সমৰ্থ প’ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ ক্ষেত্রত এছ অ’ পি উচ্চ শিক্ষা বিভাগৰ
অসমীয়াক ৰাজ্যভাষা হিচাপে প্ৰয়োগ কৰাৰ কেবিনেট সিদ্ধান্তৰ পাছতে উচ্চ শিক্ষা বিভাগে অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্ৰকাশ কৰে ।

Published : April 23, 2025 at 8:47 PM IST
গুৱাহাটী: অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত স্নাতক স্তৰত সমৰ্থ প'ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বাবে এক মানক কাৰ্য পদ্ধতি তথা এছ অ’ পি জাৰি কৰা হৈছে । এই প্ৰক্ৰিয়া সূচল কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা সহায়ক আৰু সমন্বয় কেন্দ্ৰ স্থাপন কৰা হৈছে ।
এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে এক বিবৃতি জাৰি কৰিছে । লক্ষণীয় বিষয় যে, অসমীয়াক ৰাজ্যভাষা হিচাপে প্ৰয়োগ কৰাৰ কেবিনেট সিদ্ধান্তৰ পাছতে উচ্চ শিক্ষা বিভাগে মঙলবাৰে অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্ৰকাশ কৰে ।

বিজ্ঞপ্তিখনত কোৱা হয় যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সিদ্ধান্ত অনুসৰি স্নাতক স্তৰৰ নামভৰ্তিৰ প'ৰ্টেল ২০২৫ চনৰ ১১ এপ্ৰিলৰ পৰা পঞ্জীয়নৰ বাবে সক্ৰিয় কৰা হৈছে । এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত এক আঞ্চলিক সমৰ্থ সহায়ক আৰু সমন্বয় কেন্দ্র স্থাপন কৰা হৈছে । এই কেন্দ্ৰই অসমৰ উচ্চ শিক্ষা বিভাগৰ অধীনত সেৱা আগবঢ়োৱাৰ লগতে নামভৰ্তিৰ ক্ষেত্ৰত সমৰ্থ প্লেটফৰ্ম ব্যৱহাৰৰ চৰকাৰী নীতিসমূহ কাৰ্যকৰী কৰিব ।
তদুপৰি কেন্দ্ৰটোৱে ২০২৫-২৬ শিক্ষাবৰ্ষৰ FYUGP/FYIMP/FYUPGP নামভর্তি প্রক্রিয়াত অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়, মহাবিদ্যালয়, সমৰ্থৰ কাৰ্যবাহী আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ সৈতে সমন্বয়ক কেন্দ্ৰ হিচাপে যোগাযোগ স্থাপন কৰিব ।
এই সন্দৰ্ভত উচ্চ শিক্ষা বিভাগৰ তৰফৰ পৰা দিয়া হৈছে এছ অ' পি অৰ্থাৎ মানক কার্য পদ্ধতি
- যিহেতু নামভর্তি এক বিদ্যায়তনিক আৰু বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ অধীনৰ বিষয়, সেয়ে শিক্ষা প্রতিষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে ডিজিটেল নামভৰ্তি প্ৰক্ৰিয়াৰ সূচলতা নিশ্চিত কৰিব ৷ RSSCC, Assam-এ সমর্থ টীম, বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগৰ সৈতে সক্রিয়তাৰে সমন্বয় ৰক্ষা কৰি নীতিসমূহ বলৱৎ কৰিব । এই কেন্দ্ৰটোৱে বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু নতুন দিল্লীৰ সমৰ্থ টীমৰ সৈতে যোগাযোগৰ বাবে নিৰ্দিষ্ট rsscc.samarth@gauhati.ac.in ই-মেইল ব্যৱহাৰ কৰিব পাৰিব ।
- অসমৰ সকলো বিষয় বিশ্ববিদ্যালয়, সমর্থ সম্পৰ্কীয় e-Gov মহাবিদ্যালয়সমূহে rsscc.samarth@gauhati.ac.in লৈ প্ৰেৰণ কৰি অৱগত কৰিব পাৰিব আৰু ইয়াৰ প্ৰতিলিপি
dheofficial.documentation@gmail.com লৈ প্ৰেৰণ কৰিব লাগিব । - নামভর্তি প্রক্রিয়া স্বচ্ছ, সূচল আৰু ত্বৰান্বিতকৰণৰ বাবে চৰকাৰে মূলতঃ নামভৰ্তিৰ ক্ষেত্ৰত সমনীতি প্রণয়ন, নামভর্তি প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ আৰু প্ৰয়োজন সাপেক্ষে নির্দেশনা প্রদান কৰিব ।
- RSSCC, Assam-এ সকলো একক আৰু সহযোগী মহাবিদ্যালয় আৰু স্বায়ত্ত শাসিত মহাবিদ্যালয়ৰ সমৰ্থ কোষৰ সৈতে FYUGP/FYIMP/FYUPGP নামভর্তি সন্দৰ্ভত যোগাযোগ কৰিব আৰু এই সন্দৰ্ভত উচ্চ শিক্ষা বিভাগক অৱগত কৰিব ।
- সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ সমৰ্থ কোষে নিজৰ অধীনৰ সহযোগী মহাবিদ্যালয়সমূহৰ সৈতে নামভৰ্তিৰ ক্ষেত্ৰত যোগাযোগ কৰিব আৰু প্ৰয়োজন অনুসৰি তথ্যৰ যোগান ধৰিব ।
- সঞ্চালক, CDC/কলেজ পৰিদৰ্শকে বিদ্যায়তনিক আৰু পৰীক্ষা শাখাৰ সৈতে যোগাযোগ কৰি পাঠ্যক্ৰম, বিভাগ আৰু আসনৰ সংখ্যা নিশ্চিত কৰিব, যাতে নামভৰ্তিৰ পূৰ্বে সঠিক পাঠ্যক্ৰমৰ নাম, কোড আৰু বিভাগ সন্দৰ্ভত সকলো অৱগত হয় ৷
- অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহে অনুসৰণ কৰিবলগীয়া নামভৰ্তিৰ সম্পূৰ্ণ সময়সূচী উচ্চ শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰিব । যিকোনো অভিযোগৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, ছাত্র-ছাত্রীয়ে dheofficial.documentation@gmail.com ত যোগাযোগ কৰিব পাৰিব ।
লগতে পঢ়ক: অসমৰ বিলুপ্তপ্ৰায় ভাষা সংৰক্ষণৰ বাবে আছুৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

