ETV Bharat / state

নীলাচলৰ বুকুত বিৰাজমান শক্তিৰ আৰাধ্যা দেৱী মা কামাখ্যা : বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মহাযোগৰ মাহাত্ম্য

দেশ-বিদেশৰ সাধু-সন্নাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰে মুখৰিত নীলাচল পাহাৰ । মা কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মহাযোগক লৈ এক বিশেষ প্ৰতিবেদন ।

Ambubachi Mahayoga 2025
নীলাচলৰ বুকুত দেশ-বিদেশৰ সাধু-সন্নাসীৰ সমাগম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 2:13 PM IST

12 Min Read
Choose ETV Bharat

গুৱাহাটী : ইতিহাস প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰত এতিয়া অম্বুবাচী মেলাৰ উখল-মাখল পৰিৱেশ । দেশ-বিদেশৰ সাধু-সন্নাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰে মুখৰিত হৈ পৰিছে নীলাচল পাহাৰ ।

অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ'ব ২২ জুনৰ দুপৰীয়া ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডত । ২২ জুনৰ পৰা ২৫ জুনলৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব । ২৬ জুনৰ পুৱা দেৱীৰ স্নান আৰু নিত্যপূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব ।

অম্বুবাচী মহাযোগ (ETV Bharat Assam)

অম্বুবাচী মহাযোগৰ কেইদিনত শক্তিৰূপী মা কামাখ্যাৰ জপ-তপ আৰু আৰাধনা কৰাৰ বাবে নীলাচল পাহাৰত সমৱেত হৈছে দেশ-বিদেশৰ বহু সাধু-সন্নাসী । একপ্ৰকাৰ উদুলি-মুদুলি হৈ পৰিছে নীলাচল পাহাৰ । অন্যতম শক্তিপীঠ তথা দেৱীপীঠ হিচাপে বিশ্ব প্ৰসিদ্ধ এই মা কামাখ্যা মন্দিৰৰ মহাত্ম্যই যুগ যুগ ধৰি সকলোকে আকৰ্ষিত কৰি আহিছে ।

সময়ৰ গতিত কামাখ্যা মন্দিৰৰ চৌপাশৰ ৰূপ সলনি হৈছে যদিও ইয়াৰ অধ্যাত্মিক স্বৰূপ আজিও অক্ষয় অৱস্থাত আছে । যুগ যুগ ধৰি চলি অহা পৰম্পৰাৰেই মা কামাখ্যা মন্দিৰ পৰিচালিত হৈ আহিছে । মা কামাখ্যা মন্দিৰকলৈ সময়ে সময়ে বিভিন্ন ধৰণৰ চৰ্চাই প্ৰাধান্য লাভ কৰে যদিও আস্থা আৰু বিশ্বাসৰ প্ৰতীক হিচাপে আজিও মা কামাখ্যা মন্দিৰ সেই একেদৰেই আছে ।

AMBUBACHI MELA 2025
মা কামাখ্যা মন্দিৰ (ETV Bharat Assam)

মা কামাখ্যা মন্দিৰৰ আধ্যাত্মিক পৰিৱেশে সকলোকে মানসিক প্ৰশান্তি দিয়ে । নীলাচলৰ বুকুত প্ৰৱেশ কৰাৰ লগে লগেই সকলোৱে এক অনন্য মানসিক সন্তুষ্টি লাভ কৰে । কেৱল অম্বুবাচী মহাযোগ বুলিয়েই নহয় আন সকলো সময়তেই নীলাচল পাহাৰ ভক্তৰে মুখৰিত হৈ থাকে ।

অৱশ্যে অম্বুবাচী মহাযোগৰ সময়ত লোকাৰণ্য হৈ পৰে নীলাচল পাহাৰ । আজিৰ এই প্ৰতিবেদন মা কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মহাযোগৰ মাহাত্ম্যকলৈ প্ৰস্তুত কৰা হৈছে । কামাখ্যা দেৱালয়ৰ সৰুদলৈ হিমাদ্ৰী শৰ্মাৰে হোৱা ইটিভি ভাৰতৰ এক আছুটীয়া সাক্ষাতকাৰৰ আধাৰত এই প্ৰতিবেদন যুগুত কৰা হৈছে ।

AMBUBACHI MELA 2025
মা কামাখ্যা মন্দিৰ (ETV Bharat Assam)

বিশ্ব প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰৰ কিছু কথা :

কামাখ্যা দেৱীপীঠ সন্দৰ্ভত কামাখ্যা দেৱালয়ৰ সৰুদলৈ হিমাদ্ৰী শৰ্মাই কয়, "মা কামাখ্যা হৈছে বিশ্বজননী, জগতজননী, জগত উদ্ধাৰকাৰিনী, জগত ৰঞ্জনকাৰিণী । গোটেই ব্ৰহ্মাণ্ড সৃষ্টিৰ মূলতে হৈছে মা কামাখ্যা । গুৱাহাটীৰ নীলাচল পাহাৰৰ বুকুত মাৰ অৱস্থিতি ।’’

‘‘হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হৈছে এই কামাখ্যা মন্দিৰ । দেশৰ মুঠ ৫১ খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ । ইয়াতেই মা ভগৱতী বিৰাজমান । মা কামাখ্যাৰ দশমাবিদ্যাৰো ৰূপ আছে । গৰ্ভগৃহত মা কামাখ্যা আৰু মহালক্ষ্মী আৰু মহাসৰস্বতী আছে ।’’ তেওঁ কয় ৷

AMBUBACHI MELA 2025
মা কামাখ্যা মন্দিৰ (ETV Bharat Assam)

‘‘মা কামাখ্যাই সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ড নিয়ন্ত্রণ কৰে । মাৰ মন্দিৰটো কোনো সাধাৰণ পৰিকল্পনাৰ নহয় । এইটো মহাদেৱৰ পৰিকল্পনা । মন্দিৰৰ তলৰ ভাগখিনি বিশ্বকৰ্মা আৰু কামদেৱে বনাইছে । এইটো দেৱতাই বনোৱা মন্দিৰ । ভিতৰত অষ্টভৈৰৱ আছে । বাহিৰত চৌষষ্ঠী যোগিনী আছে, ওঠৰ ভৈৰৱ আছে আৰু নানান ধৰণৰ ক্ষোদিত মূৰ্তি আছে । ইয়াত কেৱল মনুষ্যই নহয় নানান দেৱ-দেৱীয়ে মাৰ সেৱা কৰিবলৈ আহে ।" শৰ্মাই কয় ৷

কালাপাহাৰে ক্ষতি কৰিছিল কামাখ্যা মন্দিৰৰ :

কালাপাহাৰে কামাখ্যা মন্দিৰৰ ক্ষতি কৰা সন্দৰ্ভত তেওঁ কয়, "সময়ে সময়ে মন্দিৰৰ নিৰ্মাণকাৰ্য হৈ আহিছে । যেনেদৰে কালাপাহাৰে মন্দিৰৰ ওপৰত অংশ ভাঙি পেলাইছিল । ভাঙি দিয়া অংশ নৰনাৰায়ণ চিলাৰায়ে নিৰ্মাণ কৰিছিল । ইতিহাসত লিখা আছে যে এই মন্দিৰ নিৰ্মাণ কৰোতে যথেষ্ট কষ্ট হৈছিল ।’’

AMBUBACHI MELA 2025
নীলাচলৰ বুকুত দেশ-বিদেশৰ সাধু-সন্নাসীৰ ভিৰ (ETV Bharat Assam)

‘‘বহুবাৰ মন্দিৰ বনাব গৈ খহি পৰিছিল । ভগৱতীৰ পৰা সপোনত পোৱা নিৰ্দেশ মৰ্মে নৰনাৰায়ণ চিলাৰায়ে পূজা-পাতল, হোম-যজ্ঞ, বলি আদি পৰ্বৰ যোগেদি এই মন্দিৰ সুন্দৰকৈ নিৰ্মাণ কৰে । আজিৰ এই মন্দিৰ নৰনাৰায়ণ চিলাৰায়ে নিৰ্মাণ কৰা ।" শৰ্মাই কয় ৷

কামাখ্যা মন্দিৰ আৰু নৰকাসুৰ :

কামাখ্যা মন্দিৰৰ লগত নৰকাসুৰৰ সম্পৰ্ক সন্দৰ্ভত তেওঁ কয়, "নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল । নৰকাসুৰ দেৱীৰ ভক্তও আছিল । কিন্তু এটা সময়ত অহংকাৰী নৰকাসুৰৰ অত্যাচাৰ আৰম্ভ হয় । আখ্যান অনুসৰি এটা সময়ত নৰকাসুৰে দেৱী মা কামাখ্যাক বিয়া কৰাব খুজিছিল । দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যত নৰকাসুৰৰ মতিভ্ৰম হয় । নৰকাসুৰে দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ায় । যিটো কোনো কাৰণতে সম্ভৱ নহয় আৰু সেই কথা দেৱীয়ে নৰকাসুৰক অৱগত কৰে । কিন্তু নৰকাসুৰ নাচোৰবান্দা হৈ থকাত কামাখ্যা দেৱীয়ে নৰকাসুৰৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে ।’’

‘‘দেৱীয়ে ক'লে যে নৰকাসুৰে যদি মন্দিৰৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে এক ৰাতিৰ ভিতৰত চাৰি দুৱাৰ আৰু এটা জিৰণি কোঠা বনাই দিয়ে তেন্তে দেৱীয়ে নৰকাসুৰৰ সৈতে বিয়াত বহিবলৈ সাজু আছে । দেৱীয়ে ভাবিছিল নৰকাসুৰে এই কাম কোনো পৰিস্থিতিতে কৰিব নোৱাৰিব । কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নৰকাসুৰে নিশা শেষ হোৱাৰ আগেয়ে নিৰ্মাণৰ কাম শেষ হোৱাৰ দিশে অগ্ৰসৰ হয় ।’’ তেওঁ কয় ৷

AMBUBACHI MELA 2025
নীলাচলৰ বুকুত দেশ-বিদেশৰ সাধু-সন্নাসীৰ ভিৰ (ETV Bharat Assam)

‘‘পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভগৱান বিষ্ণুৱে চলনাৰে কুকুৰাৰ যোগেদি ডাক দিয়াই নিশাতেই পুৱা কৰে । নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিয়াত দেৱীয়ে নৰকাসুৰক ক'লে যে কুকুৰাই ডাক দিলে আৰু ৰাতি পুৱাল । কথা মতে নৰকাসুৰে চৰ্ত পূৰণ কৰিব নোৱাৰিলে । দেৱীক বিয়া কৰোৱাৰ মানসেৰে নৰকাসুৰে নিৰ্মাণ কৰা চাৰিওটা শিলৰ খটখটিৰ পথ আজিও কামাখ্যা মন্দিৰত বিৰাজমান ।" হিমাদ্ৰী শৰ্মাই কয় ৷

বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মহাযোগৰ মাহাত্ম্য :

অম্বুবাচী মহাযোগ সন্দৰ্ভত তেওঁ কয়, "অম্বুবাচী হৈছে এটা মহাযোগ । এটা জাগ্ৰতীক সময় । আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পাদ যোৱাৰ পাছত আদ্ৰা নক্ষত্ৰই প্ৰথম চৰণত ভৰি দিয়াৰ সময়ত পৃথিৱী বা ধৰিত্ৰী ঋতুমতী হয় । এই সময়ত হিন্দুসকলে অম্বুবাচী পালন কৰে । এইখিনি সময়ত সাধনা তুংগত উঠে ।’’

‘‘এই মহাযোগ প্ৰধানকৈ কঠোৰ ধৰ্মীয় ৰীতি-নীতি, শক্তিমূলক কাৰ্য-কলাপৰে উদযাপন কৰা হয় । এই সময়ত মাৰ আশীৰ্বাদ লৈ আমি আমাৰ নিজৰ অন্তৰ্নিৰ্হিত শক্তিক জগত কল্যানত ব্যৱহাৰ কৰিব লাগে । অম্বুবাচী শক্তি আহৰণ কৰাৰ সুন্দৰ সময় । সাধনা কৰি আমি এই শক্তি আহৰণ কৰিব পাৰো ।’’ হিমাদ্ৰী শৰ্মাই কয় ৷

‘‘অম্বুবাচীৰ জৰিয়তে পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি পাই আৰু যাৰ বাবে সেই কেইদিনত সকলো কৃষিমূলক কাম-কাজ যেনে হাল বোৱা, মাটি খান্দা, শস্য ৰোৱা আৰু শস্যৰ পৰিবহন বন্ধ ৰখা হয় । বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মীণসকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে । চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন, কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তি পানী চটিওৱা হয়, এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত আৰু প্ৰয়োজনীয় ৰীতি-নীতিসমূহ সম্পূৰ্ণ কৰাৰ পাছত কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয় ।" শৰ্মাই কয় ৷

AMBUBACHI MELA 2025
কামাখ্যা মন্দিৰত ভক্তৰ ভিৰ (ETV Bharat Assam)

অম্বুবাচীৰ সময়ত কৰা হয় জপ-তপ আৰু তন্ত্রসাধনা :

এই সন্দৰ্ভত তেওঁ কয়, "সাধনা তথা তপ-জপ আদি শক্তিৰ আৰাধনা । শক্তি পৰম্পৰাৰ অনুগামীসকলে এই স্থানলৈ আহে আৰু তপস্যাত নিমগ্ন হয় । তন্ত্র মানে কিবা ক'লা যাদু নহয় । বিশ্ব-ব্ৰক্ষ্মাণ্ডত হৈ থকা কাৰ্যসমূহ হৈছে তন্ত্র । তন্ত্র হৈছে আগম আৰু নিগম । তন্ত্র হৈছে বিষ্ণুসন্মত আৰু বেদসন্মত । বিষ্ণুৰ নিৰ্দেশত তন্ত্র হৈছে । গতিকে তন্ত্র হৈছে শিৱ আৰু পাৰ্ৱতীৰ সংলাপ । তন্ত্রৰ মাজত সকলো জ্ঞান আছে । তন্ত্রত সকলো আছে । তন্ত্রই হৈছে ৰহস্য । সাধনা কৰিলেহে আমি এইবোৰ জানিব পাৰো ।’’

AMBUBACHI MELA 2025
ইতিহাস প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰ (ETV Bharat Assam)

‘‘অম্বুবাচীৰ সময়ত জ্ঞান অৰ্জন তথা শক্তি আহৰণৰ বাবে সাধু-সন্নাসীসকল ইয়ালৈ আহে । ব্লেক মেজিক আদি তন্ত্রৰ এটা অংশহে । কাৰণ বেয়া থাকিলে ভালো থাকিব । যিদৰে দিনো আছে আৰু ৰাতিও আছে । তন্ত্রত সকলো থাকে । কোনোৱাই যোগাত্মক শক্তি আহৰণ কৰিব বিচাৰে আৰু কোনোবাই ঋণাত্মক শক্তি আহৰণ কৰিব বিচাৰে । কিন্তু মা ভগৱতীৰ পূজা কৰিবলৈ যাওঁতে ইতিবাচক শক্তিক আৰাধনা কৰা হয় । নিগেটিভ এনাৰ্জিক আৰাধনা কৰা নহয় ।’’ শৰ্মাই কয় ৷

‘‘কলিৰ যুগত মানুহৰ মাজত ঋষি-মুনিৰ প্ৰবৃত্তিও আছে আৰু আসুৰিক প্ৰবৃত্তিও আছে । মাৰ পূজা কিন্তু পজিটিভ এনাৰ্জিকলৈহে । ইয়াত নিগেটিভ এনাৰ্জিৰ কোনো স্থান নাই । মানুহৰ সঠিক জ্ঞান নাই বাবে বহু সময়ত নিগেটিভ এনাৰ্জিৰ কথা কৈ থাকে । আমি বিচাৰো সকলোৱে পজিটিভ এনাৰ্জি আহৰণ কৰক । যাতে সমাজৰ কল্যান কৰিব পাৰে ।" কামাখ্যা দেৱালয়ৰ সৰুদলৈ হিমাদ্ৰী শৰ্মাই কয় ৷

ৰহস্যৰে ভৰা নীলাচল পাহাৰ :

হিন্দুৰ অন্যতম পবিত্ৰ তীৰ্থস্থল নীলাচল পাহাৰৰ ৰহস্যই আজিও বহুতৰ মনত অলেখ কৌতূহলৰ সৃষ্টি কৰে । নীলাচলৰ ৰহস্যই অগণন ভক্তিপ্ৰাণ লোকক আজিও আলোড়িত কৰে । নীলাচল পাহাৰত তন্ত্ৰ-মন্ত্রৰ সাধনা সিদ্ধিৰ বাবে অগণন লোকৰ আগমন হয় ।

অম্বুবাচী মহাযোগৰ কেইদিনত মন্দিৰ চৌহদত অৱস্থান কৰে দেশ-বিদেশৰ বহু সাধু-সন্ন্যাসী তথা তান্ত্রিকে । মেলাৰ কেইদিনত সাধকৰ সাধনাৰে নীলাচল পাহাৰ মুখৰ হৈ পৰে । সম্পূৰ্ণৰূপে আধ্যাত্মিক পৰিৱেশত বিলীন হৈ পৰে মন্দিৰ চৌহদ । অম্বুবাচী মহাযোগৰ কেইদিনত সাধু-সন্নাসীৰ বহু লৌকিক-অলৌকিক কাৰ্যকলাপ দেখিবলৈ পোৱা যায় ।

উল্লেখ্য যে, নীলাচল পাহাৰত মা কামাখ্যাৰ মূল মন্দিৰৰ লগতে আছে ভূৱনেশ্বৰী, বগলামুখী, ছিন্নমস্তা, ত্ৰিপুৰা সুন্দৰী, তাৰা, কালী, ভৈৰৱী, ধূমাৱতী, মাতংগী আৰু কমলা । মা কামাখ্যা শক্তিপীঠৰ মুখ্য দুৱাৰৰ বাহিৰতে এই অনন্ত দশ দেৱীৰ মূৰ্তিৰ পূজা-অৰ্চনা কৰা হয় । নীলাচল পাহাৰৰ অপৰূপ সৌন্দৰ্যৰ মাজত অৱস্থিত মা কামাখ্য দেৱীৰ মন্দিৰটো তিনিটা খণ্ডত বিভক্ত ।

বিশেষ আশ্চৰ্যজনক এয়ে যে এই তিনিটা খণ্ডৰ এটা পাথৰৰ পৰা প্ৰতি মুহূৰ্তত অহৰহ পানী নিগৰিত হৈ থাকে । মূল প্ৰৱেশদ্বাৰৰ লগতে আছে তিনিখন দুৱাৰ । অৰ্থাৎ পূৰ্বদুৱাৰত গণেশ, নন্দী আৰু হনুমন্ত, পশ্চিম দুৱাৰত ভৃংগী, উত্তৰ আৰু দক্ষিণত মহাকাল সৰ্বদা থাকে । এওঁলোকে দেৱীক সদায়েই সুৰক্ষিত হৈ থকাত জাগ্ৰত প্ৰহৰী হৈ থাকে ।

নীলাচল পাহাৰত কামাখ্যা দেৱালয়ৰ উপৰি ১৩ টা অন্যান্য মন্দিৰো আছে । তাৰে ভিতৰত তাৰা মন্দিৰ, কালী মন্দিৰ, ভূৱনেশ্বৰী মন্দিৰ, সিদ্ধেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ, পাণ্ডুনাথ মন্দিৰ আদি প্ৰসিদ্ধ । পাহাৰৰ মাটিৰ পৰা ২০ ফুট তলত থকা এটা গুহাত অৱস্থিত কামাখ্যা শক্তিপীঠ । মূল মন্দিৰত প্ৰৱেশৰ পূৰ্বে সৌভাগ্য কুন্দত স্নান কৰি নাইবা পানী চটিয়াই ভক্তিই প্ৰথমতে সন্মুখতে থকা প্ৰভূ গণেশক পূজা কৰে আৰু ইয়াৰ পাছতেই মন্ত্ৰ জপ কৰি মূল গৃহত প্ৰৱেশ কৰে । লক্ষণীয় বিষয় যে সমগ্ৰ নীলাচল পাহাৰেই ৰহস্যৰে ভৰা ।

শক্তিপীঠকলৈ থকা অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণা :

ৰহস্যৰে পৰিপূৰ্ণ শক্তিপীঠ মা কামাখ্যা মন্দিৰকলৈ সময়ে সময়ে বিভিন্ন বিতৰ্কিত বিষয় চৰ্চালৈ আহে । বহু অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণা মানুহৰ মাজত প্ৰচাৰ হৈ আহিছে ।

এই সন্দৰ্ভত কামাখ্যা দেৱালয়ৰ সৰুদলৈ হিমাদ্ৰী শৰ্মাই কয়, "অম্বুবাচীৰ সময়ত প্ৰকৃতি ৰজস্বলা হয় । বহু সময়ত মানুহৰ মাজত ভ্ৰান্ত ধাৰণা থাকে যে অম্বুবাচীৰ সময়ত ব্ৰক্ষ্মপুত্রৰ পানী ৰঙা হৈ পৰে । সেইটো প্ৰকৃততে সত্য নহয় । আনহাতে বহু বিষয় আস্থা আৰু বিশ্বাসৰ লগত জড়িত। অম্বুবাচীৰ সময়ত আগতে মন্দিৰৰ দুৱাৰ নিজে বন্ধ হৈছিল আৰু নিজে খোল খাইছিল বুলি বহুতে কয় ।’’

‘‘অম্বুবাচী মেলাৰ সময়ত সকলো লোকেই সৎ উদ্দেশ্য লৈ আহে বুলি ক'ব নোৱাৰি । বহু লোকে অসৎ উদ্দেশ্য লৈ আহে । কামাখ্যা মন্দিৰত নৰ বলি দিয়াৰ কোনো ইতিহাস নাই । কামাখ্যা মন্দিৰত মতা ম'হ, ছাগলী, পাৰ, হাঁহ, কুঁহিয়াৰ আদি বলি দিয়া হয় । কামাখ্যা মন্দিৰত নাৰীক পূজা কৰা হয় । অম্বুবাচীৰ সময়ত মাক ৰঙা কাপোৰেৰে ঢাকি ৰখা হয় । নিবৃত্তি হোৱাৰ পাছত সেই ৰঙা কাপোৰক মহাপ্ৰসাদ আকাৰত ভক্তৰ বাবে উলিয়াই দিয়া হয়। ইয়াত পানী ৰঙা হৈ যোৱাৰ কথা নাই ।"

লগতে পঢ়ক : ২২ জুনৰ পৰা অম্বুবাচী মহাযোগ: ভক্তই কি কি কৰিব পাৰিব কি কি নোৱাৰিব ?

লগতে পঢ়ক : অম্বুবাচী মহাযোগক লৈ উখল-মাখল নীলাচল পাহাৰ: সাধু-সন্ন্যাসীৰ জপ-তপৰে মুখৰ মা কামাখ্যা মন্দিৰ

লগতে পঢ়ক : অম্বুবাচী শব্দৰ অৰ্থ কি তথা অম্বুবাচীৰ তাৎপৰ্য সম্পৰ্কে জানো আহক

লগতে পঢ়ক : ২২জুনৰ দুপৰীয়া ২.৫৬ বজাত প্ৰবৃত্তি; কোন পথেৰে যাব নীলাচল পাহাৰলৈ, ক’ত কৰিব গাড়ী পাৰ্কিং...