তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা প্ৰশাসনৰ
মৰমৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক কেন্দ্ৰ কৰি তেজপুৰ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি । জনসম্পৰ্কৰক্ষী বিষয়াৰ পদত্যাগ ৷

Published : September 25, 2025 at 3:31 PM IST
|Updated : September 25, 2025 at 6:09 PM IST
শোণিতপুৰ: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে তেজপুৰ বিশ্ববিদ্যালয় । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু শিক্ষাৰ্থীৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । অৱশেষত প্ৰশাসনে এই ঘটনাক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে । জুবিন গাৰ্গক অপমানৰ অভিযোগ আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ তদন্ত কৰিব প্ৰশাসনে ।
শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এক নিৰ্দেশত কয়, "জুবিন গাৰ্গৰ প্ৰতি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যথাযথ সন্মান নিদিয়া বুলি তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কেইবাটাও অভিযোগ উত্থাপন কৰিছে । ই অসমৰ কিংবদন্তি শিল্পীজনৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ দৰে হৈছে ।"
তেওঁ উল্লেখ কৰে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গাৰ্গৰ জীৱন আৰু কৰ্মক সন্মান জনোৱাৰ বাবে কোনো আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আয়োজন কৰা নাছিল । যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ পৰিছে । দাসে কয় যে উপাচাৰ্যগৰাকীয়ে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আয়োজন কৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অপমানজনক মন্তব্য আগবঢ়োৱাও পোহৰলৈ আহিছে । অতিৰিক্ত জিলা দণ্ডাধীশ কমল বৰুৱাই ১০ দিনৰ ভিতৰত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব বুলিও তেওঁ উল্লেখ কৰিছে । ইয়াৰ মাজতে মঙলবাৰে তেজপুৰ বিশ্ববিদ্যালয়ে এক বিবৃতিৰ জৰিয়তে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বিশ্ববিদ্যালয় কেম্পাছত স্থাপন কৰাৰ কথা ঘোষণা কৰাৰ লগতে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী (মৰণোত্তৰভাৱে) প্ৰদানৰ কথাও চিন্তা কৰে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে । বুধবাৰে সন্ধিয়া চলি থকা পৰিস্থিতি আৰু উপাচাৰ্যৰ ভূমিকা সম্পৰ্কে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ মাজত এখন বৈঠকো অনুষ্ঠিত হয় ।

এজন বিষয়াই কয় যে তেওঁলোক সকলোৱে সৰ্বসন্মতিক্ৰমে ঐতিহাসিক তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা উপাচাৰ্যগৰাকীক শীঘ্ৰে অপসাৰণ কৰি বিশ্ববিদ্যালয়খনক উন্নীত কৰিব পৰাকৈ এজন যোগ্য ব্যক্তি নিযুক্তি দিয়াৰ দাবী জনাইছে ।
জনসম্পৰ্কৰক্ষী বিষয়াৰ পদত্যাগ
চলি থকা বিতৰ্কৰ মাজতে বিশ্ববিদ্যালয়খনৰ জনসম্পৰ্কৰক্ষী বিষয়া সমৰেশ বৰ্মনে পদত্যাগ কৰিছে । সমৰেশ বৰ্মনে উপাচাৰ্য শম্ভু নাথ সিঙৰ স্বৈৰাচাৰী কাম-কাজৰ অভিযোগ উত্থাপন কৰি পদত্যাগ কৰিছে । যাৰ ফলত প্ৰতিষ্ঠানটোৰ সামগ্ৰিক ৰেংকিং হ্ৰাস পাইছে বুলিও তেওঁ অভিযোগ কৰে ।
জনসম্পৰ্কৰক্ষী বিষয়া সমৰেশ বৰ্মনে এই সন্দৰ্ভত কয়, "উপাচাৰ্যগৰাকীয়ে শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে দীৰ্ঘদিনে গ্ৰহণ কৰি অহা স্বেচ্ছাচাৰী শাসন আৰু নিয়ম-নীতিৰ বিৰুদ্ধে আজি সকলো একেলগ হ'ল ৷ মই উপাচাৰ্যগৰাকীৰ পদত্যাগৰ দাবী জনাইছো ।"
যিসময়ত শ্ৰেণীকোঠাত এশ এবুৰি সমস্যা বা হোষ্টেলত সাধাৰণ সুবিধাও নাই সেই সময়ত বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে অহা ধন দুৰ্নীতিৰে আত্মসাৎ কৰা উপাচাৰ্য বিলাসী আৱাসত থকাৰো অভিযোগ আছে । বিশ্ববিদ্যালয়ৰ ধনৰে বিদেশ ভ্ৰমণ কৰাৰো অভিযোগ আছে তেওঁৰ বিৰুদ্ধে ৷ বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া সমৰেশ বৰ্মনে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতেই বিশ্ববিদ্যালয় চৌহদত সকলো একত্ৰিত হৈ উপাচাৰ্যই চলাই যোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰীকো এই দুৰ্নীতিৰ তদন্তৰ দাবী জনাই শীঘ্ৰেই বিশ্ববিদ্যালয়ৰ স্বাৰ্থত এগৰাকী উপযুক্ত ব্যক্তিক উপাচাৰ্যৰ পদত নিযুক্তি দিয়াৰ দাবী তোলে ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে উত্থাপন কৰা দাবীসমূহ সমাধানৰ ক্ষেত্ৰত শোণিতপুৰ জিলা আয়ুক্তলৈ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্মাৰক পত্ৰও প্ৰদান কৰা হৈছে ।
জিলা ছাত্র সন্থাই কয়, "অসম চুক্তিৰ ফলশ্ৰুতিত সাংস্কৃতিক নগৰী তেজপুৰত স্থাপন হৈছিল উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয় । দুর্ভাগ্যজনকভাৱে অসমীয়াৰ হিয়াৰ আমঠু, জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেজপুৰ বিশ্ববিদ্যালয় চৌহদত কর্তৃপক্ষই অসমীয়াৰ আৱেগক অৱহেলা কৰি ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত নকৰাক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে তেওঁলোকৰ সৈতে জড়িত কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবী উত্থাপন কৰি আন্দোলনত নামিছে । যিহেতু ছাত্র সন্থা সদায় ছাত্ৰ-ছাত্ৰীৰ পক্ষত আৰু এখন বিশ্ববিদ্যালয় স্থাপন কৰা হয় ছাত্র-ছাত্রীসকলৰ বাবেই সেয়ে ছাত্র সমাজে কর্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰা দাবীসমূহৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ সমৰ্থন নিতান্তই থাকিব ।"
ইয়াৰ মাজতে জুবিন গাৰ্গৰ অপ্ৰত্যাশিত মৃত্যুৰ তদন্ত বিচাৰি অভিনেতা তথা ৰাইজৰ দলৰ অলক নাথে শোণিতপুৰৰ তেজপুৰ আৰক্ষীত গোচৰ ৰুজু কৰিছে । জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সন্দেহ প্ৰকাশ কৰি তেজপুৰ কছাৰী গাঁও আৰক্ষীত গোচৰ ৰুজু কৰে নাথে । তেওঁ উল্লেখ কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে । ৰাইজৰ সন্দেহ ওপজা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শ্বেখৰ গোস্বামীৰ পলাতক অৱস্থাত দেশৰ ৰাজধানীত থকাৰ পিছতো আৰক্ষীয়ে কিয় আটক কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে ।

নাথে কয়, "অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ অভিযোগসমূহ আৰু এই ঘটনা নিজে উপলব্ধি কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে সেয়া আদৰণীয় । যিহেতু অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজৰ অভিভাৱক হোৱাৰ লগতে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত আছে গতিকে তেখেতে কোনটো তদন্তকাৰী সংস্থা প্ৰয়োগ কৰিলে কি উত্তৰ পাব সেয়া ভালদৰে জানে । যদি মুখ্যমন্ত্ৰী মহোদয় এই তদন্তত নিজে সন্তুষ্ট হয় তেতিয়া হ'লে ক'বলগীয়া নাই, কাৰণ মুখ্যমন্ত্ৰীয়ে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক নিজেও যথেষ্ট ভাল পায় ।"
উল্লেখ্য যে সমগ্ৰ বিতৰ্ক আৰম্ভ হৈছিল ২১ ছেপ্টেম্বৰত । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ছাত্ৰ সমাজক বিশ্ববিদ্যালয় কৰ্তৃপক্ষ বিশেষকৈ উপাচাৰ্যই সহযোগ কৰা নাছিল । অসম চৰকাৰে ৩ দিন ধৰি ৰাজ্যিক শোক ঘোষণা কৰাৰ পিছতো তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্র-ছাত্ৰীক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিবলৈ অনুমতি নিদিয়াৰ অভিযোগ কৰিছে ছাত্ৰ সমাজে । বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে উপাচাৰ্য শম্ভু নাথ সিঙক এখন পত্ৰ প্ৰেৰণ কৰি ২২ তাৰিখৰ বিয়লি ৪ বজাৰ ভিতৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি পলমকৈ কৰা আৰু অপমানসূচক মন্তব্য কৰাৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ বাবে দাবী জনাইছিল । ইয়াৰ পিছত সোমবাৰে বিয়লি বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন আবদ্ধ কৰি উপাচাৰ্য শম্ভু নাথ সিঙক এই বিষয়ে এখন পত্ৰ প্ৰেৰণ কৰি জবাবদিহি কৰে বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে । উপাচাৰ্যক আৱদ্ধ কৰিও ৰাখে ছাত্ৰ-ছাত্ৰীসকলে ।
লগতে পঢক :জুবিনময় নেহৰুবালি; চিতাভস্ম সন্মুখত লৈ অনুৰাগীয়ে গালে মায়াবিনী

