আৱৰ্জনা পানীমেটেকাক সম্পদৰ ৰূপ দিছে এগৰাকী মহিলাই
পানীমেটেকাই মোকলাইছে উপাৰ্জনৰ পথ ৷ গঢ়ি তুুলিছে কৰ্ম সংস্কৃতি ৷

Published : March 8, 2025 at 5:02 PM IST
তিনিচুকীয়া: আজিৰ মহিলা কেৱল পাকঘৰতে সীমাবদ্ধ নহয় । নিজৰ কৰ্মসংস্কৃতিৰ জৰিয়তে সময়ৰ স’তে প্ৰতিটো খোজত আগুৱাই যাবলৈ সক্ষম হৈছে আজিৰ মহিলা ৷ আনকি পেলনীয়া সামগ্ৰীৰ পৰা সৃষ্টি কৰিছে বহুতো আকৰ্ষণীয় সামগ্ৰী । পানীমেটেকাৰ পৰাও প্ৰস্তুত কৰি উলিয়াইছে নিত্য় ব্য়ৱহাৰ্য সামগ্ৰী । নিজৰ কৰ্মৰাজিক সকলোৰে মাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা এনে এগৰাকী মহিলা হৈছে সোণপাহি দুৱৰা হাজৰিকা । আজি আন্তৰ্জাতিক নাৰী দিৱসত এইগৰাকী মহিলাই বৰ্ণনা কৰিলে সাফল্য়ৰ আঁৰৰ কাহিনী ।
তিনিচুকীয়া জিলাৰ দিহিঙ্গীয়া গাঁৱৰ এইগৰাকী মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন ৷ নিজৰ ঘৰতে বহি পানীমেটেকাৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি নিজৰ লগতে আনকো স্বাৱলম্বিতাৰ পথ দেখুৱাইছে তিনিচুকীয়াৰ চহৰৰ নিকটৱৰ্তী দিহিঙ্গীয়া গাঁৱৰ সোণপাহি দুৱৰা হাজৰিকাই ৷
মহিলাগৰাকীয়ে তিনিচুকীয়াৰ লগতে বিভিন্ন স্থানৰ পৰা পৰিয়ালৰ সহযোগত মেটেকাসমূহ সংগ্ৰহ কৰি নিজ ঘৰতে শুকুৱাই বিগত কেইবা বছৰধৰি অতি আকৰ্ষণীয়কৈ বেগ, টুপী, ডাইনিং মেট, ফুলৰ টাব, চোফা ক'ভাৰ, বিচনী, নথিপত্ৰ ৰখাৰ ফাইল, সামগ্ৰী ৰখা পাত্ৰৰ লগতে বিভিন্ন সৌন্দৰ্যবৰ্ধনৰ কাৰণে ৰখা বহু সামগ্ৰী তৈয়াৰ কৰি আহিছে ৷

আৰম্ভণিতে তিনিচুকীয়াত প্ৰশিক্ষণ লৈছিল যদিও পৰৱৰ্তী সময়ত নিজৰ অধ্যৱসায়ৰ বলত বৰ্তমানৰ অবস্থাত উপনীত হৈছে বুলি কয় সোণপাহি দুৱৰাই ৷ সামগ্ৰীসমূহৰ আৰম্ভণিতে চাহিদা সীমিত আছিল যদিও বৰ্তমান ইয়াৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে ৷
পেলনীয়া সামগ্ৰীও ব্যৱহাৰ কৰিব জানিলে যে প্ৰয়োজনীয় সামগ্ৰীৰ ৰূপ লয়, অপ্ৰয়োজনীয়বোৰো যে মানুহে অন্য ৰূপ দিব পাৰে তাকে প্ৰমাণ কৰি সোণপাহি দুৱৰা হাজৰিকাই কয়, "নদী বা পুখুৰীত আমি সকলোৱেই পানীমেটেকা দেখিছো, কিন্তু সেই মেটেকাৰ পৰাই যে প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বী হ'ব পাৰি সেই কথা মই কেতিয়াও ভবা নাছিলো ৷"

তেওঁ লগতে কয়, "মই অতি কম সময়ৰ ভিতৰতে প্ৰশিক্ষণ গ্ৰহণ কৰি এতিয়া পানীমেটেকাৰে নানান প্ৰয়োজন সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বী হৈ ঘৰখনক কিছু সকাহ দিবলৈ সক্ষম হৈছো ৷ কিন্তু আৰ্থিক অসুবিধাৰ কাৰণে কিছু সা-সঁজুলি ক্ৰয় কৰিব নোৱৰাত ইচ্ছা থাকিও পৰিকল্পনা আধাতে সামৰি থব লগা হৈছে, সেয়েহে চৰকাৰলৈ আহ্বান জনাওঁ যাতে কিছু আৰ্থিক সাহায্য আগবঢ়াই আগুৱাই যোৱাত সহায় কৰে ৷ চৰকাৰে যদি মোৰ দৰে মহিলাসকলক সহায়ৰ হাত আগবঢ়াই তেন্তে বহুতো মহিলাই ঘৰতে বহি নিজৰ লগতে বহু মহিলাক স্বাৱলম্বী কৰিবলৈ সক্ষম হ’ব ৷”

এইক্ষেত্ৰত সোণপাহি দুৱৰাৰ স্বামীয়ে কয় ,“মই পত্নীক এইক্ষেত্ৰত সহায় কৰি আহিছো । বিভিন্ন প্ৰান্তৰ পৰা মেটেকা সংগ্ৰহৰ ক্ষেত্ৰত সহায় কৰি আহিছো ৷”

