ETV Bharat / state

জটিল পৰিস্থিতিৰ বাবে চৰকাৰী কৰ্মচাৰীৰ বিশেষ ছুটী, স্কুল বন্ধ; সতৰ্ক কৰি দিলে মুখ্যমন্ত্রীয়ে - ARTIFICIAL FLOOD IN GUWAHATI

শনিবাৰে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে । সেইদৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটীও ঘোষণা কৰা হৈছে ।

ARTIFICIAL FLOOD IN GUWAHATI
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 30, 2025 at 9:33 PM IST

4 Min Read

গুৱাহাটী: নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিছে । কৃত্রিম বানৰ কবলত পৰিছে প্ৰায় সমগ্ৰ মহানগৰীখন । ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্রা ।

শনিবাৰৰ দিনটোতো বতৰ বেয়া হৈ থকাৰ সম্ভাৱনা আছে । যাৰ বাবে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে । সেইদৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটীও ঘোষণা কৰা হৈছে ।

দিছপুৰৰ লোকসেৱা ভৱনত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বতৰৰ প্ৰতিকূল পৰিস্থিতি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয়, "বংগোপ সাগৰৰ পৰা অহা ডাৱৰৰ প্ৰেচাৰে পৰিস্থিতি প্ৰতিকূল কৰি তুলিছে । নেৰানেপেৰাকৈ হৈ থকা বতৰৰ এই প্ৰভাৱ কাইলৈ বিয়লিলৈকে থকাৰ সম্ভাৱনা আছে । আজি আৰু কাইলৈ বিয়লিলৈ ৰেড এলাৰ্ট আছে । বিয়লিৰ পাছত পৰিস্থিতি কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে । আজি আৰু কাইলৈ পৰিস্থিতি জটিল হৈ থাকিব । পৰিস্থিতিৰ বাবে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে । সেইদৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কাইলৈ বিশেষ নৈমিত্তিক ছুটী প্ৰদান কৰা হৈছে । অৱশ্যে কোৱাটাৰৰ লগতে কাৰ্যালয় থকা কৰ্মচাৰীসকলে ডিউটি কৰিব লাগিব । দূৰৈৰ পৰা অহাসকলে কাৰ্যালয়লৈ আহিব নালাগে । আনহাতে ব্যক্তিগত খণ্ডৰ ক্ষেত্রত কাইলৈ কৰ্মচাৰীসকলক ডিউটিৰ পৰা ৰেহাই দিয়াৰ বাবে আমি আহ্বান জনাইছো ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকা হৈছে । বাংলাদেশৰ ডাৱৰৰ প্ৰেচাৰ কাইলৈও থাকিব । পৰহিৰ পৰা পৰিস্থিতি ভাল হ'ব বুলি আশা কৰিব পাৰি । পৰিস্থিতিৰ বাবে ৰাজ্যৰ ৯ লাখ লোকৰ বিজুলী সংযোগ কাটি দিয়া হৈছে আৰু গুৱাহাটীত ১০০ টা ট্ৰান্সফ'ৰ্মাৰ বন্ধ কৰি দিয়া হৈছে । আজিৰ দিনটোত গুৱাহাটীৰ তিনিটা স্থানত ভূমিস্খলন হৈছে । অৱশ্যে কোনো কেজুৱেলিটি হোৱা নাই । নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ ৰুক্মিণীগাঁও, পাঞ্জাবাৰী, অনিল নগৰ, তৰুণ নগৰ, চানমাৰি, মালিগাওঁ, সিজুবাৰী, হাতীগাঁও, সাতগাঁও আদি অঞ্চলত কৃত্রিম বান হৈছে । বৰষুণ কমিলে পানী ওলাই যাব । বৰষুণ দি থকা বাবে পানী ওলাই যাব পৰা নাই । গুৱাহাটীৰ ৰুক্মিণীগাঁও আৰু সাতগাঁৱত দুটা বান সাহায্য শিবিৰ স্থাপন কৰা হৈছে । আজি পৰিস্থিতি অত্যন্ত বেয়া । আজি মেঘালয়ত প্ৰচুৰ বৰষুণ হৈছে আৰু পাহাৰৰ পানী তললৈ নামি আহিছে । যাৰ বাবে বৰষুণ কমিলেও কিছু এলেকাত মেঘালয়ৰ পানী থাকিব ।’’

নদীবান্ধৰ পানী খুলি দিয়া সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "পানী খুলি দিয়াৰ বাবে পশ্চিম কাৰ্বি আংলঙত বান হোৱাৰ খবৰ আহিছে । পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বৰাকতো যথেষ্ট বৰষুণ হৈছে ।"

আনহাতে, মেঘালয়ৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "মেঘালয়ৰ পৰা পানী অহাটো স্বাভাৱিক । কিন্তু পাহাৰ কটাৰ বাবে সমস্যা হৈছে । এই সন্দৰ্ভত ২ জুনত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰে আলোচনা কৰাৰ বাবে তেওঁক আমন্ত্রণ জনোৱা হৈছে । এই প্ৰসংগত মেঘালয়ৰ মুখ্যমন্ত্রীৰে বিশদ আলোচনা কৰা হ'ব । পাহাৰ কটা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰা অসম আৰু মেঘালয় চৰকাৰক ন’টিচ দিয়া হৈছে । যোৰাবাটত পাহাৰ কটাৰ সমস্যা আছে । গুৱাহাটীত আজি হোৱা কৃত্রিম বানৰ বাবে কাকো দোষাৰোপ কৰিব নোৱাৰো । কাৰণ বহু বেছি ডাৱৰ বংগোপ সাগৰৰ পৰা আহি আছে । পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ সাজু হৈ আছে ।"

মুখ্যমন্ত্রীয়ে বিশেষ কোনো কাম নাথাকিলে আজি আৰু কাইলৈ ঘৰৰ পৰা ওলাই নাহিবলৈ গুৱাহাটীবাসী ৰাইজৰ প্ৰতি আহ্বান জনাইছে ।

লগতে পঢ়ক: কলহৰ কাণে বৰষুণ ঢালিছে; শনিবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, ৰাজ্যত জাৰি ৰেড এলাৰ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.