ETV Bharat / state

শিৱৰাত্ৰিত উমানন্দলৈ ভক্তক অনা-নিয়াৰ বাবে বিশেষ ফেৰীৰ ব্যৱস্থা জল-পৰিবহণ বিভাগৰ

শিৱৰাত্ৰিত উমানন্দ মন্দিৰলৈ যোৱাৰ কথা ভাবিছে নেকি ? উমানন্দলৈ কোনটো ঘাটৰ পৰা কেনেকৈ যাব জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Maha Shivratri 2025
শিৱৰাত্ৰিত উমানন্দলৈ ভক্তক অনা-নিয়াৰ বাবে বিশেষ ফেৰীৰ ব্যস্থা জল-পৰিবহণ বিভাগৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 5:47 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : মহা শিৱৰাত্ৰিলৈ মাজত মাথোঁ এটা দিন । মহা শিৱৰাত্ৰি উপলক্ষে ৰাজ্যজুৰি শিৱ মন্দিৰবোৰত ব্যাপক প্ৰস্তুতি চলিছে । ইয়াৰ ব্যতিক্ৰম নহয় উমানন্দ মন্দিৰো । উমানন্দ মন্দিৰলৈ ভক্তসকলক নিৰাপদে লৈ যোৱাৰ বাবে আভ্যন্তৰীণ জল-পৰিবহণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে । যাত্ৰীসকলক অনা-নিয়াৰ বাবে চাৰিখন ফেৰীৰ ব্যৱস্থা কৰা হৈছে । এই সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ (কমাৰ্চিয়েল) উপ-সঞ্চালক মলিন হালৈয়ে কয়, "উমানন্দ মন্দিৰলৈ প্ৰতিদিনে ভক্তৰ বাবে দুখনকৈ ফেৰী এম ভি উমাচল আৰু এম ভি মেঘনা চলাচল কৰে । শিৱৰাত্ৰিৰ বাবে অতিৰিক্তভাৱে আৰু দুখন ফেৰী এম ভি ত্ৰিবেণী আৰু এম ভি অলকানন্দাৰ ব্যৱস্থা কৰা হৈছে ।"

তেওঁ কয়, "শিৱৰাত্ৰিৰ দিনটোত অৰ্থাৎ ২৬ ফেব্ৰুৱাৰী আৰু ২৭ ফেব্ৰুৱাৰী এই দুটা দিনত অতিৰিক্তভাৱে দুখন ফেৰী যাত্ৰীৰ সুবিধাৰ্থে চলোৱা হ'ব । আটাইকেইখন ফেৰীতে আসন ১০০ আছে যদিও ২০০ যাত্ৰী যাব পাৰিব । আটাইকেইখন ফেৰী পাণবজাৰৰ শুক্ৰেশ্বৰ মন্দিৰৰ সমীপৰ জলপৰী ঘাটৰ পৰা চলিব ।"

Maha Shivratri 2025
শিৱৰাত্ৰিত উমানন্দলৈ ভক্তক অনা-নিয়াৰ বাবে বিশেষ ফেৰীৰ ব্যস্থা জল-পৰিবহণ বিভাগৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "যিহেতু শিৱৰাত্ৰিৰ দিনটোত পুৱা ৪ বজাৰ পৰা উমানন্দ মন্দিৰলৈ যাবলৈ ঘাটলৈ ভক্তৰ সমাগম হয়, সেয়েহে আমি ৫ বজাৰ পৰা সাজু হৈ থাকিম । যাত্ৰীৰ ভিৰ হোৱাৰ লগে লগে ফেৰী সেৱা আৰম্ভ হব । এইবাৰ যাত্ৰীৰ সুবিধাৰ্থে প্ৰৱেশ আৰু প্ৰস্থান দুখন গে'টৰ ব্যৱস্থা কৰা হৈছে ।"

আনহাতে, শিৱৰাত্ৰিৰ দিনটোত যদি উমানন্দত অধিক ভিৰ হয়, তেতিয়াহ'লে বিয়লি ৩ বজাত উমানন্দলৈ যাত্ৰী নিয়াটো বন্ধ কৰি অকল উমানন্দৰ পৰা যাত্ৰীসকলক অনাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয় ।

Maha Shivratri 2025
শিৱৰাত্ৰিত উমানন্দলৈ ভক্তক অনা-নিয়াৰ বাবে বিশেষ ফেৰীৰ ব্যস্থা জল-পৰিবহণ বিভাগৰ (ETV Bharat Assam)

ইয়াৰ উপৰি তেওঁ কয়, "শিৱৰাত্ৰি উপলক্ষে যাত্ৰীৰ সুবিধাৰ্থে ৬ টা টিকট কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে । বিগত বৰ্ষত শিৱৰাত্ৰিৰ দিনটোত উমানন্দত প্ৰায় ৫ হাজাৰ ভক্তৰ সমাগম হৈছিল । যাৰ বাবে ৩ বজাতে উমানন্দলৈ ভক্ত নিয়াটো বন্ধ কৰি দি অনাৰহে ব্যৱস্থা কৰিছিলোঁ । ভক্তসকলৰ সুৰক্ষাৰ বাবে ফেৰীত পৰ্যাপ্ত পৰিমাণৰ লাইফ জেকেট, লাইফ বয়ৰ ব্যৱস্থা কৰাৰ উপৰি এছ ডি আৰ এফ, এন ডি আৰ এফৰ দলো থাকিব ।"

লগতে পঢ়ক :ঘানাৰ পৰা আৰম্ভ কৰি কিউবালৈকে... এডভাণ্টেজ আছাম ২.০ ত ভাগ ল'বলৈ আহিল দলে-বলে - ADVANTAGE ASSAM 2
লগতে পঢ়ক :মহা শিৱৰাত্ৰি উপলক্ষে কৰক জ্যোতিৰ্লিংগৰ দৰ্শন; IRCTC-এ দিছে সুন্দৰ পেকেজ - IRCTC TOUR PACKAGE