তিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা ।

Sankardev Sangha Jorhat session
শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশন আৰম্ভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 6, 2025 at 8:09 AM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে যোৰহাট ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । কিয়নো বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন । যাৰ বাবে এতিয়া সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে হৰিনামৰ অমিয়া বাণী ।

ইফালে শংকৰ সংঘৰ অধিৱেশন উপলক্ষে বুধবাৰে অধিৱেশনস্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা । অধিৱেশনস্থলীত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাক উষ্ম আদৰণি জনোৱা হয় । অধিৱেশনস্থলীত উপস্থিত হোৱাৰ লগে লগে শংকৰদেৱ সংঘৰ যুৱ বাহিনীৰ লগতে আইমাতৃসকলে পদাধিকাৰগৰাকীক উষ্ম আদৰণি জনায় ।

শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশন আৰম্ভ (ETV Bharat Assam)

আনহাতে, অধিৱেশনস্থলীত উপস্থিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে পদাধিকাৰগৰাকীয়ে । সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "শংকৰদেৱ সংঘৰ সকলোৰে এটাই উদ্দেশ্য আৰু লক্ষ্য- আমি এক জাত, এক পাত, এক বাট আৰু এক দেৱ আৰু এক সেৱ, এই সমন্বয়ৰ বাণীৰে আগবাঢ়ি যাব লাগিব । আমি সকলো জাতি-জনগোষ্ঠী মিলি যদি একত্ৰিত হৈ নাথাকো, তেতিয়াহ'লে অসমীয়া জাতিৰ সংকট অৱধাৰিত হৈ পৰিব । সেয়েহে আমি সকলো জাতি-জনগোষ্ঠীয়ে মিলিজুলি যদি আমাৰ জাতি-মাটি-ভেটি, আমাৰ কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য ৰক্ষা কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ গত্যন্তৰ নাই । আমি আধ্যাত্মিক আদৰ্শৰে আৰু মানৱতাবাদী ভাবধাৰা লৈ আৰু গুৰুজনাৰ আদৰ্শ সৰোগত কৰি সকলোৱে ঐক্যবদ্ধ হৈ আমি আগবাঢ়ি যাম ।"

লগতে তেওঁ কয়, "যুৱ শক্তি আমাৰ ধৰণী আৰু যুৱ শক্তিয়ে কৰিব নোৱৰা কাম একো নাই । অসমীয়া জাতি, জাতীয় জীৱন উজ্জ্বল হৈ সদায় বিশ্বজুৰি জিলিকি থাকিব ।"

লগতে পঢ়ক :শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ বাকৰিৰ নামঘৰত ধৰ্মধ্বজা প্ৰতিষ্ঠা - SRIMANTA SANKARADEV SANGHA
লগতে পঢ়ক :লক্ষাধিক ভক্তক আদৰিবলৈ সাজু বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ - SANKARDEV SANGHA JORHAT SESSION