ETV Bharat / state

ভৱানী শৰ্মা; SpaceX-ৰ বিৰল কৃতিত্বৰ অংশীদাৰ এগৰাকী অসমীয়া - SPACEX ENGINEER BHABANI SHARMA

সুনীতা উইলিয়ামছক মহাকাশৰ পৰা ঘূৰাই অনা মহাকাশযান SpaceX-ৰ কাৰিকৰী বিভাগত কৰ্মৰত দৰং জিলাৰ হাজৰিকাপাৰাৰ ভৱানী শৰ্মা ।

SpaceX engineer Bhabani Sharma
ভৱানী শৰ্মা; SpaceX-ৰ বিৰল কৃতিত্বৰ অংশীদাৰ এগৰাকী অসমীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 1:12 PM IST

3 Min Read

মঙলদৈ : অৱশেষত বহু প্ৰতীক্ষা আৰু উৎকণ্ঠাৰ অন্ত পেলাই প্ৰায় ৯ টা মাহ মহাকাশত বন্দী হৈ থকা সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম'ৰ পৃথিৱীলৈ ঘূৰি আহিছে । ইয়াৰ বাবে নাছা আৰু SpaceX-ৰ উদ্ধাৰকাৰী দলটোক সমগ্র বিশ্বই অভিনন্দন জনাইছে ।

ভাৰতীয় সময়মতে বুধবাৰে পুৱা ৩.২৮ বজাত আটলাণ্টিকৰ নীলাভ জলৰাশিত অৱতৰণ কৰে ভাৰতীয় মূলৰ আমেৰিকান সুনীতা উলিয়ামছসহ ৪ মহাকাশচাৰী । তেওঁলোকক কঢ়িয়াই আনে SpaceX-ৰ ড্ৰেগন কেপচুলে ।

ভৱানী শৰ্মা; SpaceX-ৰ বিৰল কৃতিত্বৰ অংশীদাৰ এগৰাকী অসমীয়া (ETV Bharat Assam)

আনহাতে, সমগ্র বিশ্বক গৌৰৱান্বিত কৰা SpaceX-ত কৰ্মৰত হৈ আছে এইখন অসমৰে এগৰাকী অসমীয়া । স্বাভাৱিকতে SpaceX-ৰ এই বিৰল কৃতিত্বৰ পিছত SpaceX-ৰ সমগ্ৰ দলটোক বিশ্বজুৰি ভূয়সী প্ৰশংসা কৰা হৈছে । এই প্ৰশংসাৰ সমানে অংশীদাৰ হৈছে এইগৰাকী অসম সন্তানো ।

তেওঁ হৈছে দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজৰিকাপাৰাৰ ভৱানী শৰ্মা । বৰ্তমান তেওঁ SpaceX-ত কৰ্মৰত । ইফালে বুধবাৰৰ এই বিৰল দিনটোৰ সাক্ষী হিচাপে থকা ভৱানী শৰ্মাৰ পৰিয়ালো উৎফুল্লিত হৈ পৰিছে । সমানে উৎফুল্লিত হৈ পৰিছে তেওঁৰ গাঁওবাসীও ।

উল্লেখ্য যে হাজৰিকাপাৰাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি বিভিন্ন চাকৰিত কৰ্মৰত হৈ বৰ্তমান কেলিফ'ৰ্ণিয়াত SpaceX-ত কৰ্মৰত ভৱানী শৰ্মা । 2025 চনৰ আৰম্ভণিৰে পৰাই তেওঁ SpaceX-ত কাম কৰিবলৈ আৰম্ভ কৰে ।

তেওঁৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত এগৰাকী আত্মীয়ই কয়, "ভৱানী শৰ্মাই হাজৰিকাপাৰা গান্ধী স্মৃতি হায়াৰ ছেকেণ্ডাৰীৰ পৰা মেট্ৰিক পৰীক্ষা সুখ্যাতিৰে পাছ কৰিছিল ১৯৮৩ চনত । তাৰ পিছত আৰ্য মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়ন কৰে । তেওঁ চানমাৰিৰ পলিটেকনিকৰ পৰা প্ৰথম বেটচত ডিপ্ল’মা লয় আৰু যোৰহাট অভিযান্ত্ৰিক কলেজৰ পৰা কম্পিউটাৰ শাখাত ডিগ্ৰী গ্ৰহণ কৰে ।"

ভৱানী শৰ্মাৰ কৰ্মত যোগদান সন্দৰ্ভত তেওঁ কয়, "ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লাভ কৰাৰ পিছত ছিপাঝাৰৰ পি বি এছ এলত দুবছৰ কাম কৰে । তাৰ পৰা গৈ তেওঁ ডি পি ই পিত কমৰ্ৰত হয় । পৰৱৰ্তী সময়ত তেওঁ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ত যোগদান কৰে । তাৰ পিছত ১৯৯৯ চনত আমেৰিকালৈ যায় আৰু তেতিয়াৰে পৰা বৰ্তমানলৈকে তেওঁ আমেৰিকাত আছে । ২০২৫ চনত তেওঁ SpaceX-ত যোগদান কৰে ।"

ইফালে এই খবৰ লাভ কৰাৰ পিছত আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰে তেওঁৰ আত্মীয়সকলে । লগতে তেওঁক লৈ দৰং তথা অসমবাসীৰ লগতে সমগ্র ভাৰতবাসীয়েও গৌৰৱ অনুভৱ কৰিছে ।

লগতে পঢ়ক :মহাকাশচাৰী সুনীতা উইলিয়ামছৰ দৰমহা কিমান আপুনি জানেনে... - ASTRONAUT SUNITA WILLIAMS
লগতে পঢ়ক :সুনীতা উইলিয়ামছক অভিনন্দন ইছৰোৰ - ISRO WELCOMES SUNITA WILLIAMS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.