ETV Bharat / state

ৰাজ্যত এনেদৰে চলি আছে বন্যজন্তুৰ অংগৰ সৰবৰাহ

কাজিৰঙা বন বিভাগ আৰু নগাঁও আৰক্ষীয়ে অভিযান চলাই বন্যজন্তুৰ অংগসহ ৩ সৰবৰাহকাৰীক আটক কৰে ।

Wildlife organ trafficking
ৰাজ্যত চলি আছে বন্যজন্তুৰ অংগৰ সৰবৰাহ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 30, 2025 at 8:49 AM IST

2 Min Read
Choose ETV Bharat

নগাঁও : অসমত অব্যাহত আছে বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীৰ অংগৰ চোৰাং বেহা । অতি গোপনে বন্যজন্তু তথা পক্ষীৰ শৰীৰৰ অংগ সৰবৰাহৰ চক্ৰ চলাইছে দুষ্টচক্ৰই । বুধবাৰে নিশা কাজিৰঙা বন বিভাগ আৰু নগাঁও আৰক্ষীৰ এক অভিযানে বন্যজন্তুৰ অংগৰ বেহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আনে ।

জানিব পৰা মতে, বন্যজন্তুৰ অংগৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই বুধবাৰে নিশা বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল বন বিভাগ আৰু আৰক্ষী ।

ৰাজ্যত এনেদৰে চলি আছে বন্যজন্তুৰ অংগৰ সৰবৰাহ (ETV Bharat)

বন্যপ্ৰাণীৰ অংগৰ সৰবৰাহ

এটা দুষ্টচক্ৰই নিশা বিভিন্ন জন্তুৰ অংগ, হাড় আদি বিক্ৰীৰ বাবে লৈ গৈ থকা অৱস্থাতে নগাঁও আৰক্ষী আৰু কাজিৰঙা বন বিভাগে অভিযান চলায় । এই অভিযানত জালত পৰে বন্যজন্তুৰ অংগৰ বেহাত জড়িত চক্ৰটো । কাজিৰঙা বন বিভাগৰ লগতে নগাঁও আৰক্ষীয়ে মৌখিকভাৱে জানোৱা অনুসৰি, কাজিৰঙা বন বিভাগে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পৰা ৩ জনীয়া দলটোৱে পাহাৰীয়া এলেকাৰ পৰা বাঘ, হাতী আদি বন্যজন্তুৰ ছাল আৰু দাঁতৰ লগতে অন্যান্য অংগ বিক্ৰীৰ বাবে যো-জা চলোৱাৰ এক খবৰ গোপন খবৰ লাভ কৰিছিল । লগে লগে কাজিৰঙাৰ বন বিভাগৰ এটা দলে নগাঁও আৰক্ষীৰ সহযোগত অভিযান আৰম্ভ কৰে ।

সৰবৰাহকাৰী আটক

সেই অভিযানৰ মাজতে নগাঁৱৰ ননৈৰ ঘূৰঘূৰিৰ পৰা বন্যজন্তুৰ অংগসহ ৩ জনীয়া চক্ৰটোক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । ননৈৰ ঘূৰঘূৰিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু বন বিভাগে খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হ'ল ৩ সৰবৰাহকাৰীক । দুখন বাইকেৰে বন্যজন্তুৰ অংগসমূহ বিক্ৰীৰ বাবে লৈ যোৱা সময়তেই আৰক্ষী আৰু বন বিভাগৰ দলটোৱে কৰায়ত্ত কৰে বন্যজন্তুৰ অংগৰ ব্যৱসায়ত জড়িত লোক কেইজনক ।

Wildlife organ trafficking
ৰাজ্যত চলি আছে বন্যজন্তুৰ অংগৰ সৰবৰাহ (ETV Bharat)

বন্যজন্তুৰ অংগৰ ব্যৱসায়ৰ সৈতে জড়িত কাৰ্বি আংলঙৰ অমৰ হাঞ্চে, প্ৰবীণ চাংমাই আৰু নগাঁৱৰ মহিন্দ্ৰ বৰগ্ৰাঙক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো । আটক কৰা লোক তিনিজনৰ পৰা আৰক্ষী আৰু বন বিভাগৰ অভিযানকাৰী দলটোৱে বাঘৰ ছাল, দাঁতৰ উপৰিও হাতীৰ দাঁতো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে বন্যজন্তুৰ অংগ সৰবৰাহ চক্ৰটোৱে ব্যৱহাৰ কৰা বাইক দুখনৰ লগতে তিনিটাকৈ মোবাইল ফোনো আৰক্ষীয়ে জব্দ কৰে । বন্যজন্তুৰ অংগৰ ব্যৱসায়ৰ তথ্য পোহৰলৈ অহাৰ পিছতে উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল ।

লগতে পঢ়ক :অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে দায়িত্ব ল'লে হৰমীত সিঙে - DG OF ASSAM POLICE