ETV Bharat / state

উদুলি-মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন প্ৰথম দিনাই হাজাৰ হাজাৰ লোকৰ আগমন ।

Sankaradeva Sangha Jorhat session
উদুলি-মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 6, 2025 at 4:41 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : আজিৰে পৰা যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন । পুৱাৰে পৰা সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যোৰহাটলৈ ভকত-বৈষ্ণৱৰ আগমন হৈছে । ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰথমটো দিনতে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল ।

গুৰুজনাৰ সৃষ্টিৰাজিৰে ভকত-বৈষ্ণৱক আদৰণি সেৱা বাহিনীৰ

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ভকত-বৈষ্ণৱ তথা ভক্তসকলৰ আগমন হৈছে । ভক্তসকলক অধিৱেশনলৈ শঙ্কৰদেৱ সংঘৰ সেৱা বাহিনীয়ে আদৰণি জনাইছে । অধিৱেশনৰ বাটচ'ৰাত সেৱা বাহিনীয়ে জাতীয় সাজ-পাৰ পৰিধান কৰি মুখত গুৰুজনাৰ অমিয়া বাণী আওৰাই ভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলক উষ্ম আদৰণি জনাইছে । অধিৱেশনৰ প্ৰৱেশদ্বাৰত গুৰুজনাৰ নাম-কীৰ্তন পৰিৱেশন কৰাও দেখা গৈছে সেৱা বাহিনীক ।

উদুলি-মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ (ETV Bharat)

ভকত বৈষ্ণৱক আদৰি আনন্দিত যোৰহাটবাসী

যোৰহাটৰ এগৰাকী আই মাতৃয়ে কয়, "অধিৱেশনলৈ অহা ভকত বৈষ্ণৱক আদৰি আমি অধিক আনন্দিত আৰু আমি দিনে নিশাই অধিৱেশনত উপস্থিত থাকি ভকত বৈষ্ণৱক সেৱা কৰিম ।" উল্লেখ্য যে উত্তৰ পূৱ ভাৰতৰ অন্যতম বৃহৎ আধ্যাত্মিক অনুষ্ঠান হ'ল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ । শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীত এইবাৰ বৃহৎ আকাৰৰ ২০০ টা শিবিৰ নিৰ্মাণ কৰা হৈছে । একেদৰে ভকত বৈষ্ণৱসকলৰ আপ্যায়নৰ বাবে বিশাল আয়োজন কৰা হৈছে । ১০ হাজাৰ লোকে সিদ্ধ গ্ৰহণ কৰিব পৰাকৈ বিশাল ভোজনালয়ো নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক :আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন: কৃষ্ণ বন্দনাৰে মুখৰিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ - SANKARDEV SANGHA JORHAT SESSION