ETV Bharat / state

টাইপাই নেৰে, শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো এৰি দিয়া নাই

মে-ডাম-মেফিত অংশ লোৱা বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই এজন সদস্য়ক বহিষ্কাৰ কৰাক লৈ টাইপাইৰ প্ৰতিবাদ । ইয়াৰ পিচতেই সৰৱ শ্ৰীমন্ত শংকৰদেৱ সংঘ ।

SRIMANTA SANKARADEVA SANGHA PROTEST
মাজুলীত টাইপাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজাহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 19, 2025 at 10:26 AM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: টাই আহোমসকলৰ মে-ডাম-মেফিত অংশ লোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সদস্যক সংঘৰ পৰা বহিষ্কাৰ কৰাক লৈ টাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজত হোৱা সংঘাত অব্যাহত আছে । টাইপাই সোণাৰিত সংঘৰ সংবিধান দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত মঙলবাৰে এই সংগঠনটোৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৰাজ্য়ৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰে ।

গোলাঘাটত সমদল ভকত-বৈষ্ণৱৰ:

টাইপাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক জ্বলাই সংঘৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিৰুদ্ধে গৰজি উঠিছে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তৰ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ । সংগঠনটোৰ এনে কাৰ্যৰ বিৰুদ্ধে কালি গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা শতাধিক ভকত-বৈষ্ণৱে হাতত সংঘৰ সংবিধান আৰু প্ৰতীক লৈ সমদল উলিয়াই সদৰ আৰক্ষী থানাত টাইপাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । তেওঁলোকে লগতে জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

টাইপাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজাহাৰ (ETV Bharat Assam)

এই সন্দৰ্ভত গোলাঘাট জিলা শাখাৰ সভাপতি গোলাপ শইকীয়াই কয়," উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা ধৰ্মীয় অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ অৰুণাচল,মেঘালয়, নাগালেণ্ড আদি ৰাজ্যসমূহত জিলা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি দিল্লী, ওড়িশা শাখা গঠন কৰা হৈছে । তেনেকুৱা এটা অনুষ্ঠানৰ সংবিধান টাইপা নামৰ সংগঠনটোৰ কেইজনমান দুস্কৃতিকাৰীয়ে জ্বলাই দিছে । কি কাৰণত জ্বলাইছে আমি জ্ঞাত নহয় । তাৰ বিৰুদ্ধে আমি থানাত গোচৰ ৰুজু কৰিছো । আমাৰ শিৰৰ মুকুট সংবিধানখন যেতিয়া তেওঁলোকে ভৰিৰে মোহাৰি জ্বলাই দিছে, গতিকে সেই দুস্কৃতিকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো । আজি গোলাঘাট জিলাৰ বিভিন্ন শাখাৰ পৰা পোন্ধৰখন এজাহাৰ দাখিল কৰা হৈছে ।

আনহাতে, এই সম্পৰ্কে সংঘৰ গোলাঘাট জিলা শাখাৰ সম্পাদক পৱিত্ৰ নাথে কয়, "আজি আমি এটা গোচৰ ৰুজু কৰিছো । টাইপা নামৰ এটা সংগঠনে আমাৰ পৱিত্ৰ সংবিধান আৰু প্ৰতীক জ্বলাই দিছিল সোণাৰি নগৰৰ মাজমজিয়াত । নিশাৰ ভাগত চৰাইদেউ জিলা শাখাই সোণাৰি থানাত গোচৰ ৰুজু কৰাৰ সমান্তৰালকৈ আজিৰ দিনটোত আমাৰ সংঘৰ সকলো ব্যক্তি ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ । "

যোৰহাট সদৰ থানাত ১৭ খন এজাহাৰ দাখিল:

কেইবা শতাধিক ভক্ত-বৈষ্ণৱে সমদল কৰি যোৰহাট সদৰ থানাত কালি এজাহাৰ দাখিল কৰে । সংঘৰ যোৰহাট জিলা সমিতিৰ শতাধিক ভক্ত-বৈষ্ণৱে জিলা নামঘৰত সমবেত হৈ সমদল কৰে যোৰহাট সদৰ থানালৈ । সংবিধান জ্বলোৱাক লৈ টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে থানাত দাখিল কৰে এজাহাৰ ।

SRIMANTA SANKARADEVA SANGHA PROTEST
যোৰহাটত মাজুলীত টাইপাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজাহাৰ (ETV Bharat Assam)

টাইপাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সমিতিৰ এগৰাকী বিষয়ববীয়াই কয়, "টাই আহোম যুৱ পৰিষদে আমাৰ সংবিধানখন দাহ কৰি আমাৰ লক্ষ লক্ষ ভকতৰ স্বাভিমানত আঘাত হানিছে, সেয়েহে দোষীয়ে যাতে উচিত শাস্তি পাই তাৰবাবে আমি এজাহাৰ দাখিল কৰিছো । আইনৰ ওপৰত আমাৰ আস্থা আছে । আজি যোৰহাট সদৰ থানাত ১৭ খনকৈ এজাহাৰ দাখিল কৰা হৈছে । সমগ্ৰ যোৰহাট জিলাত প্ৰায় দুশখনৰো অধিক এজাহাৰ দিয়া হৈছে টাইপাৰ বিৰুদ্ধে ।" আনহাতে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সংঘৰ যোৰহাট জিলা শাখাই ।

গড়মূৰ সদৰ থানাত এজাহাৰ দাখিল :

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজুলী জিলা শাখাই মঙলবাৰে সমদল কৰি টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গড়মূৰ সদৰ আৰক্ষী থানাত । সোণাৰিত টাইপাৰ সদস্যই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধান দাহ কৰা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে সেইসকল সদস্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজুলী জিলা সমিতিয়ে এই এজাহাৰ দাখিল কৰে ।

সংঘৰ মাজুলী জিলা সমিতিৰ এগৰাকী বিষয়ববীয়াই এই সন্দৰ্ভত কয়," শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধ্বজা স্বৰূপ যি সংবিধান আছে সেই সংবিধানৰ অগ্নিত দাহ কৰা কাৰ্য অত্যন্ত দুৰ্ভাগ্যজনক । সেইবাবে সমগ্র ৰাজ্যৰ সংঘৰ প্ৰতিখন জিলা সমিতিয়ে, প্ৰতিখন আঞ্চলিক সমিতিয়ে টাইপাৰ এইসকল সদস্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এজাহাৰ দাখিল কৰে ।"

লগতে পঢ়ক:যুঁজ অব্যাহত, এফালে শ্ৰীমন্ত শংকৰদেৱ সংঘ আনফালে টাইপা - SRIMANTA SANKARADEVA SANGHA

টাইপাৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই - SRIMANTA SANKARADEVA SANGHA