গুৱাহাটী: ‘‘আগন্তুক বছৰটো হ'ব অতি গুৰুত্বপূৰ্ণ । কিয়নো আহি আছে বহু প্ৰতীক্ষিত পঞ্চায়ত নিৰ্বাচন । এই পঞ্চায়ত নিৰ্বাচন হ'ব প্ৰতিটো ৰাজনীতিক দলৰ বাবে বৃহৎ ৰাজনৈতিক পৰীক্ষা’’- এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ ।
ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত অসম গণ পৰিষদৰৰ মুখ্য কাৰ্যালয়ৰ বিশেষ অনুষ্ঠানত সাংবাদিকৰে মত বিনিময় কৰি অগপৰ সভাপতি বৰাই লগতে কয়, ‘‘আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপৰ লগতে এন ডি এ ৰ ফলাফল উৎকৃষ্ট হ'ব । এন ডি এ চৰকাৰ দিনত অভূতপূৰ্ব উন্নয়ন সাধন হৈছে । উন্নয়নৰ ধাৰা গ্ৰামাঞ্চলতো অব্যাহত ৰখাৰ স্বাৰ্থত ৰাইজে পঞ্চায়ত নিৰ্বাচনত এন ডি এ প্ৰাৰ্থীক অধিক উৎসাহেৰে সমৰ্থন আগবঢ়ায় । অনাগত বছৰত অসমে অনিৰুদ্ধ উন্নয়নৰ যাত্ৰাৰে আগুৱাই নতুন শিখৰ চুব ।’’
বৰাই লগতে কয়, ‘‘অহা বছৰটো মাতৃভাষা বছৰ হিচাপে লৈছো । প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ ভাষাটো যাতে থাকে, তাৰবাবে কাম কৰিব লাগিব । পঞ্চায়ত নিৰ্বাচনৰ পিছত অনুষ্ঠিত হ’বলগীয়া তিনিখন স্বায়ত্ত শাসিত নিৰ্বাচনক লৈ অগপে কমিটি গঠন কৰি কাম-কাজ কৰি আছে, যাতে এই নিৰ্বাচনত ভালকৈ অৱতীৰ্ণ হ'ব পাৰে ।’’
আনহাতে, কংগ্ৰেছত হোৱা মাৰপিট আৰু ধনৰ লেনদেনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, কংগ্ৰেছৰ সংস্কৃতি সেয়া, নিৰ্বাচন আহিলে কংগ্ৰেছৰ এনেকুৱা হয়ে ।
উৰণসেতু নিৰ্মাণৰ নামত অগপৰ কাৰ্যালয়ৰ ভূমি অধিগ্ৰহণ সন্দৰ্ভত অতুল বৰাই কয়, ‘‘ভূমি অধিগ্ৰহণ সন্দৰ্ভত কাৰ্যালয়লৈ জাননী এখন আহিছে । তাত কাৰ্যালয় ভঙাৰ কথা কোৱা নাই । আগফালে থকা দোকানবোৰৰ মাটি অলপ অধিগ্ৰহণ কৰিব পাৰে, সেইবিষয়ে আলোচনা কৰা হ'ব ।’’
একেটা অনুষ্ঠানত উপস্থিত থাকি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয়, "ব’হাগ আমাৰ জাতীয় জীৱনৰ সাহ । ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনাইছো আৰু ৰাইজৰ আশীষ বিচাৰিছো যাতে নিৰ্ভীক সেৱক হিচাপে কাম কৰি যাব পাৰো ।’’
লগতে পঢ়ক: ইউ জি ব্ৰহ্মই এসময়ত বি টি চি চুক্তিকো সমৰ্থন কৰা নাছিল: হাগ্ৰামা মহিলাৰী