ETV Bharat / state

বিশ্বমুখী যাত্ৰাৰে জিলিকি উঠা কেইগৰাকীমান অসমীয়া মহিলা

নাৰী দিৱস উপলক্ষে বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা কেইবাগৰাকীও অসমীয়া মহিলাক সামৰি এক প্ৰতিবেদন -

Assamese women shining at international level
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসমীয়া মহিলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 9:07 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী : আজি ৮ মাৰ্চ । প্ৰতিবছৰে এই দিনটোতে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় । অসমতো এই দিৱস পালন কৰি অহা হৈছে বিভিন্ন কাৰ্যসূচীৰে । অসমৰ নাৰীশক্তিক বিশ্বমুখী যাত্ৰাত আগুৱাই নিয়া মহিলাসকলক এই দিনটোতেই সন্মান জনোৱা হয় । ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিৰৱচ্ছিন্ন সাধনা আৰু অনন্য প্ৰতিভাৰে জিলিকিছে কেইবাগৰাকীও অসমীয়া মহিলা ।

টাইম আলোচনীৰ সন্মান লাভ কৰা পূৰ্ণিমা দেৱী বৰ্মন :

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসমৰ এগৰাকী অন্যতম মহিলা হৈছে জীৱবিজ্ঞানী ড৹ পূৰ্ণিমা দেৱী বৰ্মন । শেহতীয়াকৈ তেওঁক টাইম আলোচনীয়ে এই বছৰৰ 'উইমেন অৱ দ্য ইয়েৰ'ৰ সন্মান প্ৰদান কৰিছে । বিলুপ্তপ্ৰায় হাড়গিলাৰ সংৰক্ষণৰ বাবে কেৱল অসমতে নহয়, বিশ্বজুৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে পূৰ্ণিমা দেৱী বৰ্মনে ।হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰাৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনৰ 'হাড়গিলা আৰ্মী' নামৰ সংস্থা এটা আছে । তেওঁ পূৰ্বৰে পৰা পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি আহিছে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসমীয়া মহিলা (ETV Bharat Assam)

হাড়গিলা সংৰক্ষণ কামৰ লগত তেওঁ ২০০৭ পৰা জড়িত হৈ আছে । তেওঁৰ উদ্দেশ্য মূলতঃ হাড়গিলাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বিষয়ে মানুহক সজাগ কৰা । হাড়গিলা সংৰক্ষণৰ বাবে কম্বোডিয়াতো তেওঁ কাম আৰম্ভ কৰিছে । তেওঁ সকলোকে নাৰী দিৱসৰ শুভেচ্ছা জনাই আৰু প্ৰতিগৰাকী নাৰীক স্বাস্থ্যৰ যত্ন লবলৈ উল্লেখ কৰি কয়, " প্ৰতিগৰাকী নাৰীয়ে নিজৰ ওপৰত বিশ্বাস ৰাখি স্বাৱলম্বী হৈ নিজৰ লগতে দেশৰ সৰ্বাংগীন উন্নতিৰ বাবে কাম কৰি যাওক ।"

Assamese women shining at international level
বক্সিং ৰিঙৰ ৰাণী লাভলীনা বৰগোঁহাই (ETV Bharat Assam)

বক্সিং ৰিঙৰ ৰাণী লাভলীনা বৰগোঁহাই :

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকা আন গৰাকী অসম জীয়ৰী হৈছে লাভলীনা বৰগোঁহাই । ২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ যোৱা অসমৰ একমাত্ৰ খেলুৱৈ হৈছে লাভলীনা বৰগোঁহাই । টকিঅ' অলিম্পিকত লাভলীনাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল । কিন্তু পেৰিছত পদক দখলৰ মেচত পৰাস্ত হৈ নতুন ইতিহাস গঢ়িব নোৱাৰিলেও এতিয়া তেওঁ ব্যস্ত নেচনেল চেম্পিয়নশ্বিপৰ অনুশীলনত ।

লাভলীনা বৰগোঁহায়ে মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি স্বৰ্ণপদক লাভ কৰিছিল ৷ তেওঁ নাৰী দিৱসৰ শুভেচ্ছা জনাই সংবাদ মাধ্যমৰ আগত কয়, "আমি সকলোৱে শক্তিশালী হৈ নিজৰ কাৰণে যুদ্ধ কৰিলে কৰিব নোৱৰা কাম একো নাই । নিজৰ ওপৰত বিশ্বাস থকাটো ডাঙৰ কথা । আজিৰ দিনটোৰ পৰা সকলো পাহৰি সকলো কৰিব পাৰিম । আমাক বাধা দিব পৰা কোনো নাই । এই কথাটো ভাবি আগবাঢ়ি পাৰিম । মহিলাসকলে সদায় ভাবে নোৱাৰিম বুলি, কিন্তু মহিলাই মহিলাক সহযোগিতা কৰি আগবঢ়াই নিবৰ বাবে চেষ্টা কৰিলে এসময়ত মহিলা-পুৰুষৰ সমধিকাৰক লৈ প্ৰশ্ন নাথাকিব ।

তেওঁ মহিলাসকলৰ ফিটনেছৰ ওপৰত মন্তব্য় কৰি কয়, "মহিলাসকলে সাজি-কাচি ভাল পায় আৰু আজিৰ দিনটোত কইনাৰ দৰে সাজি-কাচি থাকিব লাগে । মহিলা -সকলে ফিটনেছৰ ওপৰত গুৰুত্ব দিব লাগে । যোগ, মেডিটেচন, ব্যায়ম আদি কৰিব লাগে । অহা ২১ মাৰ্চৰ নেচনেল চেম্পিয়ন আছে, মোৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব । যিয়ে জিকিব তেওঁ বিশ্বকাপলৈ যাব । তাৰ বাবে প্ৰস্তুতি কৰি আছো । বেছি সময় নাই ।"

লন বলক জনপ্ৰিয় কৰা নয়নমণি শইকীয়া :

আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ নয়নমণি শইকীয়া অসম তথা দেশৰ ক্রীড়া জগতৰ এক পৰিচিত নাম । লন বলৰ ৰাষ্ট্ৰীয় খেলুৱৈগৰাকীয়ে জয় কৰিছে কেইবাটাও পদক । যাৰ বাবে ২০২২ বৰ্ষত তেওঁক দেশৰ সন্মানীয় 'অর্জুন বঁটা'ৰে সন্মানিত কৰা হৈছে । অসমৰ নৱপ্ৰজন্মক লন বলৰ দৰে এবিধ আমাৰ ৰাজ্যত কম জনপ্ৰিয় ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰা নয়নমণি শইকীয়াই নেচনেল চেম্পিয়নশ্বিপ, ২০২৪ ৰ একক শাখাত স্বর্ণপদক লাভ কৰিছিল । একেখন প্রতিযোগিতাতে যুটীয়াভাৱে তেওঁ লাভ কৰে ৰূপৰ পদক । তদুপৰি এছিয়ান চেম্পিয়নশ্বিপ থাইলেণ্ডত গ্রুপ মহিলা শাখাত স্বর্ণপদক লাভ কৰিছিল । লায়ন্স চিটী ক্লাব ছিংগাপুৰত অনুষ্ঠিত লন বল প্রতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে । আনহাতে, একেখন খেলত চাৰিগৰাকীয়ে গ্ৰুপ মহিলা শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰে । তেওঁ ২০২৩ ত নিউজীলেণ্ডত অনুষ্ঠিত হোৱা World Champion of Champions ত কোৱাৰ্টাৰ ফাইনেলিষ্ট হৈ লন বল বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে ।

নতুন দিল্লীত অনুষ্ঠিত নৱম ৰাষ্ট্ৰীয় লন বল প্রতিযোগিতাতো অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰে নয়নমণিয়ে । নাৰী দিৱস উপলক্ষে সকলো নাৰীকে শুভেচ্ছা জনাই নয়নমণি শইকীয়াই কয়, "নাৰী দিৱস মানে নাৰীৰ জন্মদিন বুলি ভাবো । আজিৰ দিনটোত যিসকল নাৰীয়ে নাৰীৰ প্ৰাপ্যৰ বাবে যুঁজ দি আহিছে তেওঁলোকক প্ৰণাম কৰিছো ।সমাজখনৰ বাবে আৰু কিবা কৰাৰ চেষ্টা কৰিম ।"

Assamese women shining at international level
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালিকা ৰীমা দাস (ETV Bharat Assam)

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালিকা ৰীমা দাস :

অসমীয়া ছবিৰ বিশ্বমুখী যাত্ৰাত অৱদান আগবঢ়াইছে পৰিচালিকা ৰীমা দাসে । ৰীমা দাস পৰিচালিত কেইবাখনো ছবি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে । শেহতীয়াভাৱে তেওঁৰ ‘ভিলেজ ৰ'কষ্টাৰ ২' ৭৫ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইউৰোপীয় প্ৰিমিয়াৰ সম্পন্ন হয় । ছবিখন প্ৰদৰ্শন হোৱাৰ পাছতে চলচ্চিত্ৰ সমালোচক তথা দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় । নিজৰ কামেৰে ৰীমা দাসে অসমৰ সীমা অতিক্ৰমী বলীউডৰে নহয়, বিশ্বৰ চলচ্চিত্ৰ জগতৰে চিনাকী নাম হৈ পৰিছে ।

অসমীয়া চিনেমাক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ সক্ষম হোৱা ৰীমা দাসৰ নাম ২০২৪ বৰ্ষৰ অস্কাৰ একাডেমীৰ সদস্যৰ তালিকাত মনোনীত হৈছিল ৷ ২০১৭ত তেওঁৰ ছবি 'ভিলেজ ৰ'কষ্টাৰ্ছ' এ সুনাম কৰিছিল । এই ছবিখনে প্ৰায় ৮০খন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে ৪৪টা ভিন্ন শিতানত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । এই ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ স্বৰ্ণ কমল লাভ কৰিছিল । স্বৰ্ণ কমল লাভ কৰা ভিলেজ ৰকষ্টাৰ দ্বিতীয়খন অসমীয়া ভাষাৰ ছবি ।

Assamese women shining at international level
বাইকেৰে ৬৪ খন দেশ ভ্ৰমণ কৰা মীনাক্ষী দাস (ETV Bharat Assam)

বাইকেৰে ৬৪ খন দেশ ভ্ৰমণ কৰা মীনাক্ষী দাস :

এখন বাইককে সাৰথি কৰি বিশ্বৰ ৬৪ খন দেশ ভ্ৰমণ কৰি সাহকিকতাৰ পৰিচয় দিছে গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাসিন্দা বাইক ৰাইডাৰ তথা ফিটনেছ ট্ৰেইনাৰ মীনাক্ষী দাসে । ২০২৩ ৰ ১৭ ডিচেম্বৰত আৰম্ভ কৰা তেওঁৰ এই যাত্ৰা বিগত বৰ্ষৰ ২২ ডিচেম্বৰত সামৰণি পৰে । এবছৰীয়া এই যাত্ৰাত বহু ঘাট-প্ৰতিঘাট নেওচি ৬৪ খন দেশ ভ্ৰমণ কৰি সাহসিকতাৰ পৰিচয় দিলে মীনাক্ষী দাসে । মীনাক্ষী দাসে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি মুঠ ৬৪ খন দেশ ভ্ৰমণ কৰি মালয়েছিয়াত এই ভ্ৰমণৰ সামৰণি মাৰে । ফিটনেছ ট্ৰেইনাৰ তথা বাইক ৰাইডাৰ মীনাক্ষীয়ে অসমখনক বিশ্ববাসীক আগত চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰিছিল । এই অভিযানৰ পূৰ্বেও মীনাক্ষীয়ে বাইকেৰে বিভিন্ন স্থানলৈ ভ্ৰমণ কৰিছিল । এইক্ষেত্ৰত তেওঁৰ স্বামী আৰু কন্যাই সহযোগিতা আগবঢ়াই আহিছে ।

লগতে পঢ়ক:সামাজিক কৰ্মৰ লগতে নিজৰ প্ৰতিভাৰে স্বাৱলম্বী এগৰাকী মহিলা - INTERNATIONAL WOMENS DAY

আন্তৰ্জাতিক নাৰী দিৱস: এইকেইখন অসমীয়া ছবিয়ে দাঙি ধৰিছিল সমাজত নাৰীৰ গুৰুত্ব - WOMEN CENTRIC ASSAMESE FILMS