ETV Bharat / state

শ্যামকানু মহন্তই বিজতৰীয়া সংস্কৃতিক আগুৱাই নিছিল: মুখ্যমন্ত্ৰী

SIT ব্যৰ্থ হ’লে CBI লৈ হস্তান্তৰ কৰা হ’ব তদন্তৰ দায়িত্ব । একাংশই জুবিন গাৰ্গক ব্যক্তিগত 'ফাইদা’ৰ বাবে ব্যৱহাৰ কৰিছিল ৷ ক'লে মুখ্যমন্ত্ৰীয়ে ৷

CM ON ZUBEEN DEATH INVESTIGATION
জুবিনৰ মৃত্যু তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 25, 2025 at 4:03 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ভেদ কৰাত এছ আই টি ব্যৰ্থ হ’লে চি বি আই তদন্ত কৰা হ’ব । বৃহস্পতিবাৰে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

এছ আই টি ব্যৰ্থ হ’লে চি বি আইলৈ হস্তান্তৰ কৰা হ’ব

জুবিনৰ মৃত্যু তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য (ETV Bharat Assam)

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “এছ আই টি ব্যৰ্থ হ’লে চি বি আইলৈ হস্তান্তৰ কৰা হ’ব ৷ আমি সকলো জুবিনৰ অনুৰাগী । আমি কিছুদিন এছ আই টিক সহযোগ কৰা উচিত । তৎক্ষণাত ন্যায় লাগিব বুলিলে আদালতত আমি বিফল হ’ম । অহা ১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব ৷ য়াটখনত থকা সকলো ব্যক্তি তদন্তৰ আওতালৈ আহিব ।” গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

আনহাতে, জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত ওলোৱা বিভিন্ন উৰাবাতৰিত ভোল নাযাবলৈ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে ৷ মুখ্যমন্ত্ৰীৰ মন্তব্য, “যিসকলে জুবিন গাৰ্গক ভাল পায়, তেওঁলোকক মোৰ অনুৰোধ— এই গোটেই ঘটনাবোৰৰ মাজত উৰাবাতৰি আৰু আন বিভিন্ন কথাৰে নিজেও বিভ্ৰান্ত হ’ব নালাগে, আনকো কৰিব নালাগে । অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক । এছ আই টি যদি ক’ৰবাত ব্যৰ্থ হয়, তেন্তে আমি চি বি আইলৈ হ’লেও পঠিয়াম । আমাৰ দষ্টিভংগী স্পষ্ট— সিদিনা কি ঘটিছিল আমি তাক বিচাৰি উলিযাম । আমি আপোচ নকৰো । আমি সকলোৱে অত্যন্ত ধৈৰ্যৰে সৈতে কিছুদিন অপেক্ষা কৰিব লাগে ৷”

আদালতক সন্তুষ্ট কৰিব পৰাকৈ এছ আই টিয়ে কাম কৰিবলৈ সময় লাগিব

জুবিন গাৰ্গৰ মৃত্যুৰ তাৎক্ষণিক ন্যায় বিচাৰি ৰাজ্যজুৰি সকলোৱে আৱেগিক হৈ দাবী জনাইছে ৷ মুখ্যমন্ত্ৰীয়ে জনায় যে আদালতে পইণ্ট-টু-পইণ্ট তথ্য-প্ৰমাণ বিচাৰিব ৷ সেয়ে তথ্য প্ৰমাণসহ সকলো এছ আই টিয়ে আদালতত জমা নিদিলে প্ৰকৃত ন্যায় পোৱাৰ সম্ভাৱনা তেনেই কম । সেয়ে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ পৰা ধৈৰ্যসহকাৰে সহযোগিতা বিচাৰিছে ।

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “পোষ্টমৰ্টেম ৰিপ'ৰ্ট আহিব, ছিংগাপুৰৰ পৰা সেই সময়ত থকা মানুহখিনিক ওভতাই আনিব লাগিব ৷ কোনোবাই যদি তাৎক্ষণিক ন্যায় বিচাৰে আমি তেনেহ’লে ফেইল হৈ যাম ৷ আদালতে আৱেগ নিবিচাৰিব ৷ আদালতে পইণ্ট-টু-পইণ্ট তথ্য-প্ৰমাণ বিচাৰিব ৷ আদালতক সন্তুষ্ট কৰিব পৰাকৈ এছ আই টিয়ে কাম কৰিব লাগিব । আমাক আপোনালোকে সহযোগিতা কৰক ।”

শ্যামকানু মহন্তৰ অনুষ্ঠান অসমীয়া সংস্কৃতিৰ লগত জড়িত নহয়

আনহাতে, শ্যামকানু মহন্ত আৰু তেওঁৰ অনুষ্ঠান প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “শ্যামকানু মহন্তৰ ৰঙালী আদি যিবিলাক অনুষ্ঠান এইবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িতই নাছিল । মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতেই ন'গৈছিলোঁ । এবাৰ জজ ফিল্ডত মই তেওঁৰ অনুষ্ঠানত গৈছিলোঁ । সোমাওঁতেই মঞ্চত গাহৰি গাহৰি বুলি চিঞৰি থকা শুনি মই উভতি আহিলোঁ । সমস্ত পলিটিকেল কেৰিয়াৰত মই এবাৰেই দিল্লীত পতা এটা অনুষ্ঠানলৈ ৮ বছৰ আগত গৈছিলোঁ । ব্যক্তিগতভাৱেও মই কোনো দিনে উৎসাহিত কৰা নাছিলোঁ ।”

একাংশই জুবিন গাৰ্গক নিজৰ ব্যক্তিগত 'ফাইদা’ৰ বাবে ব্যৱহাৰ কৰিছিল : মুখ্যমন্ত্ৰী

ছবছৰ ধৰি শ্যামকানুৰ ওপৰত চকু আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "এই ঘটনাবিলাক মোৰ ছবছৰমানৰ আগৰ পৰা মোৰ চকুত আছিল ৷ জুবিন আমাৰ ডাঙৰ সম্পদ । কিন্তু একাংশ লোকে জুবিন গাৰ্গক নিজৰ ব্যক্তিগত 'ফাইদা’ উঠাবৰ কাৰণে ব্যৱহাৰ কৰা মই দেখা পাইছিলোঁ । জুবিনক মই ব্যক্তিগতভাৱেও কৈছিলোঁ । সামাজিকভাৱেও কৈছিলোঁ । কিন্তু এটা কথা কৈছিলোঁ, জুবিনক আমি সাধাৰণ মানুহৰ লগত তুলনা কৰি উচিত নহয় ৷"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "তেওঁৰ চাৰিওফালে যিটো চাৰ্ক'ল আছিল, যিটোক লৈ মই ছবছৰ আগতেই মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ, যিটো আজি ৰাইজেও উত্থাপন কৰিছে ।"

বিজতৰীয়া সংস্কৃতিৰ বাহক শ্যামকানু মহন্ত

ইফালে শ্যামকানু মহন্তৰ অনুষ্ঠানক বিজতৰীয়া আখ্যা দি মুখ্যমন্ত্ৰীৰ মন্তব্য, “যোৱা সংসদীয় ইলেকচনত শ্যামকানু মহন্তৰ প্ৰতিটো পোষ্ট ভালদৰে পঢ়িলে দেখিব তেওঁ নৰেন্দ্ৰ মোদী আৰু আমাৰ বিৰোধিতা কৰিয়েই সামাজিক মাধ্যম চলাই গৈছে । মোৰ মোবাইলত তেওঁৰ মেছেজ ভৰি আছে ৷ মই কোনো উত্তৰো নিদিছিলোঁ । তেওঁৰ ওপৰত মোৰ দৃষ্টিভংগীও তেওঁ জানিছিল ।"

তেওঁ লগতে কয়, "সংস্কৃতিৰ নামত যিটো অপসংস্কৃতি সেইটো মই কেতিয়াও সমৰ্থন কৰা নাছিলোঁ । শ্যামকানু মহন্তৰ ৰঙালীয়েই হওক বা নৰ্থ-ইষ্ট ফেষ্টিভেলেই হওক, এইবোৰে অসমক প্ৰতিনিধিত্ব নকৰে । বিজতৰীয়া সংস্কৃতিক তেওঁ আগুৱাই লৈ গৈছিল ।"

লগতে পঢ়ক :জুবিন গাৰ্গৰ মৃত্যু: উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চি বি আই তদন্তৰ দাবীত প্ৰধানমন্ত্ৰী মোদীলৈ অজাপৰ পত্ৰ
লগতে পঢ়ক :জুবিনৰ মৃত্যুৰ পাছতো কেনেকৈ চলি থাকিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল: ৰবি শৰ্মা