সোণাপুৰকাণ্ড : জি এম চি এইচত ভৰ্তি ১১, এজনৰ অৱস্থা সংকটজনক - Sonapur eviction incident
Tribal belt in Sonapur : সোণাপুৰত ট্ৰাইবেল বেল্টৰ ভূমিত চলা উচ্ছেদত বেদখলকাৰীৰ আক্ৰমণত ২২ জন চৰকাৰী লোক আহত ৷ ২ জন বেদখলকাৰী নিহত আৰু ১৩ জন আহত ৷ এইসকলৰ ভিতৰত জি এম চি এইচত ভৰ্তি হোৱা আহতৰ বিষয়ে সদৰী কৰিলে অধীক্ষকে ।

Published : September 13, 2024 at 4:41 PM IST
গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : সোণাপুৰৰ কচুতলিৰ ঘটনাত আহত হোৱা ১১ জন লোক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে তিনিজন আৰক্ষীৰ লোক আৰু বাকী আঠজন সাধাৰণ নাগৰিক। আনহাতে, ইয়াৰে গুলীবিদ্ধ হৈ আহত হোৱা তাফিজ আলী নামৰ ১৯ বছৰীয়া যুৱকজন বৰ্তমান ছাৰ্জাৰী কৰাৰ পাছত আই চি ইউত আছে। শুক্ৰবাৰে এই কথা সদৰী কৰে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ।
উল্লেখ্য যে সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযান চলি থকাৰ মাজতে বৃহস্পতিবাৰে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি থকা একাংশ লোকৰ ঘৰ উচ্ছেদ চলাবলৈ যাওতেই সূত্ৰপাত হয় সংঘৰ্ষৰ । এই ঘটনাত আৰক্ষীৰ গুলীত দুজনৰ মৃত্যু হোৱাৰ উপৰি বহু লোক আহত হয় ।
ইফালে, উচ্ছেদিত লোকৰ আক্ৰমণত প্ৰশাসনৰ লগতে আৰক্ষীৰো বহুকেইজন আহত হয় । বৰ্তমান জি এম চি এইচত আহত হোৱা ১১ জন লোক ভৰ্তি হৈ আছে । এই সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, "এতিয়ালৈকে সোণাপুৰৰ কচুতলিৰ ঘটনাত আঘাতপ্ৰাপ্ত ১১ জন লোক জি এম চি এইচত ভৰ্তি হৈ আছে । ছাৰ্জাৰী হোৱা তাফিক আলী বৰ্তমান আই চি ইউত আছে । আন এজন আহত সুৰমান আলীকো আই চি ইউত ৰখা হৈছে । "
অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই পুনৰ কয়," আয়েছা খাতুনক আই চি ইউত ৰখা হৈছে । সেইদৰে আহত ৰামজান আলী, জেহেৰুল আলী, মফিদুল ইছলাম, মুকটাৰ আলী, অঞ্জুল আলী আদি বাকী সকলো বৰ্তমান সুস্থিৰ অৱস্থাত আছে । সকলোকে পৰ্যবেক্ষণত ৰখা হৈছে । আনহাতে আৰক্ষীৰ লোক কেইজনৰ ভিতৰত দ্বীপেন গগৈয়ে ডিঙি আৰু বাহুত আঘাত আছে । পিঠিতো আঘাত আছে। মানসজ্যোতি চেতিয়াৰ চকুৰ তলত আঘাত আছে । আৰক্ষীৰ আনজন লোকৰো আঘাত আছে । আৰক্ষীৰ তিনিজনে বৰ্তমান সুস্থিৰ অৱস্থাত আছে। বৰ্তমান সময়ত তাফিজ আলীৰ বাহিৰে বাকী আটাইকেইজনে সুস্থিৰ অৱস্থাত আছে ।"

