গুৱাহাটী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । প্ৰতিদিনাই পোহৰলৈ আহে হাতী-মানুহৰ সংঘাতৰ ন ন বাতৰি । কেতিয়াবা যদি বন্যহস্তীৰ জাকে ভাঙিছে আপোন ঘৰখন, আন কেতিয়াবা আকৌ হাতীৰ জাকে খাই তহিলং কৰিছে বৰ কষ্টৰে কৰা খেতিয়কৰ খতিডৰা ।
আনকি কেতিয়াবা আকৌ এই বন্যহস্তীয়ে সেই কণমানিহ’তে পঢ়া বিদ্যালয়খনো ভাঙি পেলোৱাৰ বাতৰিও পোহৰলৈ আহে । হাতী-মানুহৰ সংঘাতৰ ফলত সেই অঞ্চলৰ মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱাৰ লগতে শিশুসকলৰ শিক্ষা গ্ৰহণতো বাধা আহি পৰে ।

ৰাজ্যৰ মানুহ-হাতী সংঘাত প্ৰভাৱিত বিভিন্ন অঞ্চলত এই সংঘাত প্ৰশমনৰ কৌশলৰ অংশ হিচাপে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে লৈছে এক বিশেষ পদক্ষেপ । হাতী-মানুহৰ সংঘাতৰ বাবে শিক্ষাদান ব্যাহত হোৱা আৰু কেইবাখনো চৰকাৰী বিদ্যালয়ক এই সমস্যাৰ সৈতে মোকাবিলা কৰাত সহায় কৰিছে ।
সংশ্লিষ্ট জিলাৰ স্থানীয় প্ৰশাসন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সন্মতি সাপেক্ষে আৰু স্থানীয় সমূদায়ৰ সহযোগিতাত আৰণ্যকে ৰাজ্যৰ আঠখন বিদ্যালয়ৰ চাৰিওফালে এতিয়ালৈকে সৌৰশক্তিচালিত বেৰ স্থাপন কৰি শিক্ষাৰ্থীসকলক নিয়মীয়া শিক্ষাগ্ৰহণত সহায় কৰিছে । এই বিদ্যালয় কেইখন হৈছে -
- গোলাঘাট জিলাৰ বকিয়ালস্থিত কালীয়নি বাগান নিম্ন প্ৰাথমিক বিদ্যালয়,
- ওদালগুৰি জিলাৰ কালিখোলাৰ থালুং নিম্ন প্ৰাথমিক বিদ্যালয়,
- ওদালগুৰি জিলাৰ খৈৰাবাৰী ব্লকৰ ভূমি নিম্ন প্ৰাথমিক বিদ্যাল,
- ২ নং ভোলাটাৰ দাৰা চুবা নিম্ন প্ৰাথমিক বিদ্যালয়,
- কালিখোলাৰ সোণাজুলি গাঁৱৰ ৩৩১ নং ননকে সোণাজুলি নিম্ন প্ৰাথমিক বিদ্যালয়
- বুদলাপাৰা চাহ বাগিচাৰ তিনিআলি সংমণ্ডলৰ ২ নং নিম্ন প্ৰাথমিক বিদ্যালয় আৰু
- গোৱালপাৰা জিলাৰ কাশীবাৰী কোঁচপাৰা নিম্ন প্ৰাথমিক বিদ্যালয় ।
আৰণ্যকে ইউ এছ ফিচ্… এণ্ড ৱাইল্ডলাইফ চাৰ্ভিচেছ আৰু এছ বি আই ফাউণ্ডেশ্যনৰ সহায়ত সৌৰশক্তিচালিত বেৰ স্থাপন কৰি হাতী মানুহৰ সংঘাত প্ৰভাৱিত অঞ্চলৰ এই আঠখন বিদ্যালয়ৰ প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু শিক্ষা নিশ্চিত কৰাত উদগনি যোগাইছে ।

আৰণ্যকৰ বিষয়ববীয়া অঞ্জন বৰুৱাই টেলিফোনিকযোগে ইটিভি ভাৰতক কয়, "সাধাৰণতে বন্যহস্তীয়ে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে মজুত কৰি ৰখা চাউলৰ গোন্ধত আকৰ্ষিত হৈ বিদ্যালয়ত জোৰকৈ প্ৰৱেশ কৰাৰ প্ৰৱণতা দেখা যায় । আৰণ্যকে এনে বিদ্যালয়সমূহ বন্যহস্তীৰ পৰা ৰক্ষা কৰাৰ বাবে এছ বি আই ফাউণ্ডেশ্যনৰ সহায়ত বিদ্যালয়বোৰৰ চাৰিওফালে সৌৰ শক্তিচালিত বেৰ স্থাপন কৰিছে । সৌৰ শক্তি চালিত বেৰ স্থাপন কৰাৰ ফলত সুৰক্ষিতভাৱে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক পাঠদান কৰিব পাৰিছে ।"
এই সন্দৰ্ভত গোলাঘাট জিলাৰ কালীয়নি বাগান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপকান্ত দুৱাৰাই কয়, "হাতী মানুহৰ সংঘাত প্ৰভাৱিত গোলাঘাট জিলাৰ বকিয়ালস্থিত কালীয়নি বাগান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৯০ টিৰো অধিক কণ-কণ শিক্ষাৰ্থীৰ বাবে শিক্ষা গ্ৰহণ কৰাটো কিছুদিনৰ আগলৈকে অসম্ভৱ আছিল । আৰণ্যকে বিদ্যালয়খনৰ চাৰিওফালে স্থাপন কৰা প্ৰায় ৪০০ মিটাৰ দৈৰ্ঘৰ সৌৰ শক্তি চালিত এখন বেৰাই এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে ।"

দুৱাৰাই কয়, "আৰণ্যকে সৌৰশক্তিচালিত এই বেৰখন স্থাপন নকৰাহ’লে বিদ্যালয়খনৰ অস্তিত্বই নোহোৱা হ’লহেঁতেন । কাৰণ, দিনৰ ভাগতো শিক্ষানুষ্ঠানখনৰ চাৰিওফালে ঘূৰি ফুৰা বন্যহস্তীয়ে বিগত সময়ত কেইবাবাৰো বিদ্যালয়খনৰ ক্ষতিসাধন কৰিছিল । ২০২২ চনৰ ২৭ আগষ্টত স্থাপন কৰা সৌৰ বেৰখনে ৪৮ টি নিম্ন প্ৰাথমিক, ৩৮ টি অংগনৱাড়ী আৰু ১৫ টি প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ শিক্ষানুষ্ঠানখন সুৰক্ষিত কৰিলে ।"