ETV Bharat / state

বিত্তীয় সাক্ষৰতা কি ? ষ্টক মাৰ্কেটত ট্ৰেডিঙৰ বাবে বিত্তীয় সাক্ষৰতাৰ কিমান প্ৰয়োজন ? - WHAT IS ONLINE TRADING

Trading and financial literacy : ষ্টক মাৰ্কেট বেয়া নহয়, কিন্তু ষ্টক মাৰ্কেটৰ নামত লুণ্ঠনটো বেয়া । মানুহৰ বিত্তীয় সাক্ষৰতা নোহোৱাৰ বাবে এই ঘটনাবোৰ ঘটিছে । মাহে মাহে পইচা পোৱা বিষয়টো ফিনেন্সিয়েল মাৰ্কেটত নিষিদ্ধ । কাৰণ মিউচুৱেল ফাণ্ড যদি কোনোবাই ক্ৰয় কৰে তাত লিখা থাকে "Investment is subject to market risk. Read the offer documents carefully before investment". গতিকে তাত মাহে মাহে পইচা পোৱাৰ কথাটো নাহে । ইয়াত কোনো গ্যাৰেণ্টেড ৰিটাৰ্ণ নাথাকে । ট্ৰেডিং, বিত্তীয় সাক্ষৰতা, ছেবিৰ গাইডলাইন আদি বিষয় সন্দৰ্ভত ট্ৰেডিং বিশেষজ্ঞ বিতোপন মজুমদাৰৰ সৈতে ই টিভি ভাৰতৰ সংবাদিক কুলগীতা সাউদৰ বিশেষ সাক্ষাৎকাৰ ।

Trading And Financial Literacy
বিত্তীয় সাক্ষৰতা কি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 4, 2024 at 8:11 PM IST

|

Updated : September 4, 2024 at 9:28 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী ,৪ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰ নামত সাধাৰণ ৰাইজৰ কোটি কোটি টকা লুণ্ঠনৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু অনলাইন ট্ৰেডিং আচলতেনো কি ? ইয়াৰ সৈতে কি কি বিষয় জড়িত হৈ আছে । এই সন্দৰ্ভত ছেবিৰ পঞ্জীয়নভুক্ত গৱেষণা বিশ্লেষক বিতোপন মজুমদাৰে কি ক'লে জানো আহক ।

ষ্টক মাৰ্কেটত ট্ৰেডিঙৰ বাবে বিত্তীয় সাক্ষৰতাৰ কিমান প্ৰয়োজন ? (ETV Bharat Assam)

অনলাইন ট্ৰেডিং বৈধ

অনলাইন ট্ৰেডিং সন্দৰ্ভত বিতোপন মজুমদাৰৰ বিশ্লেষণ, "অনলাইন ট্ৰেডিং বৈধ । কিন্তু অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যত যি লুণ্ঠন চলাই আছে সেয়াহে অবৈধ । জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱৰ বাবে অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চক চক্ৰটোৱে প্ৰৱঞ্চনা কৰি ধন লুটিব পাৰিছে । ট্ৰেডিঙৰ নামত সাধাৰণ জনতাৰ পৰা ধন লুটিছে । ষ্টক মাৰ্কেটত গ্যেৰাণ্টি বোলা বস্তুটো নিষেধ । অনলাইন ট্ৰেডিঙৰ ওপৰত জ্ঞান নথকাকৈ ট্ৰেডিং কৰিব নালাগে ।"

কেনেদৰে কৰিব ট্ৰেডিং

অনলাইন ট্ৰেডিং কেনেদৰে কৰিব এই সন্দৰ্ভত তেওঁ কয়, "কোনো ব্যক্তিয়ে অনলাইন ট্ৰেডিঙৰ ওপৰত অধ্যয়ন কৰি নিজে ট্ৰেডিং কৰিব পাৰে । ১০০ টকাৰ পৰা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰে । তেনেকৈ বহু মানুহে বিনিয়োগ কৰি লাভাংশ ওভতাই পাইছে । কিন্তু কথাটো হ'ল ট্ৰেডিঙৰ বিষয়ে সম্যক জ্ঞান প্ৰথমতে আহৰণ কৰিব লাগিব । কাৰোবাৰ কথাৰ ওপৰত নিৰ্ভৰ কৰিয়ে ট্ৰেডিং কৰিবলৈ যোৱাটো ভুল ।"

ট্ৰেডিং মাৰ্কেট

তেওঁ লগতে কয়, "অনলাইন ট্ৰেডিঙৰ এখন বিত্তীয় বজাৰ আছে । পূৰ্বতে ট্ৰেডিং এপ বেছি নাছিল । পিছলৈ এপত হ'ল । কোভিডৰ পিছত ষ্টক মাৰ্কেটৰ উত্থান হ'ল । অংশগ্ৰহণকাৰী বাঢ়িল । বজাৰ ভাল হ'ল । সৰু সৰু চহৰৰ পৰা অংশগ্ৰহণকাৰীৰ সংখ্যা বাঢ়িল । কিন্তু বিষয়বস্তুৰ ওপৰত অধ্যয়ন নাই । বহুতে ইউটিউবত ভিডিঅ' চাই ডেৰিভিটি ট্ৰেডিং কৰে । কিন্তু এই ট্ৰেডিঙত ৯০% মানুহে লোকচানৰ সন্মুখীন হৈছে । ইয়াৰ বাবে ইনফ্লুৱেন্সাৰ দায়ী ।"

কি কি সজাগতাৰ প্ৰয়োজন

ট্ৰেডিঙৰ প্ৰথম আৰু প্ৰধান চৰ্ত বিত্তীয় সাক্ষৰতা বুলি উল্লেখ কৰি এই ক্ষেত্ৰখনত ২০ বছৰৰো অধিককাল জড়িত হৈ থকা বিতোপন মজুমদাৰে কয়, "অনলাইন ট্ৰেডিং যিসকলে কৰিব বিচাৰে তেওঁলোকে বিষয়টোৰ ওপৰত অধ্যয়ন কৰি লাগে । যদি বিষয়বস্তুৰ ওপৰত সঠিক জ্ঞান থাকে, ঘৰত বহিয়ে শ্বেয়াৰ কিনা-বেচা কৰিব পাৰে । কিন্তু আপুনি কি প্ৰডাক্ট কিনিব সেয়া সঠিকভাৱে নিৰ্ধাৰণ কৰাটো জৰুৰী । যিটো কোম্পানীৰ শ্বেয়াৰত বিনিয়োগ কৰিছে সেই কোম্পানীটোৰ ভৱিষ্যৎ কি সেয়া চাইহে বিনিয়োগ কৰিব লাগে । যদি ভালদৰে নুবুজাকৈ ভুল সিদ্ধান্ত লয় তেন্তে লোকচান ভৰিব । বৰ্তমান যিটো প্ৰৱঞ্চনা হৈছে সেইটো ট্ৰেডিঙৰ বাবে হোৱা নাই । সজাগতাৰ অভাৱত হৈছে । অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যত প্ৰায় ২০ হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈছে । যিটো ৰাজ্যৰ বাৰ্ষিক বাজেটৰ ২০ শতাংশ ।"

লগতে পঢ়ক :বিশাল ফুকনৰ পাছতে এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত ৰঞ্জিত কাকতি - Stock Market Investment Scam
লগতে পঢ়ক :চাইবাৰ প্ৰৱঞ্চকে আপোনাক কিদৰে জালত পেলাব পাৰে ? জানি লওক চাইবাৰ অপৰাধীৰ কৌশলসমূহ - Cyber crime in Assam
Last Updated : September 4, 2024 at 9:28 PM IST