প্লাষ্টিকৰ বেনাৰত নহয়, এইবাৰ বাঁহৰ চুঙাত পৰিৱেশ ৰক্ষাৰ শ্ল'গান - World Tourism Day 2024
Kaziranga National Park: প্লাষ্টিকৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে চৰকাৰে । কিন্তু হাতে-কামেহে যেন হৈ উঠা নাই । পিচে কাজিৰঙাৰ এজন যুৱকে প্লাষ্টিকৰ বিৰুদ্ধে গঢ়ি তুলিলে এক বিপ্লৱ । বাঁহৰ চুঙাত লিখিলে পৰিৱেশ সজাগতামূলক শ্ল'গান ।

Published : September 27, 2024 at 9:03 PM IST
কাজিৰঙা,২৭ ছেপ্টেম্বৰ: বিশ্ব পৰিৱেশ দিৱসৰ দিনাই কাজিৰঙাত অভিনৱ পদক্ষেপ । প্লাষ্টিকমুক্ত কাজিৰঙা গঢ়ি তোলাৰ উদ্দেশ্যৰে এজন যুৱকে গ্ৰহণ কৰে ব্যতিক্ৰমী পদক্ষেপ । বাঁহৰ চুঙাত এভইড প্লাষ্টিক, ছেভ কাজিৰঙা, ছেভ এনভাইৰনমেণ্ট আদি লিখি কাজিৰঙাৰ বিভিন্ন স্থানত প্ৰাকৃতিক বেনাৰ আঁৰিলে চন্দন নাথে । সাধাৰণতে প্লাষ্টিকৰ ফ্লেক্স জাতীয় বেনাৰত ছেভ নেচাৰ, এভইড প্লাষ্টিক লিখি সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
কিন্তু কেইমাহমানৰ ভিতৰতে এই চেভ নেচাৰ লিখা ফ্লেক্সখন মাটিত পৰি পুনৰ পৰিৱেশ বিনষ্ট কৰে । কিন্তু বাঁহৰ এই বেনাৰ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হৈছে আৰু মাটিত পৰি গ'লেও পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে । কাজিৰঙাৰ পাৰিপাৰ্শ্বিকতা বৰ্তাই ৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে প্ৰতি বছৰে কাজিৰঙাৰ বিভিন্ন ৰাজহুৱা স্থানত প্ৰাকৃতিক বেনাৰত এভইড প্লাষ্টিক, ছেভ কাজিৰঙা, ছেভ এনভাইৰনমেণ্ট আদি লিখি ঠায়ে ঠায়ে আঁৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে চন্দন নাথ নামৰ যুৱকজনে ।
বৰ্তমান যুগত প্লাষ্টিকৰ ব্যৱহাৰে মাটি-পানী দূষিত কৰি পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰাৰ উপৰিও জীৱকূলৰ বাবেও বিপদ মাতি আনিছে । গতিকে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিকল্প ব্যৱহাৰৰ লগতে ইয়াৰ ভয়াৱহতাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটা কাজিৰঙাৰ বিভিন্ন স্থানত এনেদৰে সজাগতামুলক বেনাৰ আঁৰি দিয়া হয় আৰু এনেদৰে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে সজাগতাৰ ক্ষুদ্ৰ চেষ্টা কৰিছে চন্দন নাথে ।
আনহাতে, কাজিৰঙাৰ পৰিৱেশ ৰক্ষা, প্লাষ্টিক বৰ্জন আৰু প্লাষ্টিকৰ বিকল্প হিচাপে অসমৰ বাঁহৰ চুঙাক নতুনত্ব প্ৰদান কৰি কাজিৰঙা বেম্ব' বটল নামকৰণেৰে যোৱা কেইবাবছৰ ধৰি দেশী-বিদেশী পৰ্যটকক যোগান ধৰি আহিছে । বাহঁৰ চুঙাত পানী খাই পৰ্যটকে অন্য এক তৃপ্তি লাভ কৰে আৰু দেশী বিদেশী পৰ্যটকে কাজিৰঙাৰ পৰা স্মৃতি হিচাপে হাতে হাতে লৈ য়ায় কাজিৰঙা বেম্ব' বটল ।
আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনেট ইয়ান জাষ্টাৰবাড, হিন্দী চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰাণা, মন্ত্রী কেশৱ মহন্ত, মন্ত্ৰী অতুল বৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, অৰণ্য মানৱ যাদৱ পায়েং, অসম গৌৰৱ ধৰণীধৰ বড়ো আদিকে ধৰি বহুতে বাঁহৰ চুঙা লোৱাৰ উপৰিও এই ক্ষুদ্ৰ চেষ্টাত উৎসাহজনক মন্তব্য কৰি গৈছে ।

