ছেলুট কোৱাৰ্মী ! পদে পদে সফলতা কঢ়িওৱাই নহয়, অসমৰ বাবে আনি দিলে পদকো
বন বিভাগৰ সফল অভিযানৰ আঁৰত থকা 'কোৱাৰ্মী' কোন ? কেৱল বন বিভাগেই নহয় আৰক্ষীকো বিভিন্ন অভিযানত সহায় কৰিছে কোৱাৰ্মীয়ে । পঢ়ক কোৱাৰ্মীৰ কথা ৷

Published : March 22, 2025 at 9:08 PM IST
তেজপুৰ: জনসাধাৰণৰ সুৰক্ষাৰ বাবে সেনা বাহিনী বা সুৰক্ষা বাহিনী যিদৰে নিয়োজিত কৰা হয় সমান্তৰালভাৱে এই কঠিন কামৰ দায়িত্ব পালন কৰে সদায় আমাৰ লগত কথা পোহনীয়া কুকুৰে । এই কুকুৰ যদি বিশেষভাৱে প্রশিক্ষিত হয় তাৰ কথাই সুকীয়া । কুকুৰৰ বহুকেইটা প্ৰজাতি আছে আৰু তাৰ ভিতৰত আজি আমি ক'বলৈ বিচাৰিছো বিশেষভাৱে প্ৰশিক্ষণ দিয়া বনকৰ্মীৰ লগত খোজত খোজ মিলাই কৰ্তব্য পালন কৰা জাৰ্মান শ্বেফাৰ্ড ব্ৰীডৰ এজনী মাইকী স্নিফাৰ ড'গৰ কথা ।
স্নিফাৰ ড'গ কোৱাৰ্মী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন নৰ্ডাৰ্ণ ৰেঞ্জৰ বিশ্বনাথ ডিভিজনৰ বন প্ৰাধিকাৰী খৰ্গেশ পেগুৱে ই টিভি ভাৰতক কয়, "বিগত ২০১৬ চনত কোৱাৰ্মী নামৰ জাৰ্মান শ্বেফাৰ্ড ব্ৰীডৰ এটা মাইকী স্নিফাৰ ড'গক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰাণীৰ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ট্ৰেফিক (TRAFFIC) নামৰ সংস্থাৰ দ্বাৰা প্ৰদান কৰা হৈছিল । গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ হৈ সীমান্ত সুৰক্ষা বাহিনীয়ে পৰিচালনা কৰা মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অৱস্থিত নেশ্যনেল ট্ৰেইনিং চেণ্টাৰ ফৰ ডগছত হেণ্ডেলাৰৰ দ্বাৰা স্নিফাৰ ড'গটোক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছিল ।"

তেওঁ লগতে কয়, "আন যিকোনো স্নিফাৰ ড'গৰ দৰেই কোৱাৰ্মীকো ২০১৬ চনৰ এপ্ৰিলৰ পৰা ২০১৬ চনৰ ডিচেম্বৰলৈকে মৌলিক আজ্ঞাবহতা, নিচাযুক্ত দ্ৰব্য আৰু বিস্ফোৰক ধৰা পেলোৱা, ট্ৰেকিং, গাৰ্ড ডিউটি আৰু পেট্ৰ'লিং আদিৰ প্ৰশিক্ষণ দিয়া হৈছিল । সেই সময়ত কুকুৰটোৰ হেণ্ডেলাৰ লখিমপুৰৰ লক্ষ্মী নন্দন বৰুৱাই বন বিভাগত কেজুৱেল হিচাপে কাম কৰি আছিল । পিছত বন বিভাগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তৃতীয় অসম বন সুৰক্ষা বাহিনীত নিযুক্তি লাভ কৰি বিশ্বনাথলৈ বদলি হৈ আজিও কুকুৰটোক চম্ভালি আছে ।"
উল্লেখ্য যে, জাৰ্মান শ্বেফাৰ্ড প্ৰজাতিৰ স্নিফাৰ ড'গৰ বুদ্ধিমত্তা, শক্তিশালী ঘ্ৰাণশক্তি আৰু উৎকৃষ্ট প্ৰশিক্ষণ ক্ষমতাৰ বাবে প্ৰায়ে সুৰক্ষা প্ৰদান কৰা কুকুৰ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় । এই প্ৰজাতিটোৱে ড্ৰাগছ, বিস্ফোৰক ধৰা পেলোৱা, আনকি নিৰুদ্দেশ হোৱা লোকক বিচাৰি উলিওৱা আদি কামতো অতি দক্ষ । জাৰ্মান শ্বেফাৰ্ড নিজৰ আনুগত্য, আত্মবিশ্বাস আৰু বহুমুখিতাৰ বাবে পৰিচিত, যাৰ বাবে ই বিভিন্ন আইন প্ৰয়োগকাৰী আৰু সামৰিক ভূমিকাত আদৰ্শ কৰ্মৰত কুকুৰ । ইয়াৰ উচ্চ শক্তিৰ মাত্ৰা, প্ৰশিক্ষণযোগ্যতা আৰু সুৰক্ষামূলক প্ৰবৃত্তিও সেৱাৰ কামৰ বাবে অন্যতম জনপ্ৰিয় প্ৰজাতি বুলি বিবেচিত হৈ আহিছে ।

কোৱাৰ্মীৰ সফলতাৰ কাহিনী :
কোৱাৰ্মীৰ অভিযানৰ সফল কাহিনী বৰ্ণনা কৰিলে হেণ্ডেলাৰ লক্ষ্মী নন্দন বৰুৱাই । তেওঁ কয়, "কোৱাৰ্মীক লৈ এটা বিশেষ অভিযান চলোৱা হৈছিল ৷ কিন্তু অভিযানটোৰ বিষয়ে আমাক জানিবলৈ দিয়া হোৱা নাছিল । জামুগুৰিহাটৰ এটা বিশেষ স্থানত এটা ঘৰত তালাচী চলাবলৈ কোৱাৰ্মীক লৈ যোৱা হৈছিল । সম্পূৰ্ণ ঘৰটো প্ৰায় ৫ মিনিট তালাচী কৰাৰ পিছত মোক এটা পুখুৰীৰ ফালে লৈ গৈছিল আৰু কোৱাৰ্মীয়ে তাত কিবা থকাৰ সংকেত দিয়ে আৰু মই ছাৰক সেই বিষয়ে জানোৱাত পুখুৰীত মানুহ নমাই তালাচী চলাই । তাত এটা .৩০৩ বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।" সেয়া আছিল ২০১৭ চনৰ ডিচেম্বৰ মাহত জামুগুৰিত এজন অভিযুক্তৰ ঘৰত তালাচী চলোৱাৰ সময়ত কোৱাৰ্মীৰ সফলতা ।
আনহাতে বন প্ৰাধিকাৰী বিষয়া খৰ্গেশ পেগুৱে জনাই যে কোৱাৰ্মীৰ ধাৰাবাহিক সফল অভিযানৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ চোৰাং চিকাৰী বিৰোধী অভিযানত যথেষ্ট লাভ হৈছে । তাৰ ভিতৰত অন্যতম অভিযান আছিল ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত । বিশ্বনাথ চাৰিআলিৰ সমীপৰ বাঘমাৰীত চোৰাং চিকাৰীৰ পৰা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰাত সহায় কৰে । পৰৱৰ্তী সময়ত সেই চিকাৰীকেইটাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আন এক অভিযান আছিল ২০১৮ চনৰ জুলাইত । গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত চোৰাং চিকাৰীৰ পৰা নগদ ধন উদ্ধাৰ কৰাত তদন্তকাৰী দলটোক সহায় কৰিছিল কোৱাৰ্মীয়ে । বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত কোৱাৰ্মীৰ ভূমিকাৰ স্বীকৃতি স্বৰূপে 'TRAFFIC'ৰ দ্বাৰা পৰিচালিত বন্যপ্ৰাণী স্নিফাৰ ড'গ স্কোৱাড "Canine for felines"ৰ জুলাই ২০১৯ত সৰ্বভাৰতীয় প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে ।
বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত স্নিফাৰ ড'গ হিচাপে এতিয়াও কৰ্তব্য অব্যাহত ৰাখিছে কোৱাৰ্মীয়ে । আৰক্ষী বিভাগৰ টহল, তালাচী আদি কামতো নিয়োজিত হৈ আছে কোৱাৰ্মী । একেদৰে আৰক্ষীৰ লগতো কোৱাৰ্মীৰ কেইবাটাও সফলতাৰ কাহিনী আছে । কেতিয়াবা বিশেষ ভি ভি আই পি আৰু হেলিকপ্টাৰ অৱতৰণৰ বাবেও সুৰক্ষাৰ বাবে আগতীয়াকৈ কোৱাৰ্মীক ব্যৱহাৰ কৰা হয় । কোৱাৰ্মীক দৈনিক প্ৰশিক্ষণ দিয়া হয় । পুৱাৰ ভাগত অনুশীলন আৰু তাৰ পিছত যেতিয়াই টহলদাৰী দল বনাঞ্চললৈ যায় তেতিয়া কোৱাৰ্মীক লগত লৈ যোৱা হয় ।
লগতে পঢ়ক :গাহৰিয়ে আনিছে মুখলৈ সুখৰ হাঁহি; গাহৰি পালন কৰি ধনৰ ভঁৰাল ভৰিছে শিক্ষিত যুৱকৰ - SELF RELIANT YOUTH

