ETV Bharat / state

আৰক্ষীৰ সোপাঢিলা নীতি, গেলাবিল কাণ্ডক লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

গেলাবিল কাণ্ডৰ মূল অভিযুক্তক ৰাজ আতিথ্য দিয়াক লৈ সৰৱ গোলাঘাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । অভিযুক্তক চাহ খুৱাই আপ্যায়ন কৰাক লৈ সমালোচনা ।

SMSS protesting against hospitality given to main accused of Gelabil incident
আদালতলৈ নিয়াৰ মুহূৰ্তত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 6, 2025 at 8:56 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ: "আশা কৰিছিলোঁ কিশোৰ ন্যায় আইনৰ অধীনত তেখেতলোকৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব । বৰপথাৰ থানাৰ গোচৰ নং 41/25 ইয়াতে ভাৰতীয় ন্যায় সংহিতাৰ চাৰিটাকৈ ধাৰা সন্নিৱিষ্ট কৰিছে । 120(2)/123/308/2)/3/5 এইকেইটা ধাৰা সন্নিৱিষ্ট কৰিয়েই দায় সামৰিলে"- এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ।

মঙলবাৰে গ্ৰেপ্তাৰ হোৱা গেলাবিল কাণ্ডৰ মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক বুধবাৰে দিনত সৰুপথাৰ আৰক্ষী থানালৈ অনা হৈছিল । ইয়াৰ পিছতেই আদালতলৈ নিয়াৰ সম্ভাৱনা । ইপিনে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগৰ ওপৰত অভিযোগ ।

অভিযুক্তক ৰাজ আতিথ্য দিয়াক লৈ সৰৱ গোলাঘাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি (ETV Bharat Assam)

গেলাবিল কাণ্ডৰ মূল অভিযুক্তসকলৰ ওপৰত ভাৰতীয় ন্যায় সংহিতাৰ কেৱল মাত্ৰ চাৰিটা ধাৰা সন্নিৱিষ্ট কৰিয়েই যেন দায়িত্ব সামৰিছে গোলাঘাট আৰক্ষীয়ে । ইয়াৰোপৰি নাবালকক অমানৱীয় অত্যাচাৰ কৰা মূল অভিযুক্তসকলৰ ওপৰত কিশোৰ ন্যায় আইনৰ অধীনত অথবা হত্যাৰ অপচেষ্টাৰ কোনো গোচৰ-ধাৰা সন্নিৱিষ্ট কৰা নাই বুলিও প্ৰশ্ন কৰিছে গোলাঘাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে ।

গোলাঘাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে এই সন্দৰ্ভত কয়, "গোলাঘাট জিলাত যি নাৰকীয় কাণ্ড সংঘটিত হৈছিল, এই কাণ্ডৰ মূল দুই অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । কিন্তু আমি দেখিছোঁ যে গোলাঘাট আৰক্ষী থানাত তেওঁলোকক ৰাজ আতিথ্য প্ৰদান কৰা হৈছে । চীনামাটিৰ কাপত চাহ খাবলৈ দিয়া হৈছে, বেকাৰীৰ পৰা বিস্কুট নি খাবলৈ দিয়া হৈছে । গোলাঘাট আৰক্ষী প্ৰশাসন যে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰভাৱত প্ৰভাৱান্বিত সেয়া স্পষ্টকৈ প্ৰতিফলিত হৈছে ।"

SMSS protesting against hospitality given to main accused of Gelabil incident
ৰাজ আতিথ্য দিয়াক লৈ চলিছিল চৰ্চা (ETV Bharat Assam)

কি গোচৰ ৰুজু হৈছে

গোচৰ ৰুজু হোৱাৰ সম্পৰ্কত ছাত্ৰ নেতাজনে কয়, "বৰপথাৰ থানাৰ গোচৰ নং 41/25 ইয়াতে ভাৰতীয় ন্যায় সংহিতাৰ চাৰিটাকৈ ধাৰা সন্নিৱিষ্ট কৰিছে । 120(2)/123/308/2)/3/5 এই কেইটা ধাৰা সন্নিৱিষ্ট কৰিছে । এতিয়া প্ৰশ্ন হৈছে দুজন নাবালকক অমানৱীয়ভাৱে অত্যাচাৰ চলোৱা হৈছিলে । গৰম পানী ঢালি দিয়া হৈছিলে, নিমখ সনা হৈছিল, ভোট জলকীয়া লগাই দিয়া হৈছিলে ।"

তেওঁ লগতে কয়, "তাৰ পিছত আমি আশা কৰিছিলোঁ কিশোৰ ন্যায় আইনৰ অধীনত তেখেতলোকৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব । কিন্তু বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ হোৱাৰ বাবেই তিনিওজনৰ ওপৰত ভাৰতীয় ন্যায় সংহিতাৰ চাৰিটা ধাৰা সন্নিৱিষ্ট কৰিয়েই দায় সাৰিব বিচাৰিছে । আমি আইনজ্ঞ, অধিবক্তাসকলৰ লগত কথা পাতিছিলোঁ যে এই চাৰিটা ধাৰাত তেওঁলোকে খুব সোনকালে মুকলি আকাশৰ তললৈ ওলাই আহিব ।"

ছাত্ৰ মুক্তি, কৃষক মুক্তিৰ দাবী

তেখেতে কয়, "আমি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী জনাইছো যে, নাবালকক অমানৱীয় অত্যাচাৰ কৰা মূল অভিযুক্তসকলৰ ওপৰত কিয় juvenile justice Act. ৰ অধীনত অথবা Attempt to murder ৰ কোনো গোচৰ-ধাৰা সন্নিৱিষ্ট কৰিব পৰা নাই । গোলাঘাট আৰক্ষী কিয় এজন বিধায়কৰ প্ৰভাৱত প্ৰভাৱিত হৈ আছে ? কিয় তেওঁলোকে এই অপৰাধীকেইজনক নিৰাপত্তা প্ৰদান কৰি আছে ?

SMSS protesting against hospitality given to main accused of Gelabil incident
আদালতলৈ নিয়াৰ মুহূৰ্তত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন কৰি তেওঁ কয়, "যি দুজন নাবালকৰ ওপৰত অমানৱীয়, নৃশংসভাৱে, নাৰকীয়ভাৱে অত্যাচাৰ চলোৱা অপৰাধীৰ বিৰুদ্ধে কিয় কিশোৰ ন্যায় আইনৰ অধীনত ধাৰা সন্নিৱিষ্ট নহ’ব ? কিয় হত্যাৰ অপচেষ্টাৰ কোনো ধাৰা সন্নিৱিষ্ট নহ’ব ?"

উল্লেখযোগ্য যে, গেলাবিলৰ মৰেল পুলিচিঙৰ কাণ্ডৰ মূল অভিযুক্তক আৰক্ষীৰ ৰাজ আতিথ্য দিয়াৰ অভিযোগ উত্থাপিত হৈছে । মঙলবাৰে নিশা থানাৰ ভিতৰত অভিযুক্তক চাহ খুৱাই আপ্যায়ন কৰা ভিডিঅ'ই সমগ্ৰ সামাজিক মাধ্যমতেই বিতৰ্কৰ সৃষ্টি কৰিছে ।

সৰুপথাৰৰ গেলাবিলত নাও চুৰৰ অভিযোগ তুলি দুজন নাবালকৰ ওপৰত চলাইছিল অমানৱীয় অত্যাচাৰ । দুই কিশোৰক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি গাত গৰম পানী ঢালি দিয়াৰ লগতে জলকীয়া আৰু নিমখ লগাই অমানুষিক অত্যাচাৰ চলাইছিল । এই ঘটনাৰ মূল অভিযুক্ত ক্ৰমে ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক বুধবাৰে নিশা গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানাৰ ভিতৰত চাহ খুৱাই আপ্যায়ন কৰাৰ দৃশ্য দেখি সকলোৱে আশ্বৰ্য প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক: অৱশেষত আৰক্ষীৰ জালত গেলাবিল কাণ্ডৰ পলাতক দুই অভিযুক্ত - GELABIL MORAL POLICING

আৰক্ষীৰ জালত মৰেল পুলিচিঙৰ ঘটনাৰ আন এক অভিযুক্ত, পুনৰ চিকিৎসাধীন ভুক্তভোগী - GELABIL MORAL POLICING