ই টিভি ভাৰতৰ সাংবাদিক প্ৰয়াত ৰাতুল ডেকাৰ স্মৃতিচাৰণ - Journalist Ratul Deka
Souvenir of journalist Ratul Deka : ৰহস্যজনক কাৰণত মৃত্যুক সাৱটি লোৱা ই টিভি ভাৰত অসমৰ সাংবাদিক ৰাতুল ডেকাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিচাৰণ সভা ৷ স্মাৰকগ্ৰন্থ ‘ৰতোৱাল বেলি’ উন্মোচন । ৰাতুল ডেকাৰ স্মৃতিত স্মাৰক বঁটা ঘোষণা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ । মৰিগাঁও জিলা আয়ুক্তৰ সহায়ৰ আশ্বাস ।

Published : September 9, 2024 at 9:55 PM IST
ধিং, ৯ ছেপ্টেম্বৰ : যোৱা ২৭ আগষ্টত বাতৰি সংগ্ৰহ কৰি ঘৰলৈ ওভতাৰ সময়ত এক ৰহস্যজনকভাৱে মৃত্যু হৈছিল ই টিভি ভাৰত অসমৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৷ সোমবাৰে ৰাতুল ডেকাৰ চোলাপাৰ গাঁৱৰ নিজা বাসগৃহত অনুষ্ঠিত হোৱা আদ্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলা সাংবাদিক সন্থা, মৰিগাঁও জিলা মিডিয়া ক্লাব আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷
প্ৰয়াত ডেকাৰ চোতালত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনৰ সভাপতিত্ব কৰে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি ড৹ বিৰিঞ্চি শৰ্মাই ৷ সাংবাদিক প্ৰণৱ গোস্বামীয়ে আঁতধৰা সভাখনৰ উদেশ্য বাখ্যা আগবঢ়াই সাংবাদিক মিণ্টু কুমাৰ মেধিয়ে । কাৰ্যসূচী অনুসৰি সভাৰ প্ৰাকক্ষণত প্ৰয়াত ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰাতুল ডেকাৰ জ্যেষ্ঠ ভাতৃ অতুল ডেকাই । প্ৰতিচ্ছবিত পুস্পাঞ্জলি নিবেদন কৰে প্ৰয়াত ডেকাৰ ধৰ্মপত্নী নমিতা বৰদলৈ ডেকাই ।
উক্ত স্মৃতিচাৰণ সভাতে প্ৰয়াত ডেকাৰ স্মৃতিত মৰিগাঁও জিলা সাংবাদিক সন্থা আৰু মৰিগাঁও জিলা মিডিয়া ক্লাবৰ যৌথ উদ্যোগত প্ৰকাশিত ‘ৰতোৱাল বেলি’ শীৰ্ষক এখন স্মাৰকগ্ৰন্থ উন্মোচন কৰা হয় । মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি ড৹ বিৰিঞ্চি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ড৹ হৰমোহন কলিতা । তদুপৰি স্মৃতিচাৰণ সভাখনত উপস্থিত থাকি ৰাতুল ডেকাৰ স্মৃতি ৰোমন্থন কৰে ক্ৰমে মৰিগাঁও জিলা মিডিয়া ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি মিতালী দেৱী আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই ।
সভাখনত মুখ্য অতিথি আৰু গ্ৰন্থ উন্মোচক হিচাবে উপস্থিত থাকি স্মাৰকগ্ৰন্থ ‘ৰতোৱাল বেলি’ উন্মোচন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । তদুপৰি সভাখনত অতিথি হিচাবে উপস্থিত থাকে জীৱন জেউতি কৃষক সংঘৰ সভাপতি তুলসী ডেকা, লেখিকা সীমা বৰা, লাহৰীঘাট প্ৰেছ ক্লাবৰ সভাপতি বিষ্ণু ডেকাকে প্ৰমুখ্য কৰি বহুকেইজন লোক । ৰতোৱাল বেলি স্মাৰকগ্ৰন্থখন সম্পাদনা উন্মোচন কৰি উন্মোচকগৰাকীয়ে আটাইকেইটা সাংবাদিকৰ সংগঠনৰ শলাগ লোৱাৰ লগতে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সম্পাদক জিতুমণি নাথ আৰু যুটীয়াভাৱে সম্পাদনাৰ দায়িত্ব পালন কৰা লক্ষ্যজ্যোতি নাথ আৰু প্ৰণৱ গোস্বামীৰো শলাগ লয় ।
ইফালে স্মাৰকগ্ৰন্থখন উন্মোচনী সভাতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই আগন্তুক বৰ্ষৰ পৰা ৰাতুল ডেকাৰ স্মৃতিত অসম ৰাজ্যিক সাংবাদিক সন্থাই ‘ৰাতুল ডেকা স্মাৰক বঁটা’ প্ৰদানেৰে প্ৰয়াত ডেকাৰ স্মৃতি যুগমীয়া কৰা হ’ব বুলি ঘোষণা কৰে । আজিৰ সভাৰ অন্তত মৃতকৰ ঘৰত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি পৰিয়ালটোক যথাসাধ্য সহায় কৰাৰো আশ্বাস দিয়ে ।
লগতে পঢ়ক : সংবাদ ক্ষেত্ৰতেই নহয়, সামাজিক ক্ষেত্ৰতো যথেষ্ট অৱদান আছিল প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ : জিলা আয়ুক্ত
অনন্ত ধামলৈ যাত্ৰা সাংবাদিক ৰাতুল ডেকাৰ: ভগ্ন হৃদয়, অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় গুণমুগ্ধৰ

