ETV Bharat / state

ADREত উজলিল বিশেষভাৱে সক্ষম যুৱক

সদ্যঘোষিত এ ডি আৰ ই ২.০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলত আনন্দিত কাকডোঙাবাসী । কিন্তু কিয় ?

ADRE results 2025
ADREত উজলিল বিশেষভাৱে সক্ষম যুৱক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 11:09 AM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট : মনত অজুত বিশ্বাস আৰু একাগ্ৰতা থাকিলে অসম্ভৱ বুলি ভবা কাম যে সফল কৰি তুলিব পাৰি তাকে প্ৰমাণ কৰি দেখুৱালে গোলাঘাট জিলাৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱকে । দৃষ্টিশক্তি নাথাকিলেও মনৰ দৃষ্টিৰে পুহি ৰখা সপোনক বাস্তৱত ৰূপায়ন কৰি দেখুৱালে যুৱকজনে । জন্মৰ পৰাই দুয়োটা চকুৰে নেদেখা যুৱকজনে শুকুৰবাৰে ঘোষণা কৰা 'ADRE'ত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ।

গোলাঘাটৰ বিশেষভাৱে সক্ষম যুৱকৰ সফলতা

গোলাঘাট জিলাৰ দেৰগাঁৱৰ বিশেষভাৱে সক্ষম যুৱকজনৰ এই সফলতাত উৎফুল্লিত হৈছে কাকডোঙা অঞ্চলৰ চমুৱা গাঁওবাসী । যুৱকজন হৈছে অভিষেক বৰা । অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল কাকডোঙা মৌজাৰ চমুৱা গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰা আৰু অনিমা বৰাৰ পুত্ৰ অভিষেক বৰা । অভিষেকৰ পিতৃ তৰুণ চন্দ্ৰ বৰা কাচমাৰি এম.ই স্কুলত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছিল । একেদৰে অভিষেকৰ মাতৃ অনিমা বৰাও ৮২ নং গ্ৰান্ত প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল । কিন্তু পুত্ৰৰ শুশ্ৰূষাৰ বাবে চাকৰিৰ পৰা অব্যাহতি লৈছিল মাতৃয়ে ।

ADREত উজলিল বিশেষভাৱে সক্ষম যুৱক (ETV Bharat)

কষ্টৰ ফল পালে অভিষেকে

অৱশ্যে ADR পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে আনন্দত আত্মহাৰা হৈ পৰে পিতৃ-মাতৃৰ লগতে গাঁওবাসী । অভিষেক বৰাই প্ৰথমে যোৰহাটৰ অন্ধ বিদ্যালয়ত প্ৰাথমিক শিক্ষাগ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত হাতীয়েখোৱা পূৰ্বাঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০২১ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । মেধা সম্পন্ন যুৱকজনৰ সফলতাৰ বাবে পিতৃ-মাতৃয়ে চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছে ।

পৰীক্ষাৰ ফলাফলৰ পিছতে অভিষেকে সংবাদ মাধ্যমক কয়, "এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বিশেষকৈ মোবাইল ফোনৰ সহায় লৈছিলো । ইউটিউব বা গুগলত শুনি শুনি পঢ়িছিলো আৰু মই কোনোধৰণৰ কোচিং বা কিতাপ পঢ়া নাছিলোঁ । নৱম আৰু দশম শ্ৰেণীৰ কিতাপসমূহ অলপ অধ্যয়ন কৰিছিলোঁ ।"

পুত্ৰৰ সফলতাত আনন্দিত পিতৃয়ে কয়, "তাৰ সফলতাত বৰ সন্তোষ পাইছো । কাৰণ সি যি কষ্ট কৰিছে তাৰ ফল লাভ কৰিছে । অনাগত দিনত ভগৱানে তাক আৰু ভাল পথলৈ আগুৱাই নিয়ে যেন তাৰে কামনা কৰাৰ লগতে অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ।"

মাতৃ অনিমা বৰাই কয়,"ভালে লাগিছে ল'ৰাটো পাছ কৰিছে । কষ্টটো অলপ হৈছে । আজি বহুত ভাল লাগিছে । চৰকাৰক অশেষ ধন্যবাদ দিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।"

লগতে পঢ়ক :ADRE ৰ ফলাফল: ক'ত-কেনেকৈ ফলাফল লাভ কৰিব - ADR EXAM