ETV Bharat / state

জন্ম শতবৰ্ষত সুধাকণ্ঠলৈ বিশেষ সন্মান: অসম বিধানসভাৰ বিশেষ এদিনীয়া অধিৱেশন - ASSAM ASSEMBLY SPECIAL SESSION

অসম চৰকাৰে মহা আড়ম্বৰেৰে বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰিবলগীয়া সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বিষয়ে আলোচনা কৰিবলৈ আয়োজন এই বিশেষ অধিবেশনখনৰ ৷

ASSAM ASSEMBLY SPECIAL SESSION
জন্ম শতবৰ্ষত সুধাকণ্ঠলৈ বিশেষ সন্মান (ETV BHARAT Assam)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 2:55 PM IST

2 Min Read

গুৱাহাটী: সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ বিষয়ে আলোচনা আৰু বিশেষ প্ৰস্তাৱ গ্ৰহণৰ বাবে অসম বিধানসভাৰ বিশেষ অধিৱেশন ৷ সোমবাৰৰ (৯ জুন) পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় অসম বিধানসভাৰ এই এদিনীয়া বিশেষ অধিৱেশনখনি । এই বিশেষ অধিৱেশন আয়োজন কৰা হৈছে কেৱল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ বিষয়ে ।

সোমবাৰৰ অসম বিধানসভাৰ এই বিশেষ অধিৱেশনখন পৰম্পৰাগতভাৱে থকা প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হোৱা নাই । অৱশ্যে বিশেষ নিয়মাৱলীৰ মাজেৰে বিৰোধীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ভূমিপট্টনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে বিধানসভাৰ মজিয়াত প্ৰস্তাৱ উত্থাপন কৰে ৷ কিন্তু মূলতঃ অসম চৰকাৰে মহা আড়ম্বৰেৰে বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বিষয়েহে আলোচনাৰ লক্ষ্যৰে এই অধিৱেশনখন আয়োজন কৰা হৈছে ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰৰ মোহনবাৰী বিমান বন্দৰটো ড৹ ভূপেন হাজৰিকাৰ নামত নামকৰণৰ বাবে অসম কেবিনেটৰ সিদ্ধান্তৰ পিছত অসম বিধানসভাই এই বিশেষ অধিৱেশনতে প্ৰস্তাৱ গ্ৰহণ কৰিব । এই প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব অসম চৰকাৰে । ইতিপূৰ্বে অসম চৰকাৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচীৰে পালনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি উদযাপনৰ বাবে দ্ৰুত প্ৰস্তুতি চলাইছে ।

অহা ৮ ছেপ্টেম্বৰত সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আনহাতে, ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে অসম চৰকাৰে তেওঁৰ বিষয়ে দেশৰ ২৪ টা বিভিন্ন ভাষাত গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে কাম-কাজ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : হিমন্ত মামা আমাক অকণমান সহায় কৰক-নিয়তিৰ হাতোৰাত পৰা অসহায় শিশুৰ মুখ্যমন্ত্ৰীক কাতৰ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.