জোনাই: ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী বিহুৰ উছাহ দেখা গৈছে ৷ ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যৰ ভিন্ন জাতি-জনগোষ্ঠী ৷ অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজা পৰম্পৰাৰে পালন কৰিছে হেঁপাহৰ বিহুটি ৷ বিহুৰ আনন্দত সমানেই মতলীয়া সোণোৱাল কছাৰীসকল ৷ সোণোৱাল কছাৰীসকলে তেওঁলোকৰ নিজা পৰম্পৰাৰে বিহু উদযাপন কৰিছে ।
ধেমাজি জিলাৰ জোনাইৰ সোণোৱাল কছাৰীসকলেও অতি উলহ-মালহেৰে হাইদাং হুঁচৰি গাই উদযাপন কৰিছে বিহু ৷ জোনাইৰ বলাইপামত চাৰিওফালে শুনা গৈছে ঢোলৰ গুমগুমনি । গাঁৱে গাঁৱে কেইবাটাও সোণোৱাল হুঁচৰি দলে গাইছে বিহু । বলাইপাম গাঁৱৰ সোণোৱাল কছাৰীসকলে গাঁৱৰ ঘৰে ঘৰে একেলগ হৈ গাইছে সোণোৱাল হুঁচৰি ৷ বলাইপাম গাঁৱৰ পুৰুষসকলে এডাল বাঁহৰ লগতে ঢোল, তাল লৈ হুঁচৰি গাবলৈ ওলাই গৈছে । তাৰ পিছত পৰম্পৰা অনুসৰি বাঁহডাল গৃহস্থৰ ঘৰৰ চোতালত পুতি লৈ প্ৰতিজনে হাতে হাতে একোডাল বাঁহৰ লাঠী লৈ বাঁহডালত কোবাই সোণোৱাল হুঁচৰি গাইছে ।
হুঁচৰিৰ অন্তত বিহুৱাৰ সন্মুখত শৰাই আগবঢ়াই গৃহস্থই সেৱা লোৱাটো নিয়ম । সোণোৱাল হুঁচৰিৰ দলেও গৃহস্থৰ সুখ-শান্তি তথা সমৃদ্ধি কামনাৰে পাৰে মানে আশীৰ্বাদ দিয়ে ৷ সোণোৱাল কছাৰীসকলৰ জ্যেষ্ঠ নাগৰিকসকলে এই বিশেষ হুঁচৰি সন্দৰ্ভত কয়, "হাইদাং হৈছে একপ্ৰকাৰ নৃত্য-গীত । অসমৰ সোণোৱাল-কছাৰী লোকসকলৰ লোকসাহিত্যৰ ই এক আপুৰুগীয়া সম্পদ । এই নৃত্য-গীতে সোণোৱাল-কছাৰীসকলৰ স্বকীয় সাংস্কৃতিক পৰম্পৰাৰ স্বাক্ষৰ বহন কৰি আহিছে । জনগোষ্ঠীটোৰ এটা প্ৰধান সামাজিক অনুষ্ঠান খ্ৰীং খ্ৰীং বাইথ'(শিৱ) পূজা শেষ হোৱাৰ পাছত এই নৃত্য-গীত পৰিৱেশন কৰা হয় । হাইদাং নৃত্য-গীতৰ লগত এটা জনশ্ৰুতি প্ৰচলন হৈ আছে । দেৱতাসকলৰ ভিতৰত শিৱই সহজতে সন্তুষ্ট হয় আৰু সকলোৰে মনোবাঞ্ছা পূৰণ কৰে বুলি বিশ্বাসৰ প্ৰচলন আছে । সেয়ে শিৱ পাৰ্বতীক সাধনা কৰি ঘৰে ঘৰে হাইদাং হুঁচৰি গাই ৰাইজৰ মংগল কামনা কৰে সোণোৱাল কছাৰীসকলে ৷"
লগতে পঢ়ক :ব'হাগত জাতিয়ে স্নান কৰে... ! এনুৱা বতৰত কোন থাকে ভিতৰত - BOHAG BIHU 2025