মিচিং ভাষাটো ইমানেই শক্তিশালী যে এটা শব্দৰে চাৰিটা শব্দ প্ৰকাশ কৰিব পাৰি: অনুভৱ এগৰাকী অভিধান প্ৰণেতাৰ
নমস্য ব্যক্তিৰ সান্নিধ্যৰে জীৱন মহীয়ান কৰা এগৰাকী বিশেষ ব্যক্তি । যিয়ে কৰি গৈছে মিচিং সাহিত্য-সংস্কৃতিৰ নিৰলস সাধনা ।

Published : September 5, 2025 at 4:38 PM IST
জোনাই: অসমৰ শিক্ষা, শিল্প-সংস্কৃতিৰ ক্ষেত্ৰখন চহকী কৰাত অসমৰ একাংশ ব্যক্তিৰ অৱদান অতুলনীয় । সেইসকল ব্যক্তিয়ে তেওঁলোকৰ ব্যতিক্ৰমী সৃষ্টিশৈলীৰে অসমীয়া জাতিটোক পোহৰাই থৈ গৈছে, দি গৈছে এক নতুন চিনাকি । নতুন প্ৰজন্মই নিখুঁতভাৱে শিকিব পৰাকৈ তেওঁলোকে গঢ়ি থৈ গৈছে সংগীত-সংস্কৃতিক শক্তিশালী ভেটি ।
তেনে এজন ব্যক্তি হৈছে মিচিং লোকসংগীত শিল্পী, লেখক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰেশ্বৰ পেগু ৷ অসমৰ সাংস্কৃতিক জগতত তেওঁ এজন শিল্পী আৰু গীতিকাৰ হিচাপে পৰিচিত ।
অৱসৰপ্ৰাপ্ত শিক্ষক তথা সংগীত শিল্পী, লেখক ইন্দ্ৰেশ্বৰ পেগুৰ জন্ম আৰু শিক্ষা:
লখিমপুৰ জিলাৰ ঢকুৱাখনা মৌজাৰ আৰ্কেপ গাঁৱৰ এটা দুখীয়া কৃষিজীৱি পৰিয়ালত তেওঁৰ জন্ম ১৯৪৯ চনৰ ২৪ আগষ্টত (অৱশ্যে এডমিট কার্ড, চার্টিফিকেট মতে তেওঁৰ জন্ম ১৯৫১ চনৰ ১ মাৰ্চত) । পিতৃৰ নাম স্বর্গীয় আলিধৰ পেগু আৰু মাতৃ নাম স্বর্গীয়া য়াপন্তী পেণ্ড ।
আর্কেপ-বালিগাঁও প্রাথমিক বিদ্যালয়ত তেওঁৰ শিক্ষাৰম্ভ হয় । ইয়াৰ পৰা উত্তীৰ্ণ হৈ অল আছাম মিৰি হাইস্কুলত ভর্তি হয় আৰু ১৯৬৭ চনত এই বিদ্যালয়ৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৬৮ চনত শিৱসাগৰ কলেজৰ পৰা বিজ্ঞানত প্রাক্ বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীর্ণ হয় । শিৱসাগৰ কলেজৰ পৰা বি এছ চি প্রথম খণ্ড আৰু উত্তৰ লখিমপুৰ কলেজৰ পৰা দ্বিতীয় খণ্ড অর্থাৎ বি এছ চি ডিগ্রী লাভ কৰে ১৯৭৩ চনত ।
শিক্ষা জীৱন সন্দৰ্ভত তেওঁ কয়,"১৯৮৪ চনত যোৰহাট পি জি টি চিৰ পৰা বি এড ডিগ্রী লাভ কৰোঁ । সেই বছৰৰ বি এড পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিছিলোঁ ।" বৰ্তমান ইন্দ্ৰেশ্বৰ পেগুৰ ঘৰ জোনাই সমজিলাৰ আগম দলুং গাঁৱত ।

মিচিং ভাষা আৰু কলা সংস্কৃতিৰ অধ্যয়ন কেন্দ্ৰ IMLAC নামেৰে অনুষ্ঠান মুকলি :
শিক্ষকতা জীৱনৰ পৰাই তেওঁ চিন্তা কৰিছিল মিচিং ভাষাটো সংৰক্ষণৰ কথা । এই সন্দৰ্ভত তেওঁ কয়," যিহেতু মিচিং ভাষাটো খুব চহকী ভাষা, সেই সুদূৰ তিব্বতৰ পৰা নামি অহাৰে পৰা আজি পৰ্যন্ত আমাৰ মিচিং ভাষাটো জীয়াই আছে । এটা সময়ত চুতীয়া, আহোমৰ নিজা নিজা ভাষা আছিল কিন্তু সময়ৰ কেকুৰীত ভাষাবোৰ লুপ্ত হ'ব ধৰিছে । গতিকে ঐতিহ্যময় এটা ভাষা হৈছে মিচিং ভাষা । মিচিং ভাষাটোৰ প্ৰকাশ শক্তি বহুত বেছি ৷ মই মিচিং ভাষাৰ অভিধান লিখি অনুভৱ কৰো সঁচাকৈয়ে মিচিং ভাষাটো কোনে সৃষ্টি কৰিছিল ইমান সুন্দৰ আৰু ইয়াৰ ইমান প্ৰকাশিকা শক্তি আছে যে এটা শব্দৰে পাঁচটা শব্দত প্ৰকাশ কৰিব পাৰি ।"
বিশিষ্ট লেখকগৰাকীয়ে লগতে কয়,"গতিকে মিচিং ভাষাটো সংৰক্ষণ কৰি ৰাখিবৰ বাবে এটা অনুষ্ঠানৰ প্ৰয়োজন ৷ সেয়ে নিজা প্ৰচেষ্টাৰে মিচিং ভাষা আৰু কলা-সংস্কৃতিৰ অধ্যয়ন কেন্দ্ৰটি জোনাই আগাম দলুঙত খোলাৰ ব্যবস্থা কৰোঁ । বৰ্তমান বহু আগ্ৰহী লোক আহে মিচিং ভাষা, সংস্কৃতি, সংগীতকে ধৰি বহু আপুৰুগীয়া সম্পদৰ বিষয়ে চৰ্চা কৰিবলৈ । ইয়াৰ উপৰিও ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয Ph.D ৰ বাবে আহে । বহুজনে এই অনুষ্ঠানৰ জৰিয়তে Ph.D পাইছে । ক'বলৈ গ'লে মিচিং ভাষা আৰু কলা-সংস্কৃতিৰ অধ্যয়ন কেন্দ্ৰটো ৰাইজৰ বাবে খোলা হৈছে ।"
মিচিং ভাষাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে পেগুৱে লিখিছে মিচিং ভাষাৰ অভিধান:
এই অভিধানৰ প্ৰসংগত পেগুৱে কয়,"মই বহু গীত গালোঁ, গীত লিখিলোঁ, কিতাপ লিখিলোঁ । কিন্তু এই সকলোবিলাকৰ মূলতে মই যিহেতু এগৰাকী মিচিং ব্যক্তি, মিচিং ভাষাৰ প্ৰতি মোৰ চেতনা সংপৃক্ত হৈ আছে ৷ মিচিং ভাষাটো সংৰক্ষণ কৰিবলৈ হ'লে অভিধান লিখাটোৱে আটাইতকৈ উৎকৃষ্ট বুলি চিন্তা কৰি মই যোৱা ৬ বছৰ ধৰি অভিধানখনৰ কাম কৰি আছোঁ । অভিধানখনৰ শব্দ সংগ্ৰহতে দুটা বছৰ গৈছে । খুব বেছি ডেৰবছৰৰ পিছত হয়তো ভগৱানে আশীৰ্বাদ কৰিলে মিচিং ভাষাৰ অভিধানখন সম্পূৰ্ণ কৰিব পাৰিম ।"

ইন্দ্ৰেশ্বৰ পেগুৰ কর্মজীৱন:
বান-খহনীয়া আৰু দাৰিদ্ৰতাৰ বাবে ১৯৭৩ চনত আনুষ্ঠানিক শিক্ষাৰ সমাপ্ত কৰি ঢকুৱাখনাৰ অল আছাম মিৰি হাইস্কুলত গণিত আৰু বিজ্ঞান শিক্ষকৰ পদত যোগদান কৰে । ১৯৭৩ চনৰ পৰা ১৯৯৫ চনলৈ সহকাৰী শিক্ষকৰূপে আৰু ১৯৯৫ ৰ পৰা ২০১১ চনত অৱসৰ লোৱালৈকে অল আছাম মিৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰে ।
সামাজিক কাম:
মূলতঃ তেওঁ এজন শিক্ষক ৷ গতিকে ৰাজনীতিৰ বাহিৰে নানাধৰণৰ সামাজিক কামতো জড়িত হৈ পৰে ।
(১) শিক্ষক সংগঠন:
১৯৭৩ চনত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিয়েই তেওঁ তেতিয়াৰ ধেমাজি জিলা হাইস্কুল শিক্ষক সন্থাৰ সক্রিয় সদস্য হয় । এই সন্থাৰ অধীনত তেতিয়া মাত্র আঠখনহে বিদ্যালয় আছিল ।
উল্লেখযোগ্য যে তেতিয়াৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাবোৰ অতি গাম্ভীর্যপূর্ণ আছিল আৰু ভূৱন বৰদলৈ, তিলক ভাগৱতী, সতীশ গগৈ প্রমুখ্যে অভিজ্ঞ ও নেতৃস্থানীয় বিষয়ববীয়া তথা সদস্যসকলৰ ভিতৰত তেঁৱেই কনিষ্ঠতম সদস্য আছিল ।
তেওঁ এই সন্দৰ্ভত কয়,"পিছলৈ এই সন্থা বিভক্ত হৈ ঢকুৱাখনা জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা আৰু ধেমাজি জিলা মাধ্যমিক শিক্ষক কর্মচাৰী সন্থাত পৰিণত হৈছিল । মই ঢকুৱাখনা জিলা শিক্ষক কর্মচাৰী সন্থাৰ বিশেষ সদস্য হিচাপে কেইবাবছৰো কাৰ্যনিৰ্বাহ কৰিছিলোঁ । পিছলৈ (২০০০ চনৰ পৰা ২০০৪ চনলৈ) ঢকুৱাখনা জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতিৰ দায়িত্ব পালন কৰিছিলোঁ ।"

(২) পৰীক্ষা পৰিষদ:
পৰীক্ষা পৰিষদত কাৰ্যনিৰ্বাহ কৰা সময়ৰ কথা সুঁৱৰি পেগুৱে কয়, "২০০৬ চনৰ পৰা ২০১০ চনলৈ ঢকুৱাখনা টেষ্ট বৰ্ডৰ সভাপতিৰ দায়িত্ব পালন কৰিছিলোঁ । ইয়াৰ পূর্বে ১৯৭৬ চনৰ পৰা ১৯৮০ চনলৈ খেৰকটা আঞ্চলিক হাইস্কুল পৰীক্ষা বৰ্ড (KAHSEB) ৰো প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কার্যনির্বাহ কৰিছিলোঁ । ১৯৯৫ চনত অল আছাম মিৰি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰাৰে পৰাই মই লখিমপুৰ জিলা অধিবিদ্যা পৰিষদ (Academic Council) ৰ সক্ৰিয় সদস্য হৈ পৰিছিলোঁ । ২০১০ চনত মই লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ মুখপত্র 'শিক্ষা প্রদীপন'ৰ সম্পাদক আছিলোঁ । ২০০৭ চনত ঢকুৱাখনাত অনুষ্ঠিত হোৱা পৰিষদৰ দশম বার্ষিক অধিৱেশনৰ স্মৃতিগ্রন্থ 'অধীৰথ' খনৰ সম্পাদনা মই কৰিছিলোঁ ।"
তেওঁ কয়,"লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ তৰফৰ পৰা আয়োজিত শিক্ষায়তনিক ৱৰ্কশ্বপবোৰত মই বিশিষ্ট সমল ব্যক্তি হিচাপে নিযুক্তি লাভ কৰিছিলোঁ । তদুপৰি সন্থা আৰু পৰীক্ষা বৰ্ডৰ পৰিমণ্ডলতো জিলা আৰু মহকুমা পর্যায়ত অনুষ্ঠিত আলোচনা চক্ৰ আৰু চেমিনাৰবোৰত মোক বিশিষ্ট সমল ব্যক্তি হিচাপে নিযুক্ত কৰিছিল ।"
(৩) মিচিং ভাষা আৰু সংস্কৃতি প্ৰতি তেওঁৰ অৱদান:
মিচিং ভাষা-সংস্কৃতিৰ প্ৰতি তেওঁ কৰা কামৰ সন্দৰ্ভত কয়,"মিচিং আগম কৌবাং (MAK, মিচিং ভাষা সাহিত্যৰ সংগঠন) ৰ সৈতে মই ১৯৭৭-৭৮ চনৰ মানতেই জড়িত হৈ পৰিছিলোঁ । খেৰকটামুখ মিচিং বাংকে আগম কৌবাঙকে ধৰি চিচিমুখৰ পৰা ৰতনপুৰ কেকুৰীলৈকে প্রায় সকলোবোৰ শাখা বা মিচিং বাংকে আগম কৌবাং গঠনৰ ক্ষেত্ৰত মই মুখ্য ভূমিকা গ্রহণ কৰিছিলোঁ । কাৰণ সেই সময়ত মিচিং আগম কৌবাঙ একেবাৰে নতুন অথবা তেনেই চালুকীয়া অৱস্থাত আছিল ।"
তেওঁ কয়, "জনসমাজত এই জাগৰণৰ বেলিকা মই নেতৃস্থানীয় ভূমিকা গ্রহণ কৰিছিলোঁ । সেইসূত্রে ১৯৮০ চনত খেৰকটামুখৰ অল আছাম মিৰি হাইস্কুল চৌহদত অনুষ্ঠিত মিচিং আগম-কৌবাঙৰ 'চতুৰ্থ অধিৱেশন'ৰ অভ্যর্থনা সমিতিৰ সম্পাদকৰ দায়িত্ব মই পালন কৰিছিলোঁ । মিচিং আগম কৌবাঙৰ ইতিহাসত এই অধিৱেশনৰ গুৰুত্ব অত্যধিক, কাৰণ ইয়াৰ পূৰ্বে মিচিং আগম কৌবাঙৰ অধিৱেশনকেইটা সীমিতসংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত হৈছিল । খেৰকটামুখৰ অধিৱেশনত সমগ্র মিচিং অধ্যুষিত অঞ্চলৰ প্ৰতিনিধি উপস্থিত হোৱাৰ উপৰিও অগণন লোকৰ সমাগম হৈছিল । প্ৰকৃতাৰ্থত এই অধিৱেশনৰ পৰাহে মিচিং আগম কৌবাঙে পূর্ণ পর্যায় লাভ কৰিলে ।"
(৪) অন্যান্য অনুষ্ঠান-প্রতিষ্ঠানলৈ ইন্দ্ৰেশ্বৰ পেগুৰ অৱদান:
এই প্ৰসংগ উত্থাপন কৰি তেওঁ কয়,"১৯৭৭ চন মানৰ পৰাই মিচিং সমাজত স্বকীয় মিচিং গীত-মাতৰ ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টি হৈছিল । আকাশবাণী-ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত ঐনিতম আৰু আনু-নিতমবোৰে মিচিং শ্ৰোতাসকলৰ মাজত আলোড়ন সৃষ্টি কৰিছিল । এই সুবাদতে তেতিয়াৰ মিচিং গীতৰ অনাতাঁৰ শিল্পীসকলক সংগঠিত কৰি কিছুমান বাছকবনীয়া মিচিং অঞ্চলত গীত গোৱাৰ আৰম্ভণি কৰিছিলোঁ । পিছলৈ এই প্রচেষ্টাই ৰাইজৰ বিপুল সহাবি লাভ কৰিছিল যাৰ পৰিণতিত সেই সময়ত পোন প্রথম 'মিচিং সংগীত সন্ধিয়া'ৰ সূত্রপাত হ'ল, পিছলৈ এই প্রচেষ্টাৰ ফলতেই 'মিচিং দূৰবৃ কৌবাং' সংগঠনটোৰ জন্ম হ'ল ।"
তেওঁ কয়,"১৯৮৪ চনত মিগাং অপেঃ (Migang Ope:) নামেৰে মিছিং কৃষ্টি-সংস্কৃতিৰ কেন্দ্ৰ এটা প্রতিষ্ঠা কৰা হৈছিল । মই এই অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলো । এই অনুষ্ঠানটোৰ মূল কার্যালয় আছিল মাতমৰা চাৰিআলিত । এটা সময়ত চিচিমুখৰ পৰা মাজুলীৰ ৰতনপুৰলৈকে প্রতিযোগীসকলে মিগাং অপেঃত অনুষ্ঠিত সাংস্কৃতিক প্রতিযোগিতা, একাংকিকা নাটক প্রতিযোগিতা কাৰ্যসূচীত অংশগ্রহণ কৰিছিল । অৱশ্যে অন্যান্য অনুষ্ঠানবোৰৰ দৰে মিগাং অপেঃৰ মূল ভৱন আৰু সকলো সম্পত্তি বাৰম্বাৰ সংঘটিত বান-খহনীয়াত জাহ গ'ল ।"

পেগুৱে লগতে উল্লেখ কৰে,"তদুপৰি ২০০৬ চনত প্রতিষ্ঠা কৰা Mishing History Study Forum নামৰ অনুষ্ঠানটোৰ মই প্রতিষ্ঠাপক সম্পাদক আছিলোঁ । অনুষ্ঠানটো অৱশ্যে নানা কাৰণত কম সময়ৰ ভিতৰতে নিষ্ক্রিয় হৈ পৰিছিল । ২০১২ চনত প্রতিষ্ঠা কৰা Institute of Mishing Language, Art and Culture (IMLAC) নামৰ অনুষ্ঠানটোৰ মূল কাৰ্যালয় জনাইত অৱস্থিত । অনুষ্ঠানটোৰ প্ৰতিষ্ঠা আৰু সঞ্চালনাৰ দায়িত্ব মোৰ ওপৰত আৰু ছেগাছোৰোকাকৈ ইয়াৰ কৰ্মসূচী এতিয়াও চলি আছে । ২০১৯ চনত প্ৰতিষ্ঠা কৰা Vetern Mishing Artist Guild, Jonai অনুষ্ঠানটোৰ মই প্রতিষ্ঠাপক সভাপতি আৰু অনুষ্ঠানটি এতিয়াও সজীৱ হৈ আছে ।"
সাহিত্য-সংস্কৃতিৰ পথাৰত ইন্দেশ্বৰ পেগু :
- ১৯৭৮ চন মানৰ পৰাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মিচিং গীতৰ শিল্পী ।
- ১৯৯৪ চনত দূৰদৰ্শন, ডিব্ৰুগড় কেন্দ্ৰৰ পৰা মিচিং গীতৰ শিল্পী হিচাপে অনুমোদন লাভ ।
- ইউমেটিকত নির্মাণ কৰা পোনপ্ৰথম মিচিং বোলছবি 'মিগাং'খন তেওঁৰ একমাত্র উপন্যাস 'মিবু'ৰ আধাৰত নিৰ্মাণ কৰা হয় (১৯৯২ চনত) ।
- মূলতঃ ইন্দ্ৰেশ্বৰ পেগুৱে লিখা এখন ৰচনাৰ ভিত্তিত 'Sons of Abotani: The Mishings' নামৰ ছুটি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছিল । যশস্বী পৰিচালক গৌতম বৰাৰ দ্বাৰা নিৰ্মাণ কৰা ছবিখনৰ প্রযোজক আছিল দিলীপ দলে । উল্লেখযোগ্য যে এই ডকু-ফিছাৰ ফিল্মখনে ১৯৯২ চনত ৩৯ তম ভাৰতীয় ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠ ছবি হিচাপে 'গ'ল্ডেন ল'টাছ' পুৰস্কাৰ লাভ কৰিছিল ।
- 'Sons of Abotani: The Mishings' ছবিখনৰ মুখ্য ভূমিকাত ইন্দ্ৰেশ্বৰ পেগুৱেই অভিনয় কৰিছিল । তদুপৰি ছবিখনৰ 'Soliloquy' (স্বগতোক্তি) ৰ ৰচনা আৰু কণ্ঠস্বৰ ইন্দ্ৰেশ্বৰ পেগুৰে আছিল ।
- 'শ্বহীদ কমলা মিৰি' নামৰ বোলছবিখনতো এটা পার্শ্ব চৰিত্ৰত অভিনয় কৰিছিল ইন্দ্ৰেশ্বৰ পেগুৱে ১৯৯৫ চনত ।
- 'Pu:yuk' নামৰ প্ৰথম আৰু এতিয়ালৈকে একমাত্র মিচিং ভাষাৰ অনাতাঁৰ নাটকখন ইন্দ্ৰেশ্বৰ পেগুৱে প্রযোজনা আৰু পৰিচালনা কৰিছিল । নাটকখন আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ২০০৪ চনত কেবাবাৰো প্ৰচাৰিত হৈছিল ।
- ইন্দ্ৰেশ্বৰ পেগুৰ স্ক্রীপ্টৰ ওপৰত আধাৰ কৰি ডিব্ৰুগড়, দূৰদৰ্শন কেন্দ্ৰই 'আলি-আই-লৃগাং' নামৰ তথ্যচিত্রখন নিৰ্মাণ কৰি সম্প্ৰচাৰ কৰে ১৯৯৪ চনত ।
- আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা প্রযোজিত আৰু স্বর্গীয় মহীধৰ পেগুৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত সংগীতালেখ্য 'আনু-নিতমৰ সুৰে সুৰে' ইন্দ্ৰেশ্বৰ পেগুৱে ৰচনা কৰিছিল ।
- ডাঃ নোমল পেগুৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰ কৰি ইন্দ্ৰেশ্বৰ পেগুৱে ৰচনা কৰা 'জীৱনৰ আন এটি নাম সংগ্রাম' নামৰ সংগীতালেখ্যটি আকাশবাণী ডিব্ৰুগড় কেন্দ্রই প্রযোজনা কৰি সম্প্ৰচাৰ কৰে ।
- ইন্দেশ্বৰ পেগুৰ এককভাৱে প্রস্তুতশ্রব্য কেছেট-হিছ অৱ ইন্দ্ৰেশ্বৰ পেগু । চিডি-লীক লীক তানিয়ী, চিডি-লুবিছুয়ীং ।
- কণ্ঠদান-'মিছি-জিলিঃ' মিছিঙৰ প্ৰথম লং-প্লেইং ৰেকৰ্ড, ১৯৮৬)গামিগ (মিছিং শ্রাব্য কেছেট, ১৯৮৭)মিগাং (মিছিং শ্রাব্য কেছেট)-মীঃতম (মিছিং কবিতা আবৃত্তিৰ শ্রব্য কেছেট) ।
প্ৰকাশিত গ্রন্থসমূহঃ
- মিবু (অসমীয়া উপন্যাস), ১৯৯২ চন
- খেৰকটা পাৰৰ গান (স্বৰচিত কবিতাৰ সংকলন), ১৯৯৫ চন
- শব্দবোৰ (স্বৰচিত কবিতাৰ সংকলন), ২০০২ চন
- মাতমৰাৰ কা:বান (স্বৰচিত কবিতাৰ সংকলন), ২০০৯ চন
- মিচিং সমাজ আৰু সংস্কৃতি (মিচিং সমাজ আৰু সংস্কৃতিৰ ওপৰত গৱেষণামূলক গ্রন্থ), ২০০৩ চন
- পৰিৱৰ্তনৰ আলি-দোমোজাত মিচিং সমাজ (স্বৰচিত বাছকবনীয়া প্ৰৱন্ধৰ সংকলন)
- লক্ষ্যত উপনীত নোহোৱালৈকে (স্বৰচিত বাছকবনীয়া প্ৰৱন্ধৰ সংকলন), ২০০৯ চন
- জীৱনৰ কথা সকলোকে ক'ব পাৰি (স্বৰচিত বাছকবনীয়া প্ৰৱন্ধৰ সংকলন), ২০১৫ চন
- Lubisuyé Ngo (স্বৰচিত মিছিংগীতৰ সংকলন), ২০০৪ চন
- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলিৰ অনুবাদ

