তামোল-পাণৰ শৰাইৰে অনুৰোধ- নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰক - SIGNBOARDS IN ASSAMESE LANGUAGE
Signboards in Assames language: ধেমাজিত তামোল-পাণৰ শৰাই আৰু গোঁহাৰি পত্ৰ লৈ দোকানে দোকানে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কৰ্মী । সকলোকে জনাইছে অনুৰোধ । ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ দাবীত এই অভিনৱ পন্থা সংগঠনৰ নেতা-কৰ্মীৰ ।

Published : September 14, 2024 at 9:42 PM IST
ধেমাজি,১৪ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ মুখ্য নগৰ ধেমাজি, চিলাপথাৰ, জোনাই, গোগামুখকে ধৰি সৰু-বৰ কেইবাখনো নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী, অৰ্দ্ধ-চৰকাৰী কাৰ্যালয়ৰ নামফলকত দৃষ্টিকটুভাৱে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছে কেৱল ইংৰাজী ভাষা ৷ যাৰ ফলত অসমীয়া ভাষাই নিজৰ অস্তিত্ব হেৰুওৱাৰ উপৰি অসমীয়া ভাষাক সম্পূৰ্ণভাৱে এলাগী কৰিছে ৷
ব্যৱসায়িক প্ৰতিষ্ঠান তথা কাৰ্যালয়ৰ মুৰব্বীসকলৰ ইচ্ছাকৃত এনে কাৰ্যত অতিকৈ ক্ষুব্ধ হৈ পৰা ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদে অসমীয়া ভাষা প্ৰয়োগৰ দাবী জনাই যোৱা ৩১ আগষ্টত ধেমাজি জিলা আয়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে যদিও কাৰ্যক্ষেত্ৰত জিলা প্ৰশাসনে চূড়ান্তভাৱে হেমাহি প্ৰদৰ্শন কৰে । জিলা প্ৰশাসনে বিষয়টো গুৰুত্বহীন কৰি তোলাৰ পিছত পুনৰ শনিবাৰে ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদে ধেমাজি নগৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ একোখনকৈ গোঁহাৰি পত্ৰৰে প্ৰতিষ্ঠানৰ নামফলকত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ আহ্বান জনায় ।
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেন দিহিঙীয়াৰ নেতৃত্বত যুৱ পৰিষদৰ কৰ্মীসকলে হাতত তামোল-পাণৰ শৰাই লৈ সন্ধিয়ালৈকে নগৰখনৰ প্ৰায় চাৰি শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানত এই গোঁহাৰি পত্ৰ বিতৰণ কৰি অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত নামফলকসমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায় ।
উল্লেখ্য যে, গোঁহাৰি পত্ৰত ধেমাজি জিলাৰ বিভিন্ন নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ নামফলকসমূহত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাক অত্যধিক প্ৰাধ্যান্য দিয়াত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু এই কাৰ্যই ১৯৬০ চনৰ ৰাজ্যভাষা আইন উলংঘা কৰিছে বুলি পোনপটীয়াকৈ অভিযোগ কৰে ৷ গোঁহাৰি পত্ৰৰ জৰিয়তে জাতীয়তাবাদী যুৱ পৰিষদে ৩০ ছেপ্টেম্বৰৰ ভিতৰত ধেমাজি নগৰৰ লগতে জিলাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামফলকসমূহ অসমীয়া ভাষাত লিখিবলৈ আহ্বান জনায় ।
এই সময়সীমাৰ ভিতৰত নামফলকসমূহ অসমীয়া ভাষাত নিলিখিলে জাতীয়তাবাদী যুৱ পৰিষদে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি গোঁহাৰি পত্ৰৰ জৰিয়তে সকীয়নি প্ৰদান কৰে ৷ লক্ষ্যণীয় যে আজিৰ গোঁহাৰি পত্ৰ বিতৰণত ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম যুৱ পৰিষদ, বীৰ লাচিত সেনা, চুতীয়া ছাত্ৰ সন্থাৰ বহুসংখ্যক কৰ্মীয়ে সহযোগ কৰে ।

