ETV Bharat / state

কাৰোবাক জীৱন উভতাই দি আজি বাস্তৱৰ নায়ক হৈ উঠিছে ছোহেইল আৰু অভিজিত

তেজপুৰৰ ৰুদ্ৰপদৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বনভোজস্থলীত অঘটন । অসাৱধানতাৰ বাবে ব্ৰহ্মপুত্ৰত পৰা যুৱকৰ প্ৰাণ ৰক্ষা অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকৰ ।

Sonitpur Civil Defence Force volunteer
অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকৰ বাবে ৰক্ষা পৰিল যুৱকৰ প্ৰাণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 30, 2024 at 3:43 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : দুগৰাকী সাহসী যুৱক । তেওঁলোকৰ বাবে জীৱন ৰক্ষা পৰিল এজন বনভোজকাৰীৰ । যুৱক দুজনক লৈ এতিয়া চৌদিশে চৰ্চা আৰম্ভ । শোণিতপুৰ অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱক ক্ৰমে ছোহেইল আহমেদ আৰু অভিজিত শৰ্মা । ব্ৰহ্মপুত্ৰত পৰি যোৱা এজন যুৱকক উদ্ধাৰ কৰিবলৈ নিমিষতে পানীত জাঁপ মাৰিলে এই দুই স্বেচ্ছাসেৱকে । অৱশেষত স্বেচ্ছাসেৱক দুজনে যুৱকজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল ।

বনভোজস্থলীত অঘটন

অসম চৰকাৰৰ এছঅ'পি অনুসৰি ব্ৰহ্মপুত্ৰৰ পাৰত থকা বনভোজস্থলীত অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকসকলক নিয়োজিত কৰা হৈছে । আৰক্ষীৰ সহযোগিতাৰ বাবে এই পদক্ষেপ লোৱা হৈছে । এই স্বেচ্ছাসেৱকৰ বাবেই তেজপুৰত ৰক্ষা পৰিল এজন যুৱক । জানিব পৰা মতে তেজপুৰ সদৰ থানাৰ অন্তৰ্গত ৰুদ্ৰপদৰ ব্ৰহ্মপুত্ৰৰ পাৰত বনভোজ খাবলৈ যোৱা এজন যুৱকে পানীত হাত ধুবলৈ যাওতে পানীত এটকাৰ মুদ্ৰা পৰি যায় । যুৱকজনে মুদ্ৰাটো উঠাবলৈ পানীত নামি যায় । সেই সময়তে যুৱকজন ব্ৰহ্মপুত্ৰৰ পানীত পিছলি পৰে । যুৱকজনে লগে লগে চিঞৰ-বাখৰ কৰিবলৈ ধৰে ।

অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকৰ বাবে ৰক্ষা পৰিল যুৱকৰ প্ৰাণ (ETV Bharat)

অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকৰ সাহসিকতা

সেই সময়ত বনভোজস্থলীত অসম আৰক্ষীৰ সৈতে কৰ্তব্যত নিয়োজিত শোণিতপুৰ অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱক ছুহেইল আহমেদ আৰু অভিজিত শৰ্মাই ব্ৰহ্মপুত্ৰত জাঁপ দিয়ে আৰু যুৱকজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে নগাঁও জিলাৰ কলিয়াবৰৰ এছ খাকলাৰী নামৰ যুৱকজনে কোছিঙৰ বাবে তেজপুৰত আছিল আৰু দেওবাৰে বনভোজৰ বাবে ৰুদ্ৰপদলৈ গৈছিল । যুৱকজনক উদ্ধাৰৰ পিছতে তেজপুৰ নদী আৰক্ষীৰ জৰিয়তে যুৱকজনক অভিভাৱকক গতাই দিয়া বুলি জানিব পৰা গৈছে ।

Sonitpur Civil Defence Force volunteer
অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকৰ বাবে ৰক্ষা পৰিল যুৱকৰ প্ৰাণ (ETV Bharat)

অসম আৰক্ষীয়ে প্ৰশংসা কৰিলে

অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱক দুজনে সাহসিকতাৰ পৰিচয় দি যুৱকৰ প্ৰাণৰক্ষা কৰাৰ বাবে স্বেচ্ছাসেৱকদ্বয়ক শোণিতপুৰ আৰক্ষীয়ে প্ৰশংসা কৰে । শোণিতপুৰ আৰক্ষীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰে । শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে কয়,"স্বেচ্ছাসেৱকসকলক আৰক্ষীক সহযোগিতা আগবঢ়োৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে, কাৰণ বনভোজৰ ঠাইসমূহত যিকোনো ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু তেওঁলোকে সম্ভাৱ্য দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে ।"

Sonitpur Civil Defence Force volunteer
অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকৰ বাবে ৰক্ষা পৰিল যুৱকৰ প্ৰাণ (ETV Bharat)

লগতে পঢ়ক :শীতৰ সেমেকা বতৰত ভাৰত-ভূটান সীমান্তত বনভোজকাৰীৰ ভিৰ - INDO BHUTAN BORDER PICNIC SPOT