জুবিন মোৰ কাৰণে মাত্ৰ এটা পণ্য সামগ্ৰী: শ্যামকানুৰ বিৰুদ্ধে সৃজনী ভাস্ব মহন্তৰ বিস্ফোৰণ
শ্যামকানু মহন্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৃজনী ভাস্ব মহন্ত ৷ দুনাই কোৱাৰ প্ৰয়োজন নাই যে সম্পৰ্কত সৃজনী ভাস্ব মহন্ত শ্যামকানু মহন্তৰ ভতিজী ৷

Published : September 25, 2025 at 11:18 PM IST
নিউজ ডেস্ক: দিন বাগৰাৰ লগে লগে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৰহস্য যেন অধিক গভীৰতাত সোমাই পৰিছে ৷ প্ৰায় প্ৰতিদিনে অসমবাসীৰ সন্মুখলৈ আহিছে ন ন তথ্য ৷ ৰাজ্যবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে ৷ সৰ্বত্ৰে মাথোঁ দেখা গৈছে প্ৰতিবাদৰ ঢৌ ৷
ইতিমধ্যে শিল্পীগৰাকীৰ অকাল মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আনিবলৈ গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল(SIT) ৷ ন জনীয়া এই দলটোৰ নেতৃত্বত আছে আই পি এছ মুন্নাপ্ৰসাদ গুপ্তা ৷ সেইমৰ্মে তদন্তকাৰী দলটোৱে বৃহস্পতিবাৰৰ পৰা অভিযান আৰম্ভ কৰে ৷
অভিযানকাৰী দলটোৱে এই মৃত্যুত নাম সাঙোৰ খোৱা বহুচৰ্চিত নাম শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু প্ৰয়াত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ ঘৰত অভিযান চলায় ৷
এই অভিযানৰ পিছতে সামাজিক মাধ্যমত শ্যামকানু মহন্তৰ বিৰুদ্ধে এক পোষ্ট আপলোড কৰে শিল্পী সৃজনী ভাস্ব মহন্তই ৷ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ পক্ষত থিয় হোৱা দেখা যায় সৃজনীক ৷
আনহাতে, শ্যামকানু মহন্তৰ বিৰুদ্ধে সৰৱ হৈ পৰে সৃজনী ভাস্ব মহন্ত ৷ দুনাই কোৱাৰ প্ৰয়োজন নাই যে সম্পৰ্কত সৃজনী ভাস্ব মহন্ত শ্যামকানু মহন্তৰ ভতিজী ৷ পূৰ্বেও দুয়োগৰাকীৰ মাজত বাকবিতণ্ডা হোৱা সামাজিক মাধ্যমত পৰিলক্ষিত হৈছিল ৷
সামাজিক মাধ্যমত সৃজনী ভাস্ব মহন্তৰ পোষ্ট
সামাজিক মাধ্যমত সৃজনী ভাস্ব মহন্তই আপলোড কৰা পোষ্টটো আছিল এনেধৰণৰ- ‘‘জুবিনদা অসমৰ জাতীয় জীৱন আৰু প্ৰত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল, কি হৈ ৰ'ব চিৰদিন, তাৰ বিশালতাক কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি, শিৰাই-শিৰাই মাথোঁ অনুভৱহে কৰিব পাৰি । তেওঁৰ কৰ্ম আৰু জীৱনশৈলীৰে এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোকে বুজাই থৈ গ'ল । যোৱা এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে মোক শুধি যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিনদাৰ মৃত্যুকলৈ । আজিও একো নিলিখিলো হয়, কাৰণ সকলো মানুহে নিজ-নিজ ধৰণেৰে শোকৰ লগত মোকাবিলা কৰে । কিন্তু কিছুমান কথাৰ কাৰণে লিখিবলৈ বাধ্য হৈছো ।
মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে যেনেদৰে সমালোচনা কৰে, গালিও পাৰে মাজে-মাজে, মোৰ ভাল লাগে, নিজকে সৌভাগ্যশালী বুলি ভাবো । কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকাণু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ কৰ্মকাণ্ডৰ লগত বহুতে মোকো সাঙুৰি লোৱা দেখিবলৈ পাইছো । এইটোহে মোৰ বাবে গ্ৰহণযোগ্য নহয় । জন্মসূত্ৰে মই এটা পৰিয়ালৰ সদস্য । তেজৰ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পৰ্ক নাই । বহুত বছৰ ধৰি কোনো ধৰণৰ কথা-বতৰাও নাই উল্লিখিত ব্যক্তিজনৰ লগত । যিসকল লোকে মোক ব্যক্তিগতভাৱে চিনি পায়, তেওঁলোকে জানে আমাৰ মতাদৰ্শ আৰু জীৱন-যাপন কিমান পৃথক । তেওঁ মোৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কেইবাবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে যে তেওঁ আৰু তেওঁৰ আন ভাইকেইজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই ।
বহু বছৰৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল । এজনে ক'লে, "জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয়যে ইমান মদ খায় !" ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো - "বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী) ।" সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ "ৰাজহাড়", জুবিন তেওঁৰ "আত্মা"। ঘৃণা উপজে । জুবিনদাৰ জীৱনকলৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওঁক । কঠোৰতম তদন্ত আৰু শাস্তি হওঁক ।’’
উল্লেখ্য যে, সৃজনী ভাস্ব মহন্তৰ এই ফেচবুক পোষ্টৰ পিছতে পুনৰ ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়া পৰিলক্ষিত হয় ৷
লগতে পঢ়ক: শেখৰজ্যোতি-শ্যামকানু-সিদ্ধাৰ্থৰ ঘৰত এছ আই টিৰ অভিযান: গ্ৰেপ্তাৰ ভিক্টৰ দাস-অজয় ফুকন

