ETV Bharat / state

12 জুলাইৰ পৰা অনশন কাৰ্যসূচী ঘোষণা ডিমা হাছাও জিলাৰ ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ - Sixth Schedule Suraksha Samiti

Sixth Schedule : ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ সদস্য ডেনিয়েল লাংথাচাই 12 জুলাইৰ পৰা হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে ৷ ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱিত 125 সংখ্যক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ডিমা হাছাও জিলাৰ ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিয়ে এই কাৰ্যসূচী ঘোষণা কৰিছে ৷

SIXTH SCHEDULE SURAKSHA SAMITI
অনশন কাৰ্যসূচী ঘোষণা ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : July 10, 2024 at 10:03 PM IST

2 Min Read
Choose ETV Bharat

হাফলং, 10 জুলাই : ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱিত 125 সংখ্যক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ডিমা হাছাও জিলাৰ ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিয়ে 12 জুলাইৰ পৰা অনশনত বহাৰ কথা ঘোষণা কৰিছে ৷ আজি এক সংবাদমেল সম্বোধন কৰি ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ সদস্য ডেনিয়েল লাংথাচাই 12 জুলাইৰ পৰা হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে ৷ এই কাৰ্যসূচী কিমান দিনলৈ চলিব সেয়া 12 জুলাই অনশনত বহাৰ পিচত ঘোষণা কৰা হ’ব বুলি কয় তেওঁ ৷

ডিমা হাছাও জিলাৰ ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ সংবাদমেল (ETV BHARAT ASSAM)

সংবাদমেলত ডেনিয়েল লাংথচাই কয় যে, 30 মাৰ্চ আৰু 27 মে’ত তেওঁলোকে চাৰি দফীয়া দাবী সম্বলিত দুখন পৃথক স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষক প্ৰদান কৰিছিল ৷ কিন্তু এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা এই স্মাৰক পত্ৰৰ কোনো সঁহাৰি অহা নাই বুলি জানিবলৈ দিয়ে তেওঁ ৷ স্মাৰক পত্ৰত ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ তৰফৰ পৰা ষষ্ঠ অনুসূচীক সুৰক্ষা প্ৰদান কৰা সন্দৰ্ভত অনুৰোধ জনোৱা হৈছিল বুলি কয় তেওঁ ৷

তেওঁ কয় যে, ষষ্ঠ অনুসূচীৰ 125 সংখ্যক সংশোধনী বিধেয়ক সংসদত উত্থাপন কৰা হৈছে ৷ এই বিধেয়ক আইনত পৰিণত হ’লে ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস হ’ব ৷ এতিয়া ত্ৰিপুৰাৰ তিপ্ৰা মথাৰ নেতা প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মাই এই ষষ্ঠ অনুসূচীৰ 125 সংখ্যক সংশোধনী বিধেয়কক লৈ সৰৱ হৈছে যদিও তেওঁলোকৰ ষষ্ঠ অনুসূচী আৰু ডিমা হাছাও জিলাৰ ষষ্ঠ অনুসূচী পৃথক বুলি মন্ত্যব কৰি ডেনিয়েল লাংথাচাই এক্স হেণ্ডেলত প্ৰদ্যুৎ মাণিক্য দেৱবাৰ্মাৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰা বুলি জানিবলৈ দিয়ে ৷

প্ৰদ্যুৎ মাণিক্য দেৱবাৰ্মাই ইতিমধ্যে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত সকলোক বিষয়টো জনোৱাৰ পিচত একমাত্ৰ মেঘালয়ৰ পৰা সঁহাৰি পোৱা বুলি জানিবলৈ দিয়ে বুলি কয় ডেনিয়েল লাংথাছাই ৷ ডেনিয়েল লাংথাচাই প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মাক তেওঁলোকক বৈঠকলৈ আহ্বান কৰিলে ডিমা হাছাও জিলাৰ বে-চৰকাৰী সংস্থা আৰু ছাত্ৰ সংগঠনসমূহে বৈঠকত যোগ দিয়াৰ বাবে প্ৰস্তুত আছে বুলি জানিবলৈ দিয়াৰ কথা উল্লেখ কৰে ৷ আজিৰ সংবাদমেলত ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিৰ সদস্য দিপালী হাপীলা আৰু সুৰজ নাইডিং উপস্থিত থাকে ৷

লগতে পঢ়ক : ষষ্ঠ অনুসূচীৰ ১২৫ সংখ্যক সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছৰ - Amendment Bill of Sixth Schedule