ETV Bharat / state

পলিটেকনিকৰ প্ৰবক্তাক অব্যাহতি: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - POLYTECHNIC LECTURERS ISSUE

চৰকাৰে অস্থায়ীভাৱে নিযুক্ত অংশকালীন প্ৰবক্তাসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যৰ বিৰোধিতাৰে সৰুপথাৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

SMSS Protest
গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 8:07 PM IST

2 Min Read

সৰুপথাৰ: পলিটেকনিকসমূহত পূৰ্বে অস্থায়ীভাৱে নিযুক্ত অংশকালীন প্ৰবক্তাসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যৰ বিৰোধিতা আৰু চাকৰি নিয়মীয়াকৰণক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে । তাৰ অংশ হিচাপে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে গোলাঘাটত প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সৰুপথাৰ সমজিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।

পলিটেকনিকৰ প্ৰবক্তাক অব্যাহতি

গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (ETV Bharat)

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্মাৰক পত্ৰত উল্লেখ কৰিছে, "প্রায় ৩০ দিন ধৰি পলিটেকনিকৰ প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । এখন দেশৰ ভৱিষ্যৎ বুলিলে প্রথমে সেই দেশখনৰ নৱপ্ৰজন্মৰ কথাকেই ক'ব লাগিব আৰু সেই প্রতিজন নৱ প্রজন্মক দেশৰ ভৱিষ্যতৰ সু-নাগৰিক তথা মানৱ সম্পদ হিচাপে গঢ় দিয়ে একো একোজন শিক্ষকে ৷ আজি ৰাজপথত নিজৰ অসুৰক্ষিত ভৱিষ্যতৰ সমস্যাক লৈ আন্দোলন কৰিবলগীয়া হোৱাটো অতিকৈ লজ্জাজনক বিষয় । পলিটেকনিকৰ শিক্ষকসকলৰ সৈতে কৰা অন্যায়ে প্রমাণ কৰে যে এই চৰকাৰখন সৰ্বসাধাৰণ জনতা, ছাত্র-ছাত্রী, শিক্ষক আৰু শিক্ষাখণ্ডৰ প্রতি কিমান দায়িত্বশীল ।"

SMSS Protest
গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (ETV Bharat)

গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃতাধীন চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত শিক্ষা বিভাগে নাভূত-নাশ্ৰুত ঘটনা সংঘটিত কৰিছে । পলিটেকনিকৰ ৬৪ গৰাকী অধ্যাপকক তেওঁলোকে অব্যাহতি দিছে । AESRBৰ নিয়ম অনুসৰি এখন মহাবিদ্যালয়ৰ Affiliationৰ বাবে ৯০ শতাংশ স্থায়ী শিক্ষকৰ প্ৰয়োজন কিন্তু আজি পর্যন্ত সম্পূর্ণ ঠিকাভিত্তিক শিক্ষকেৰে AESRBৰ নীতি ভংগ কৰি পলিটেকনিক কলেজ চলি আছে । তেওঁলোকে বে-আইনীভাৱে AESRBৰ নিয়ম উলংঘা কৰিছে । বৰ্তমানৰ অধ্যাপকসকলক অব্যাহতি দি অৱসৰপ্ৰাপ্ত অধ্যাপকক নি পাঠদান কৰোৱাৰ কথা কৈছে ।"

SMSS Protest
সমজিলাৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ (ETV Bharat)

শিক্ষানুষ্ঠানৰ পয়ালগা অৱস্থা

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে লগতে কয়, "কেন্দ্ৰীয় চৰকাৰৰ এক তথ্য অনুসৰি অসমত বৰ্তমানে ৩,৩৬১ খন চৰকাৰী বিদ্যালয় এজনীয়া শিক্ষকেৰে চলিছে, ৰাজ্যৰ ২১.৭ শতাংশ বিদ্যালয়ত খোৱাপানী নাই, ১৭.৪ শতাংশ বিদ্যালয়ত শৌচালয়-প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা নাই, ২৭.৪ শতাংশ বিদ্যালয়ত পুথিভঁৰাল নাই, ৯১.৪ শতাংশ বিদ্যালয়ত আজিও কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা নাই ।"

প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে পলিটেকনিকৰ অধ্যাপকক পুনৰ স্থায়ী নিযুক্তি দিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায় ।

লগতে পঢ়ক :চিকিৎসালয় সুৰক্ষা সমিতিৰ প্ৰতিবাদত সেও মানিলে চৰকাৰে - MUKUNDA KAKATI CIVIL HOSPITAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.