ETV Bharat / state

কোনে খালে আঁচনিৰ টকা ? সুবিচাৰৰ দাবীত ৰাজপথলৈ আহিল শ শ ৰাইজ - Scam in Government schemes

Protest Against Panchayat Scam : দুৰ্নীতিৰ বোকাত লুতুৰি-পুতুৰি হোৱাৰ অভিযোগ তিনিচুকীয়াৰ কাকজান গাঁও পঞ্চায়তৰ বিৰুদ্ধে । চৰকাৰী আঁচনি ৰূপায়ন নকৰাকৈয়ে একাংশই আত্মসাৎ কৰিলে টকা ! এই অভিযোগ স্থানীয় ৰাইজৰ ৷ কিন্তু কোনে-কেনেকৈ কাকজান গাঁও পঞ্চায়তত সংঘটিত কৰিলে দুৰ্নীতি তথা অনিয়ম ?

Protest Against Panchayat Scam
দুৰ্নীতিৰে লুতুৰি-পুতুৰি হোৱাৰ অভিযোগ তিনিচুকীয়াৰ কাকজান গাঁও পঞ্চায়তৰ বিৰুদ্ধে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 12, 2024 at 10:51 AM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ১২ ছেপ্টেম্বৰ : আকৌ দুৰ্নীতিৰ প্ৰসংগ ৷ এইবাৰৰ স্থান তিনিচুকীয়া ৷ অভিযোগ অনুসৰি, দুৰ্নীতিত পোত গৈছে তিনিচুকীয়া জিলাৰ কাকজান গাঁও পঞ্চায়তটো ৷ যাৰ বাবে বুধবাৰে স্থানীয় শ শ লোক কাকজান গাঁও পঞ্চায়তলৈ ওলাই আহি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷

দুৰ্নীতিৰে লুতুৰি-পুতুৰি হোৱাৰ অভিযোগ তিনিচুকীয়াৰ কাকজান গাঁও পঞ্চায়তৰ বিৰুদ্ধে (ETV Bharat Assam)

ঘটনা অনুসৰি, তিনিচুকীয়া জিলাৰ কাকজান গাঁও পঞ্চায়তত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰি কাকজান যুৱক সংঘই জিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল । তাৰ পাচতে বুধবাৰে তিনিচুকীয়া জিলা পৰিষদৰ অতিৰিক্ত কাৰ্যবাহী সদস্য অসীম শৰ্মাই কাকপথাৰ আঞ্চলিক পঞ্চায়তে নিৰ্মাণ কৰা দুটাকৈ আঁ‌চনি পৰিদৰ্শন কৰে ৷ আঁ‌চনি পৰিদৰ্শন কৰি অতিৰিক্ত কাৰ্যবাহী সদস্য অসীম শৰ্মাই পঞ্চায়তত অনিয়ম হোৱাৰ কথা ৰাজহুৱাকৈ স্বীকাৰ কৰে ।

৬ লাখ টকাৰে নিৰ্মাণ কৰা উক্ত পথছোৱাত মাত্ৰ ৪ গাড়ী শিল (চেন গেভেল) পেলাই ধন উলিয়াই নিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ঠিকাদাৰৰ বিৰুদ্ধে । সমান্তৰালভাৱে কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ পৰা প্ৰায় ৫ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া বজাৰ গৃহ কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰূপাঞ্জলী মৰাণে চৰকাৰী মাটিত নিৰ্মাণ নকৰি পদবীৰ শক্তি ব্যৱহাৰ কৰি নিজা মাটিত নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল যোৰহাটৰ ঔষধ পৰিদৰ্শক - Drugs inspector arrested

এইক্ষেত্ৰত চৰকাৰী মাটি নোপোৱাৰ বাবেই নিজা মাটিত নিৰ্মাণ কৰা বুলি ৰূপাঞ্জলী মৰাণে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ ইফালে কাকজান গাঁ‌ও পঞ্চায়তৰ সভাপতি ঋতু তাঁতীয়ে এই সমগ্ৰ ঘটনাত তৃতীয় পক্ষ জড়িত হৈ সমগ্ৰ বিষয়টো ৰাজনীতিৰ মেৰপাকলৈ সুমুৱাই নিয়া বুলি অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : ডুমডুমাত লাট মণ্ডলক গ্ৰেপ্তাৰ : ৰাজহ চক্ৰ বিষয়াই ধন বিচৰাৰ অভিযোগ - Assam Anti Corruption Mission

আনহাতে, কেৱল কাকপথাৰ আঞ্চলিক পঞ্চায়ততেই নহয় কাকজান গাঁও পঞ্চায়ততো ব্যাপক দুৰ্নীতি হোৱা অভিযোগ উত্থাপন কৰে স্থানীয় যুৱক সংঘই । যুৱক সংঘৰ নেতৃত্বই সদৰী কৰা অনুসৰি দেওবৰীয়া বজাৰস্থলীত এটা শৌচালয় নিৰ্মাণ নকৰাকৈ টকা আত্মসাত কৰা, এটা সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণৰ নামত নিৰ্মাণ নকৰাকৈ টকা উলিয়াই নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে ।

গতিকে যিসমূহ নিৰ্মাণ নকৰাকৈ টকা আত্মসাত কৰিছে সেইসমূহ যাতে সোনকালে নিৰ্মাণৰ ব্যাৱস্থা কৰে, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় । সমান্তৰালভাৱে এইক্ষেত্ৰত জড়িত থকা সকলো লোককে উচিত তদন্ত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : উপঢৌকন লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত কাৰ্যবাহী অভিযন্তা